DNA India
DNA India

ডিজিটেল ডেস্কঃ বিহাৰ বিধান সভাৰ অধিবেশনত চৰ্চা বিষয় হৈ পৰিল বিৰোধী দলপতি, লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱৰ বিয়াৰ কথা৷ বিজেপি নেতা নন্দ কিশোৰ যাদৱৰ মন্তব্যৰ পিছতেই তীব্ৰ বিতৰ্কৰ সৃষ্টি হয়৷ বিধান সভাৰ মজিয়াত পুত্ৰ বিয়াৰ কথা উল্লেখ হোৱাত তেজস্বীৰ মাতৃ ৰাবৰী দেৱী ক্ষোভিত হৈ পৰে৷ 

সোমবাৰে বিধান সভাৰ মজিয়াত ৰাজ্য খনৰ পথ নিৰ্মাণ বাজেট আৱন্টন সন্দৰ্ভত আলোচনা চলি আছিল৷ সেই সময়তে বিৰোধী আৰজেডিৰ বিধায়কে পথ নিৰ্মাণত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে৷ বিহাৰৰ গড়কাপ্তানী মন্ত্ৰী নন্দ কিশোৰে আৰজেডিৰ বিধায়কক উভতি ধৰি তেওলোকৰ নেতা তেজস্বী যাদৱ এইটো বিভাগৰ মন্ত্ৰী আছিল সেই কথা পাহৰি যাব নালাগে বুলি কয়৷

তেজস্বী সম্পৰ্ণ ৰূপে বিফল হোৱা বুলি কয়৷ ইমানে নহয় আৰজেডিৰ বিৰুদ্ধে ভুৱা প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন কৰে৷ গড়কাপ্তানী মন্ত্ৰী নন্দ কিশোৰে তেজস্বী যাদৱক উভতি ধৰি বিভাগৰ টল ফ্ৰি নম্বৰত ফোন কৰি ৪০ হাজাৰ যুৱতীয়ে বিয়াৰ প্ৰস্তাৱ দিয়া বুলি কয়৷

তেওঁ কয় আৰজেডিয়ে ৪০ হাজাৰ যুৱতীয়ে বিয়াৰ প্ৰস্তাৱ দিয়া বুলি মিছা প্ৰচাৰ কৰা বুলি কয়৷ তেওঁ তেজস্বীক এগৰাকী যুৱতীয়ে কোনো প্ৰস্তাৱ দিয়া নাই বুলি কয়৷

এই কথা মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰাৰ পিছতেই হাঁহিৰ খোৰাক উঠে৷ কিন্তু এই মন্তব্যত ক্ষোভিত হৈ পৰে তেজস্বীৰ মাতৃ ৰাবৰী৷ ৰাবৰী দেৱীয়ে কয়, মোৰ পুত্ৰক বদনাম কৰিছে৷ তেজস্বীৰ বিয়াৰ কথা কোনেও চিন্তা কৰিব নালাগে৷ তেজস্বীৰ বিয়া সমগ্ৰ বিশ্বই চাব বুলি কয়৷ কিন্তু এই ক্ষেত্ৰত কোনো মন্তব্য আগবঢ়োৱা নাই তেজস্বীয়ে৷