মোৰাঝাৰঃ হোজাই জিলাৰ ডবকা চহৰত আজি দুপৰীয়া ৰেড জ'ন হিচাপে চিহ্নিত গোলাঘাট জিলাৰ ১৫ যুৱক আহি থকা অৱস্থাত আৰক্ষীৰ তালাচিত ধৰা পৰে৷ পাছত ডবকা আৰক্ষীয়ে যুৱক কেইজনক চিকিৎসা কৰ্মীৰ হতুৱাই স্ক্ৰীনিং কৰি পুনৰ গোলাঘাটলৈ উভতাই পঠিয়ায়৷ যুৱক কেইজন এনেদৰে অহাক লৈ সমগ্ৰ ডবকাতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে৷ 

প্ৰাপ্ত তথ্য অনুসৰি আজি দুপৰীয়া হোজাই-নগাওঁ জিলাৰ সীমান্ত ৰেংবেংত ডবকা আৰক্ষীৰ এটি দলে নিয়মীয়া তালাচী চলায় আছিল৷ তেনে সময়তে নগাওঁৰ পৰা ডবকা অভিমুখে আহি থকা অৱস্থাত এ এছ ০১ এডি ১৮১৯, এ এছ ০১ বিজে ৩০৮৬ নম্বৰৰ দুখন ইনভা আৰু এএছ ০৬ জি ২০১৫ নম্বৰৰ এখন ছুইফ্ট ডিজায়াৰ গাড়ীত আহি থকা প্ৰত্যক্ষ কৰে৷ তেনে সময়তে আৰক্ষীৰ দলটোৱে গাড়ী কেইখন ৰখাই পৰীক্ষা নিৰীক্ষা কৰাত গাড়ী কেইখনত ১৫ জনকৈ যুৱক গোলাঘাট জিলাৰ লুকৰিহাটৰ পৰা ডবকা অভিমুখে আহি আছিল৷ 

লগে লগে ডবকা আৰক্ষীয়ে গাড়ী কেইখন ৰখায়৷ পাছত ঘটনা সন্দৰ্ভত ডবকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতি কমল বণীয়াই হোজাইৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনক অৱগত কৰায়৷ যিহেতু ৰেড জ'নৰ কোনো লোক গ্ৰীণ জ'নত প্ৰৱেশ কৰিব নোৱাৰে, সেয়েহে হোজাইৰ আৰক্ষী অধীক্ষক গৰাকীৰ নিৰ্দেশ মৰ্মে ডবকা আৰক্ষীয়ে যুৱক কেইজনক স্বাস্থ্য কৰ্মীৰ হতুৱাই স্ক্ৰীনিং কৰোৱাই উভতাই পঠিয়ায়৷ 

উল্লেখ্য যে ডবকা আৰক্ষী থানাৰ অন্তৰ্গত বুঢ়িগাওঁ, নাম ডবকা গাওঁ আৰু যমুনামুখ আৰক্ষী থানাৰ অন্তৰ্গত ভেদৌআটী গাৱৰ এই যুৱক কেইজন কেইবামাহ ধৰি গোলাঘাট জিলাৰ লুকৰিহাটত কাম কৰি আছিল৷ হঠাতে লক ডাউন হোৱাৰ ফলত তেওঁলোকে তাতে আৱদ্ধ হৈ আছিল৷ যোৱা দহ দিন মান ধৰি যুৱককেইজন তীব্ৰ খাদ্য সংকটত ভূগিবলগীয়া হৈছে৷ ফলত বিগত দুই, তিনিদিন ধৰি তেওঁলোকে কেৱল বিস্কুট খাই জীৱন নিৰ্বাহ কৰিছিল৷ 

ৰাজ্য চৰকাৰে ৰাজ্যৰ বিভিন্ন জিলাত আবদ্ধ হৈ থকা লোক সকলক নিজ নিজ গৃহলৈ যাবলৈ আন্তঃজিলা বাছ সেৱা প্ৰদান কৰিছিল৷ তাৰে সুযোগ গ্ৰহণ কৰি এই যুৱক কেইজনে যোৰাহাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত অনুমতি বিচাৰি আবেদন কৰিছিল৷ সেই মৰ্মে যোৰহাটৰ উপায়ুক্ত কাৰ্য্যালয়ৰ EPASS/2020/65407, EPASS/2020/61496 আৰু EPASS/2020/77361 নম্বৰৰ তিনিখন গাড়ীৰ বাবে তিনিখন অনুমতি পত্ৰ প্ৰদান কৰিছিল৷ 

আজি দিনটোৰ বাবে বৈধতা থকা অনুমতি পত্ৰ কেইখনত গোলাঘাটৰ পৰা ডবকালৈ যাত্ৰী অহাৰ কথা স্পষ্টকৈ উল্লেখ থকা বুলি জানিব পৰা গৈছে৷ এতিয়া প্ৰশ্ন হৈছে যে চৰকাৰী নিষেধাজ্ঞা থকাৰ পিছতো যোৰহাট জিলাৰ উপায়ুক্তই কি দৰে ৰেড জ'ন ৰূপে চিহ্নিত গোলাঘাট জিলাৰ পৰা যাত্ৰীক গ্ৰীণ জ'ন হোজাই জিলালৈ আহিবলৈ অনুমতি প্ৰদান কৰিলে৷ বিষয়টোক লৈ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে ডবকাৰ সচেতন ৰাইজে।