the wire

ডিজিটেল ডেস্কঃ ঝৰখাণ্ডৰ এখন আদালতে শুকুৰবাৰে গো-ৰক্ষাৰ নামত হত্যাকাণ্ড সংঘটিত কৰা এটি গোচৰৰ ৰায় প্ৰদান কৰি ১১গৰাকী গো-ৰক্ষকক দোষী সাব্যস্ত কৰে৷ দেশত প্ৰথম বাৰৰ বাবে গো-ৰক্ষাৰ নামত সংঘটিত হিংসাত্মক ঘটনাৰ গোচৰৰ ৰায় দান প্ৰদান কৰি ১১গৰাকী লোকক দোষী সাব্যস্ত কৰা হয়৷ অহা ২০ মাৰ্চত শাস্তি ঘোষণা কৰিব ন্যায়ালয়ে৷

এগৰাকী বিজেপি নেতাক দোষী সাব্যস্ত কৰা হয়৷ আদালতে এই আক্ৰমণক পূৰ্ব পৰিকল্পিত বুলি আখ্যা দিয়ে৷ আনহাতে এই ৰায়ৰ বিৰুদ্ধে উচ্চ আদালতত পুনৰ আৱেদন কৰিব বুলি জানিব পৰা গৈছে৷ আলিমুদ্দিন ওৰফে আজগৰ আনছাৰী নামৰ মাংস ব্যৱসায়ীগৰাকীয়ে ২০১৭ চনৰ ২৯ জুনত গো-মাংস কঢ়িয়াই নি থকাৰ সন্দেহত মাৰ-ধৰ কৰিছিল একাংশ লোকে৷

যাৰ ফলত আজগৰৰ মৃত্যু হয়৷ প্ৰধানমন্ত্ৰী মোডীয়ে গো-ৰক্ষাৰ নামত হিংসাৰ আশ্ৰয় লোৱা লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰাৰ সময়তে এই কাণ্ড সংঘটিত হৈছিল৷ আজগৰে ভেনত ২০০ কেজি মাংস লৈ যোৱাৰ সন্দেহ কৰা হৈছিল যাৰ বাবে তেওঁৰ ভেনত অগ্নিসংযোগ কৰা হয়৷ চিকিৎসালয়ত নিয়াৰ পথতে আজগৰৰ মৃত্যু হয়৷

এই ঘটনা ৰামগড় চহৰৰ বজাৰ এলেকাত সংঘটিত হৈছেল৷ ঘটনা সংঘটিত হোৱাৰ সময়ত তীব্ৰ উত্তেজনাৰ সৃষ্টি হোৱাৰ ফলত ১৪৪ ধাৰা জাৰি কৰিবলগীয়া হৈছিল৷ আৰক্ষীয়ে স্থানীয় বিজেপি নেতা নিত্যানন্দ মাহাতোৰ সৈতে আন দুজন লোকক গ্ৰেপ্তাৰ কৰিছিল৷ আন এজন লোকে আদালতত আত্মসমাৰ্পন কৰিছিল৷ ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছিল৷ আজগৰৰ পত্নীয়ে বজৰং দলে এই কাণ্ড সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰিছিল৷ আনহাতে এই ঘটনাৰ সাক্ষী এগৰাকীয়ে আদালতত সাক্ষী দিবলৈ অহাত দুৰ্ঘটনাত মৃত্যু হৈছিল৷ এই দুৰ্ঘটনা গো-ৰক্ষাক পক্ষই সংঘটিত কৰা বুলি অভিযোগ উত্থাপন হৈছিল৷