ডিজিটেল ডেস্কঃ লাখপতি হ’বলৈ সহজ সুযোগ! পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক শিৰচ্ছেদ কৰক আৰু লৈ যাওক ১১ লাখ। ৰাজ্যখনৰ বিজেপি যুৱ মৰ্চাৰ যোগেশ ভাৰ্ছানী নামৰ এজন সদস্যাই এনেদৰে মূৰৰ মূল্য নিৰ্ধাৰণেৰে হত্যাৰ ভাবুকি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীক।

এনে কাৰ্যক তীব্ৰ গৰিহণা দিছে কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নকভীয়ে। 'এনে ধৰণৰ মন্তব্যক তীব্ৰ ভাষাৰে গৰিহণা দিছো। ৰাজ্য চৰকাৰে শীঘ্ৰে এনে লোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা উচিত।’-নকভীয়ে কয়।

হনুমান জয়ন্তী উপলক্ষে উলিওৱা সমদলত আৰক্ষীয়ে বাধা দিয়াৰ পিছতে ভাৰতীয় যুৱ মৰ্চাৰ এইজন সদস্যাই মমতাৰ বিৰুদ্ধে ক্ষুব্ধ হৈ এনেদৰে হত্যাৰ ভাবুকি প্ৰদান কৰে। আৰক্ষীয়ে সমদলকাৰীসকলক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ তুলি, যুৱ নেতাজনে মুখ্যমন্ত্ৰী মমতাক ৰাক্ষসী আখ্যা দিয়ে।

'যেতিয়া মই ভিডিঅ’টো চাইছিলো, তেতিয়া এটা কথাই মনলৈ আহিছিল...যদিহে কোনোৱে মমতা বেনাৰ্জীৰ শিৰচ্ছেদ কৰে তেন্তে সেইজন লোকক মই ১১ লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰিম।’- যুৱ নেতাজনে কয়।মমতাই হিন্দুসকলক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বুলিও অভিযোগ কৰে যুৱ নেতাজনে।

উল্লেখ্য যে ৰাম নৱমীত তৰোৱাল লৈ শোভাযাত্ৰা উলিওৱাৰ পৰিপ্ৰেক্ষিততে হনুমান জয়ন্তীৰ শোভাযাত্ৰাৰ বাবে অনুমতি প্ৰদান কৰা নাছিল আৰক্ষীয়ে। অনুমতি অবিহনে শোভাযাত্ৰা উলিওৱাৰ পিছতে আৰক্ষীয়ে সমদলকাৰীসকলক বাধা প্ৰদান কৰে। ইয়াৰ পিছতে ক্ষুব্ধ হৈ পৰে যুৱ নেতাজন।