ডিজিটেল ডেস্কঃ মনত আছেনে শৈশৱৰ লুজেন কিনি খোৱাৰ কথা। তেতিয়া আপোনাৰ সৈতে সেই নোট খন আছিল। যি খন নোটৰ আজি এশ বছৰ হ'ল। সেই নোট খনতে আমি সুখী আছিলো। চাহিদা থকা নোট খনৰ মাণদণ্ডও আছিল বহু। সেই সময়ত সেই নোট খনৰ মূল্যও বহু আছিল।

হয়, মই এক টকাৰ নোট খনৰ কথাকে কৈছে। এটা সময় আছিল সকলোৰে হাতে হাতে বেলেগ নোট থাকক বা নাথাকক সকলোতে ব্যৱহাৰ কৰিব পৰা সৰু নোট খন থাকিবই৷ বিদ্যালয়লৈ যোৱাৰ পৰত অভিভাৱকে হাতত গুজি দিছিল সেই নোট খন৷ পিছে সময়ৰ সোঁতত যেন মুল্য হেৰাই গ'ল এই নোট খনৰ৷ এনে এটা সময় আহে যে একেবাৰেই বন্ধ হৈ পৰে এই নোট৷

পিছে নীৰৱে সকলো যন্ত্ৰণা সহি ৩০ নৱেম্বৰত এশবছৰত সোমাল নীলা ৰঙৰ সৰু এক টকাৰ নোট খনে। ১৯৯৪ চনত দেশৰ সকলোতকৈ সৰু নোটখনৰ ছপা কাম বন্ধ কৰি দিয়ে ভাৰত চৰকাৰে৷ কিন্তু জনগণৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি এই নোট খনৰ পুনৰ ছপা কাম আৰম্ভ কৰে ২০১৫ চনত। বিভিন্ন শুভ অনুষ্ঠানত ১১ টকাৰ, ৫১ টকাৰ বা ১০১ টকাৰ দিয়াৰ ক্ষেত্রত বহুল ব্যৱহৃত হৈছিল এই সৰু নীলা নোট খন৷ 

উল্লেখ্য যে, এই খনেই একমাত্ৰ নোট যিখনত আৰবিআইৰ গভর্নৰৰ সলনি চহী থাকে বিত্তমন্ত্ৰালয়ৰ অর্থসচিবৰ। সেয়ে এই নোট খনৰ বৰ্ষপূৰ্তিত বৃহস্পতিবাৰে কোনো ধৰণৰ উৎসৱ পতা দেখা নগল৷ বিগত একশতাব্দীত ২৮ বাৰ এই একটকীয়া নোটখনৰ ৰূপ সলনি কৰা হৈছে৷ সৰ্বপ্ৰথমে ১৯১৭ চনত ৩০ নৱেম্বৰত একটকীয়া নেট খন বজাৰলৈ আহিছিল। ছপা হৈছিল ইংলেণ্ডত৷

দেশৰ চৰকাৰে বিভিন্ন অনুষ্ঠানৰ নামত কোটি কোটি টকা খৰছ কৰে যদিও নোট খনৰ স্মৃতিত সাধাৰণ অনুষ্ঠানৰ আয়োজন নকৰিলে।