বীজাপুৰঃ কৰ’না ভাইৰাছৰ সংক্ৰমণ বন্ধ কৰিবলৈ দেশজুৰি অব্যাহত থকা লকডাউনৰ মাজতে তেলেংগানাৰ পৰা ছত্তীশগড়ৰ বিজাপুৰত থকা ঘৰলৈ বুলি ১৫০ কিলোমিটাৰ খোজকাঢ়ি মৃত্যুমুখত পৰিছে এগৰাকী ১২ বছৰীয়া ছোৱালীয়ে। জামলু মেকডাম নামৰ ছোৱালীগৰাকীয়ে নিজৰ গাঁওখন পাবলৈ মাত্ৰ এঘণ্টা বাকী থকা অৱস্থাতে পথতে ঢলি পৰে আৰু মৃত্যুক আকোৱালি লয়।

তেলেংগানাৰ এখন গাঁৱত জলকীয়াৰ খেতিত পৰিয়ালৰ আনসকলৰ সৈতে কাম কৰা জামলুৱে আৰু ১১ জন লোকৰ সৈতে যোৱা ১৫ এপ্ৰিলত ঘৰলৈ খোজ লৈছিল। আৰক্ষীৰ পৰা হাত সাৰিবলৈ তেওঁলোকে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে পথৰুৱা ৰাস্তা আৰু হাবি-জংঘলৰ মাজেৰে ৩ দিন ধৰি খোজ কাঢ়ি থকাৰ পিছতে এই অঘটন সংঘটিত হয়।

একেৰাহে ৩ দিন হাবি-জংঘলৰ মাজেৰে খোজকঢ়াৰ অন্তত যোৱা শনিবাৰে ঘৰলৈ মাত্ৰ ১৪ কিলোমিটাৰ বাকী থকা অৱস্থাত প্ৰচণ্ড পেটৰ বিষত আক্ৰান্ত হৈ পথতে বহি পৰে জামলু। উপায়বিহীন হৈ দলটোৰ বাকী লোকসকলে স্থানীয় লোকসকলৰ সহযোগত সমীপৱৰ্তী চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে যদিও সুস্থ কৰি তোলাতো সম্ভৱপৰ হৈ নুঠিল।

অৱশেষত এম্বুলেন্সৰ জৰিয়তে ছোৱালীজনীৰ মৃতদেহ প্ৰশাসনে ঘৰলৈ নিয়াৰ ব্যৱস্থা কৰে। চিকিৎসকে জনোৱা মতে, ছোৱালীজনীয়ে ডায়েৰীয়া আৰু পুষ্টিহীনতাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। 'ছোৱালীজনীৰ কৰ’না ভাইৰাছ টেষ্টৰ ৰিজাল্ট নিগেটিভ ওলাইছে। তাইৰ দেহত পানীৰ অভাৱ হৈছিল আৰু পুষ্টিহীনতাত ভুগি দুৰ্বল গৈ পৰিছিল।’-স্থানীয় সাংবাদিকৰ আগত এইদৰে কয় বীজাপুৰৰ স্বাস্থ্য বিষয়া বি আৰ পূজাৰীয়ে। 

আনহাতে, ছোৱালীজনীৰ পিতৃ এণ্ডোৰাম মাডাকামে জনাইছে যে তেওঁলোকে তেলেংগানাত যোৱা দুমাহ ধৰি জৱকীয়া খেতিৰ বাগানত শ্ৰমিক হিচাপে কাম কৰি আছিল। 'ছোৱালীজনীয়ে ভালদৰে খোৱা-বোৱা কৰিব পৰা নাছিল। ৩ দিন আমি খোজ কাঢ়িছিলো। ভালদৰে খোৱা-লোৱা কৰাতো সম্ভৱো হোৱা নাছিল। ১৪ তাৰিখে লকডাউন খুলিব বুলিব আমি ৰৈ দিছিলো তাতেই। কিন্তু আকৌ বঢ়াই দিয়াত গুচি অহাৰ বাদে আমাৰ হাতত কোনো উপায় নাছিল।’-প্ৰশাসনৰ সৈতে কেনেদৰে যোগাযোগ কৰিব লাগে সেই বিষয়ে তেওঁলোকে একো জানিব পৰা নাছিল বুলি উল্লেখ কৰি এইদৰে কয় ছোৱালীজনীৰ পিতৃয়ে। 

ইফালে এই ঘটনাৰ পিছতে ছত্তীশগড় চৰকাৰে খোজকাঢ়ি মৃত্যুক আকোৱালি লোৱা ছোৱালীজনীৰ পৰিয়ালটোলৈ ১ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে। ছত্তীশগড় চৰকাৰে বহিঃৰাজ্যত কৰ্মৰত শ্ৰমিকসকলক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বিজ্ঞাপনযোগে লকডাউনৰ সময়ত য’তেই আছে তাতেই থাকিবলৈ আৰু অসুবিধা হ’লে হেল্পলাইন নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে যদিও সেয়া সাধাৰণ শ্ৰমিকসকলে এতিয়াও জানিবলৈ সমৰ্থ হোৱা নাই।

উল্লেখ্য যে লকডাউন ঘোষণা কৰাৰ সময়ৰে পৰা দেশৰ ভিন্ন স্থানত কৰ্মৰত অস্থায়ী শ্ৰমিকসকলৰ অৱস্থা একপ্ৰকাৰ পানীত হাঁহ নচৰা সদৃশ হৈ পৰিছে। অন্ন আৰু বাসস্থানৰ অভাৱত প্ৰধান চহৰসমূহত কৰ্মৰত কেবালক্ষ শ্ৰমিকে সংস্থাপন হেৰুৱাই খোজকাঢ়িয়েই নিজ গাঁৱলৈ যাত্ৰা কৰিবলৈ বাধ্য হৈছে। আন একাংশ শ্ৰমিকে আকৌ চৰকাৰে স্থাপন কৰা অস্থায়ী আশ্ৰয় গৃহসমূহতে আশ্ৰয় লৈ আছে। খোজকাঢ়ি গাঁৱলৈ যাত্ৰা কৰোতে কেবাজনো শ্ৰমিক মৃত্যুমুখতো পৰিছে।