ডিজিটেল ডেস্কঃ আমি মৰ্মাহত হৈ পৰিছো কিয়নো আমাৰ মৰমৰ পিতৃ আৰু নাই৷ তেওঁ আমাক এৰি থৈ গুছি গ’ল৷ মহান বিজ্ঞানী ষ্টিফেন উইলিয়াম হকিঙৰ দুয়ো সন্তান লুচী আৰু ৰবাৰ্টে এনেদৰে মন্তব্য কৰে৷ বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্যৰ উৎস বিচাৰি ফুৰা ষ্টিফেন উইলিয়াম হকিঙে ১৪ মাৰ্চৰ পুৱাৰ ভাগত ইংলেণ্ডৰ কেম্ব্ৰিজৰ নিজা বাসগৃহত মৃত্যুক আকোৱালি লয়৷ ১৯৪২ চনৰ ৮ জানুৱাৰীত ইংলেণ্ডৰ অক্সফৰ্ডত ড০ ফ্ৰেংক হকিঙৰ ঔৰসত আৰু ইছাবেল হকিঙৰ গৰ্ভত ষ্টিফেন হকিঙৰ জন্ম হৈছিল৷ 

⇒কাৰ পিছত হকিঙৰ স্থান

⇒পৃথিৱীৰ মহান বিজ্ঞানীৰ সৈতে হকিঙৰ তুলনা কৰা হয়৷ নিউটন আৰু এলবাৰ্ট আইনষ্টাইনৰ পিছতে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ বিজ্ঞানী হিচাপে পৰিচিত হৈছিল ষ্টিফেন হকিঙ৷ 

⇒পদাৰ্থবিদ মহাকাশ বিজ্ঞানী

⇒হকিঙ আছিল এগৰাকী তত্ত্বমূলক পদাৰ্থবিদ তথা মহাকাশ বিজ্ঞানী৷ ২১ বছৰ বয়সতে হকিঙৰ দেহত দেখা দিয়ে মটৰ নিউৰন নামৰ ৰোগে৷ বিগ বেং আৰু কৃষ্ণগহ্বৰ সন্দৰ্ভত পৃথিৱীক প্ৰথমে অৱগত কৰিছিল ষ্টিফেন হকিঙে৷ হকিঙে মুঠ ১২ টা ডিগ্ৰী লাভ কৰিছিল৷ 

⇒কেতিয়া চৰ্চালৈ আহে

⇒হকিং ১৯৮৮ চনত চৰ্চা লৈ আহে৷ তেওঁৰ প্ৰথম খন গ্ৰন্থ ‘এ ব্ৰিফ হিষ্টৰী অৱ টাইম’ নামক গ্ৰন্থই পৰা সমগ্ৰ বিশ্বত চৰ্চালৈ আহে৷ এই গ্ৰন্থ ১ কোটি মানুহে ক্ৰয় কৰিছিল৷ পৃথিৱীৰ বিজ্ঞানভিত্তিক অত্যাধিক বিক্ৰী হোৱা গ্ৰন্থ ৰূপে পৰিগণিত হয়৷ ১৯৬৩ চনত হকিঙে মটৰ নিউৰণ নামৰ ৰোগত আক্ৰান্ত হয়৷ এই ৰোগত আক্ৰান্ত হোৱাৰ লগে লগে মানুহৰ দেহে কাম কৰা বন্ধ কৰি দিয়ে৷ কেৱল মগজুৰ বাহিৰে সকলো অংগ অচেতন হৈ পৰে৷

⇒হকিঙৰ ৰোগ

১৯৬৩ চনত এই ৰোগত আক্ৰান্ত হয় হকিং৷ এই ৰোগত আক্ৰান্ত হ’লে মানুহ ২-৫ বছৰ জীয়াই থাকে যদিও হকিঙে ৰোগৰ যুদ্ধত জয়ী হয়৷ চিকিৎসকে হকিঙক মাথো দুই বছৰ জীয়াই থাকিব বুলি কৈছিল৷ হকিঙে চিকিৎসকৰ কথাক মিছা প্ৰতিপন্ন কৰি দশকৰ পিছত দশক জীয়াই থাকিবলৈ সক্ষম হয়৷ হকিং একমাত্ৰ লোক যিয়ে এই ৰোগত আক্ৰান্ত হৈ ইমান সময় জীয়াই থাকে৷

⇒জীৱনৰ ওপৰত ছবি

প্ৰফেচাৰ হকিঙৰ জীৱন সন্দৰ্ভত ২০১৪ চনত এখন বোলছবি নিৰ্মাণ হয়৷ ‘দ্যা থিয়ৰি অৱ এভৰীথিং’ নামৰ ছবিখনত তেওৰ প্ৰথম পত্নী আৰু তেওঁৰ জীৱন সন্দৰ্ভত উপস্থাপন কৰে৷ হকিংৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা এডি ৰেডমেনে অস্কাৰ লাভ কৰে৷

