ডিব্ৰুগড়ঃ অসমীয়াই আকৌ সংগ্ৰাম কৰিব লগা হৈছে৷ সেয়া আছিল অসম আন্দোলন৷ স্বাধীনতাৰ পূৰ্বে, ১৯৭১ চনৰ পাকিস্তানৰ সৈতে থকা বাংলাদেশৰ পৰা আৰু ১৯৭১ চনৰ পিছত লাখ লাখ বাংলাদেশৰ নাগৰিক আহি অসম ভৰি পৰিল৷ অসমীয়া জাতি সংখ্যালঘুত পৰিণত হোৱাৰ ভয়ত অসমীয়া ডেকাই অসম আন্দোলন কৰিছিল৷ 

অসম আন্দোলনৰ পৰিণতিত অসমৰ পৰা বিদেশী খেদাৰ যোজা কৰিবৰ বাবে চুক্তি কৰা হ’ল৷ এই চুক্তি কৰাৰ সুদীৰ্ঘ সময় পাৰ হোৱাৰ পিছতো চুক্তিৰ দফা কাৰ্যকৰী নহ’ল৷ সুদীৰ্ঘ ৩৫টা বছৰৰ মূৰকত এখন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী তৈয়াৰ কৰি অসমৰ পৰা বিদেশী বহিষ্কাৰ কৰিবৰ বাবে যোজা কৰা হৈছিল৷ কিন্তু হ’ব কি৷ পুনৰ দিল্লীৰ চৰকাৰে নাগৰিকত্ব আইন সংশোধন কৰি অসমলৈ বাংলাদেশৰ পৰা মানুহ আনি বহাব খোজে৷ দিল্লীৰ চৰকাৰে অসমীয়া জাতিক নিঃশেষ কৰিব খোজে৷ দিল্লীয়ে বিচাৰে অসমত এখন অসমীয়াৰ বীৰত্ব নথকা চৰকাৰ থাকক৷ দিল্লীয়ে বিচাৰে অসমীয়া জাতিয়ে দুৰ্বল হওক৷ তেতিয়াহে অসমৰ সম্পদৰ অধিকাৰ দিল্লীৰ হাতত থাকিব৷ অসমৰ পৰা বিদেশী খেদিবৰ বাবে যোজা কৰাৰ সময়তে অসমত জন্ম হ’ল বহু বদন বৰফুকন ৷ 

অসমৰ প্ৰধান জাতীয় সংগঠনৰ পূৰ্বৰ নেতাকেইজনেই এতিয়া বদন বৰফুকন হৈ পৰিল বুলি আমি অনুভৱ কৰিছো৷ আছু, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, অসম সাহিত্য সভা আদিৰ পৰা গৈ নেতা হোৱাসকল এতিয়াৰ বদন বৰফুকন৷ শেহতীয়া অসমৰ পৰিস্থিতি আৰু সন্দেহজনক লোকৰ দপদপনিয়ে এটা কথাই প্ৰমাণ কৰিছে যে আছু, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, অসম সাহিত্য সভা আদিৰ পৰা গৈ কিবা কাৰণত দুৰ্বল হ’ব লগা হৈছে এইসকলৰ নেতা বিষয়ে সমগ্ৰ ৰাজ্যত চৰ্চা হৈছে৷ অসমৰ এইসকল নেতাৰ দেহত মানৰ সময়ৰ, আহোম-মোগলৰ সময়ৰ আৰু ৮৫৫ গৰাকী অসমীয়া শ্বহীদৰ তেজৰ সম্পৰ্ক নােহোৱা হৈছে বুলিও প্ৰশ্ন উঠিছে৷ 

তাহানিৰ অসমীয়াই বীৰত্বৰে যুঁজি অসম ৰক্ষা কৰাৰ দৰে এতিয়াৰ নেতাসকলে যুঁজ দিয়াটো দুৰৰ কথা মুখৰ মাত পৰ্যন্তও হেৰুৱাই পেলাইছে৷ অসমত এতিয়া অসমীয়া নেতাই নহয় সন্দেহজনক নেতাই নেতৃত্ব বহন কৰিছে৷ যিসকলে নিজক অসমীয়া বুলি নাভাবে অসমীয়াৰ বিৰুদ্ধে অসমত গণ সমাৱেশ অনুষ্ঠিত কৰিব খোজা তেনে নেতাই অসম চলাবলৈ আৰম্ভ কৰিছে৷ যদি তেনে নেতাই অসমত গুজৰি-গুমৰি থাকিব পাৰে মাৰিম বুলি, মৰিম বুলি কব পাৰে তেন্তে আছু, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, অসম সাহিত্য সভা আদিৰ নেতাই ওলাই আহি অসমীয়া জাতিক লগত লৈ কাৰোবাৰ দপদপনি কিয় বন্ধ কৰিব নোৱাৰে ৷ সেই প্ৰশ্নৰ উত্তৰ দিব লাগিব৷ আপোনালোক থাকোতেই বাংলাদেশৰ শৰণাৰ্থী অসমত সংস্থাপন, নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে আকৌ অসমত বিদেশী সংস্থাপন কৰিম বুলি ভাবিবলৈ কিয় সাহস কৰিলে দিল্লীয়ে৷ তাৰ উত্তৰ আপোনালোকে দিব লাগিব৷ কিয়নো বৰ্তমানৰ ৰাজ্যৰ প্ৰধানগৰাকী আপোনালোকৰ মঞ্চৰ পৰাই যোৱা৷ শেষত কব পাৰো জাতি প্ৰেম হোজাইৰ বিধায়ক শিলাদিত্যৰ পৰা আপোনালোকে শিকিব লাগিব৷ এটা কথা কৈ থও শিলাদিত্যই যি কৈছে আৰু যি কৰিছে সেয়া নিজ বাঙালী জাতিৰ বাবে কৰিছে৷ বৰ্তমানৰ অসমীয়া নেতাসকলৰ জাতিপ্ৰেম ইমান দুৰ্বল হ’ল কিয়৷ অসমীয়া নেতাসকলে শিলাদিত্যৰ পৰা জাতি প্ৰেম শিকাৰ প্ৰয়োজন আছে নেকি বুলি কিছুদিন পূৰ্বে নিউজ নেক্সট ওৱানৰ সাংবাদিক তপন কুমাৰ শইকীয়াৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত ঢকুৱাখনাৰ উদীয়মান সচেতন যুৱক দিব্যজ্যোতি দুৱৰীয়ে এইদৰে কয়।