নগাঁওঃ  নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আৰু আজমল ফাউণ্ডেচনৰ অন্তৰ্গত আজমল আইন মহাবিদ্যালয়ৰ সহযোগত হোজাই ধনুহাৰ বস্তি মাধ্যমিক বিদ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে এখন বিশাল আইনী সজাগতা সভা অনুষ্ঠিত কৰা হয় । মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীৰ দ্বাৰা জাতীয় সংগীত পৰিৱেশনেৰে শুভাৰম্ভ হোবা সজাগতা সভাখনিৰ সঞ্চালনা কৰে জিলা ন্যায় সেৱা প্ৰাধিকাৰী নগাঁৱৰ সম্পাদিকা প্ৰনিতা মৰাঙে। 

আজমল আইন মহাবিদ্যালয়ৰ অধ্যক্ষ আক্ৰাচ আলিয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত "সমাজৰ নিস্পেষিত, নিৰ্যাতিত তথা দৰিদ্ৰ লোক সকলে কেনেদৰে বিনামূলীয়া আইন সাহাৰ্য্য লাভ কৰি ন্যায় পাব পাৰে তথা অসম ভূক্তভোগী ক্ষতিপূৰণ আচঁনি ২০১২ ৰ আধাৰত গোচৰীয়া ভূক্তভোগী সকলে শাৰিৰীক আৰু মানসিক সকাহৰ লগতে পুন:সংস্থাপনৰ বাবে আৰ্থিক ক্ষতিপূৰণ কিদৰে লাভ কৰিব পাৰে তাৰ এটি বিস্তৃত ব্যাখ্যা দাঙি ধৰে ন্যায় সেৱা প্ৰাধিকাৰী নগাঁৱৰ সম্পাদিকা প্ৰনিতা মৰাঙে। 

"ৰাইজৰ সহযোগত সমাজৰ পৰা অপৰাধ নিৰ্মুল কৰাই আইন সেৱা প্ৰাধিকাৰীৰ প্ৰধান আৰু মূল উদ্দেশ্য" বুলি উল্লেখ কৰি তেওঁ লগতে অন্যান্য আইনৰ বিভিন্ন ধাৰা সমূহৰ ক্ষেত্রত কি কি সুবিধা দৰিদ্ৰ লোক সকলে কেনেকৈ বিনামুলীয়াকৈ লাভ কৰিব পাৰে সেই বিষয়েও বিস্তৃত ব্যাখ্যা আগবঢ়ায়। সভাত সমল ব্যক্তি হিচাপে উপস্থিত থকা ন্যায় সেৱা প্ৰাধিকাৰীৰ পেনেল অধিবক্তা ৰূপালী গোস্বামীয়ে সমাজত বৰ্তমানে ভয়াবহ ৰূপ ধাৰন কৰা গাৰ্হস্থ্য হিংসা আইন,বাল্য বিবাহ নিষিদ্ধ আইন আৰু শিশু শ্ৰমিক নিবাৰন আইন সম্পৰ্কে ব্যাখ্যা আগবঢ়াই। প্ৰায় দুই শতাধিক স্থানীয় ৰাইজৰ লগতে মহাবিদ্যালয়ৰ আইনৰ ছাত্র-ছাত্রী উপস্থিত থকা সভাখনিত হোজাই জিলাৰ মহকুমা ন্যায়িক দণ্ডাধীশ চিন্ময় বৰুৱা উপস্থিত থাকি আইনৰ বহুকেইটা ধাৰাৰ ওপৰত ব্যাখ্যা আগবঢ়োৱাৰ লগতে সমাজৰ পৰা কেনেদৰে অপৰাধ ৰোধ কৰিব পাৰি সেই বিষয়েও উল্লেখ কৰে। 

আজমল আইন মহাবিদ্যালয়ৰ প্ৰৱক্তা ছফিউল আহমেদে আঁত ধৰা সভাখনিত আজমল ফাউণ্ডেচনৰ প্ৰৱন্ধক আজাদ আলি, প্ৰৱক্তা ক্ৰমে বিদিশা গগৈ,অৰ্পিতা দাস,চালমা ইয়াছমিন,দিষ্ঠিমা গগৈ আদিয়ে শিক্ষাৰ অধিকাৰ আইন, শিশু শ্ৰমিক নিবাৰণ আইনৰ ওপৰত এক সাৱলীল ব্যাখ্যা আগবঢ়ায়। শেষত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে সজাগতা সভাখনিৰ সামৰনি পেলোৱা হয়।