⇒কি পঢ়িব খুজিছিল 

⇒অক্সফৰ্ডত হকিঙে গণিত পঢ়িব বিছাৰিছিল যদিও পিতৃয়ে চিকিৎসা বিজ্ঞান পঢ়াব বিচাৰে৷ যেতিয়া তেওঁ গণিতৰ অধ্যয়ণ কৰিব নোৱাৰিলে তেতিয়া পদাৰ্থ বিজ্ঞান অধ্যয়নৰ বাবে বাচনি কৰে৷ কলেজত পঢ়ি থকা কালত তেওঁ ক্লাছত কমকৈ উপস্থিত আছিল৷ তেওঁ বেছি সময় বোৰ্ড গেম খেলি অতিবাহিত কৰিছিল৷

⇒কিমান সময় পঢ়িছিল

⇒তেওঁ তিনি বছৰীয়া পঢ়া কালত ১০০০ ঘন্টা পঢ়িছিল৷ প্ৰমাণ হয় নিতৌ ১ ঘন্টা পঢ়িছিল৷ তাৰ পিছতো মেধাবী ছাত্ৰ ৰূপে জনাজাত আছিল হকিং৷ গৱেষণা কাকত জমা দিয়াৰ পিছত প্ৰথম শ্ৰেণীৰ অনাৰ্চ আৰু দ্বিতীয় শ্ৰেণীৰ অনাৰ্চৰ মাজত স্থান দিয়া হৈছিল৷ 

⇒মৌখিক পৰীক্ষা দিব লগা হৈছিল

⇒হকিঙে প্ৰথম শ্ৰেণীৰ অনাৰ্চ হ’বলৈ মৌখিক পৰীক্ষা দিব লগা হৈছিল৷ মৌখিক পৰীক্ষাত বহাৰ পূৰ্বে তেওঁ কৈছিল আপোনালোকে যদি মোক আপোনালোকে প্ৰথম শ্ৰেণীত ৰাখে তেন্তে কেম্ব্ৰিজত যাম আৰু দ্বিতীয় শ্ৰেণীত অক্সফৰ্ডলৈ যাম বুলি কৈছিল৷ তেওঁ প্ৰথম শ্ৰেণীৰ পোৱাৰ আশা কৰিছিল৷ তাৰ পিছত তেওঁক প্ৰথম শ্ৰেণীৰ অনাৰ্চ দিয়া হয় আৰু তেতিয়া কেমব্ৰিজলৈ যায় হকিং৷ কেমব্ৰিজৰ পৰা তেওঁ ডক্টৰেট ডিগ্ৰী লয়৷

⇒বিশ্ব তত্ত্ব

⇒১৯৬৮ চনত বিশ্ব তত্ত্বৰ ওপৰত ডক্টৰেট ডিগ্ৰী লাভ কৰে৷ কেমব্ৰিজত মহাজাগতিক পৰিঘটনা সন্দৰ্ভত মুল বিষয়ত গৱেষণা কৰে৷ এটা দশকৰ অন্তত বিশ্ব তত্ত্বৰ ওপৰত ব্যৱহাৰিক পদাৰ্থ বিজ্ঞান সন্দৰ্ভত এটি ৰিপৰ্ট প্ৰকাশ কৰিছিল৷ এই ৰিপৰ্ট প্ৰকাশ পোৱাৰ পিছতেই পৃথিৱীত নায়ক ৰূপে পৰিচিত হৈছিল৷

⇒ৰোগ সন্দৰ্ভত মত

⇒জীৱনত যিমানে কঠিন সময় নাহক কিয় সদায় কিবা এটা কৰাৰ বাবে ইচ্ছা ৰাখিব লাগে আৰু মানুহ সফল হয় বুলি কৈছিল হকিঙে৷ কেৱল পৰাজয় বৰণ কৰিব নালাগে৷  যাৰ জৰিয়তে বিগ বেং আৰু কৃষ্ণগহ্বৰ সন্দৰ্ভত পৃথিৱীক প্ৰথমে অৱগত কৰিবলৈ সক্ষম কয় ষ্টিফেন হকিঙে৷ যি কাম কোনেও কৰিব পৰা নাছিল৷

⇒ব্ৰহ্মাণ্ড আমাৰ প্ৰয়োজনীয় নহয়

⇒হকিঙে ব্ৰহ্মাণ্ডত আমাৰ বাবে প্ৰয়োজনীয় নহয় বুলি কয়৷ তাত আমাক মৰম কৰা নতুবা ভালপাব পৰা কোনো নাই বুলি কৈছিল৷

⇒হকিঙক ভাল পোৱা লোক

⇒সমগ্ৰ বিশ্বৰ বাবে আদৰ্শ স্বৰূপ হকিং৷ কেৱল মগজু জীয়াই থকা লোকগৰাকীয়ে পৃথিৱীৰ পৰিভাষাই সলনি কৰে৷ হুইল চেয়াৰত বহি বিশ্বৰ শ্ৰেষ্ঠ কাম কৰে৷ উৎকৃষ্ট কামবোৰৰ বাবেই বিশ্ববাসীৰ হৃদয়ত স্থান দখল কৰিবলৈ সক্ষম হৈছিল৷