ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গৃহ ৰাজ্যত বলিছে নিৰ্বাচনৰ গৰম বতাহ৷ গুজৰাট বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আৰম্ভ হৈছে ক্ষমতা দখলৰ নিকৃষ্ট ৰাজনীতি৷ শেহতীয়াকৈ পাতিদাৰ, অ’বিচি আৰু দলিতক লৈ ৰাজনীতি আৰম্ভ হৈছে৷ গুজৰাটৰ তিনি সম্প্ৰদায়ৰ ভোটক লৈ তুষ্টি কৰণৰ ৰাজনীতি আৰম্ভ হৈছে৷ অ’বিচি নেতা অল্পেশ ঠাকুৰে কংগ্ৰেছত যোগ দিয়াৰ পুৰ্বে বিজেপিত যোগদান কৰিছিল কেইবাগৰাকী পাতিদাৰ নেতাই৷

বিজেপিত যোগ দান কৰা পাতিদাৰ নেতা নৰেন্দ্ৰ পেটেলৰ কেইটামান ঘন্টাৰ ভিতৰতে বিজেপিৰ প্ৰতি মোহভংগ হয়৷ বিজেপি ত্যাগ কৰি ধনৰ বাণ্ডিল দেখুৱাই হৰ্ছ ট্ৰেডিং কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে খোদ পাতিদাৰ নেতা নৰেন্দ্ৰ পেটেলে৷ ১ কোটি টকাত বিজেপিয়ে তেওক যোগদান কৰোৱাৰ কথা সংবাদ মেল যোগে উল্লেখ কৰে৷ আগধন বিচাপে দিছিল ১০ লাখ টকা৷ গুজৰাটত ক্ষমতা ধৰি ৰাখিবলৈ এনে নিকৃষ্ট পন্থা লোৱা বুলি অভিযোগ উত্থাপন হয় বিজেপিৰ বিৰুদ্ধে৷

বিজেপিত যোগদানৰ কেইঘন্টা মানৰ পিছতেই এই বিষ্ফোৰক মন্তব্য কৰে পেটেল সম্প্ৰদায়ৰ সংগ্ৰামী নেতা নৰেন্দ্ৰ পেটেলে৷ যোগদানৰ পিছতেই এক সংবাদমেলত সংৰক্ষণৰ আন্দোলনৰ আহ্বায়কজনে বিজেপিত যোগদানৰ বিনিময়ত তেওঁক এক কোটি টকাৰ উৎকোচৰ প্ৰস্তাৱ আগবঢ়াইছিল বুলি কৈ ইতিমধ্যেই সেই ধনৰাশিৰ দহ লাখ টকা আদায় দিয়া বুলি কয় পেটেলে৷

হাৰ্দিক পেটেলৰ সহযোগী নৰেন্দ্ৰ পেটেলে এই হৰ্ছ ট্ৰেডিঙৰ প্ৰমাণ স্বৰূপে দহ লাখ টকাৰ পাঁচশ টকীয়া নোটৰ বাণ্ডিলো সংবাদমেলন প্ৰদৰ্শন কৰে৷ ক্ষুব্ধ পেটেলে বিজেপিত যোগ দিয়াৰ পিছতে দলটাৱে বিশ্বাস ঘাটক কৰা বুলি তেওঁৰ অনুমান হয় আৰু সেয়ে তেওঁ বিজেপি ত্যাগ কৰাৰ কথা উল্লেখ কৰে৷ হৰ্ছ ট্ৰেডিঙৰ সমস্ত ঘটনাত বিজেপি নেতা বৰুণ গান্ধী জড়িত থকা বুলি কয় পেটেলে৷ অভিযোগ অনুসৰি বৰুণেই তেওঁৰ লগত টকাৰ কথা পাতিছিল আৰু গান্ধীনগৰলৈ নি কেইবাজনো নেতাৰ লগত পৰিচয় কৰাই দিছিল৷ ক্ষোভিত পেটেলে এক কোটি কিয় তাতোকৈ বেছি দিলেও তেওঁ বিক্ৰী হৈ নাযায়৷ মৰি গলেও প্ৰকৃত সংগ্ৰামৰ পৰা আঁতৰি নাহে৷