নগাঁওঃ পহিলা মাৰ্চ৷ অসমবাসীৰ বাবে এটি কৰুণ দিন৷ ঘাইকৈ নগাঁওবাসী ৰাইজে কোনো কালে পাহৰিব নোৱাৰা এক বেদনাদায়ক অধ্যায়৷ স্মৰ্তব্য যে, আজিৰ পৰা ৩৪ বছৰ পূৰ্বে ১৯৮৩ ৰ বিদেশী বহিস্কাৰ আন্দোলনৰ নামত পহিলা মাৰ্চৰ দিনটোতে নগাঁৱৰ দক্ষিণ-পশ্চিমাঞ্চলৰ শতাধিক লোকে নিজৰ জন্মভূমিৰ হকে আত্ম বলিদান দিবলগীয়া হৈছিল৷ তেজাল যুৱকৰ তপত তেজেৰে ৰাঙলী হৈছিল মাতৃভূমি৷ যিসকলৰ অকাল অথচ সকৰুণ মৃত্যুয়ে কাঢ়ি নিলে কাৰোবাৰ শিৰৰ সেন্দুৰ৷ খালি হৈ ৰ’ল বহু মাতৃৰ বুকু ৷ বহু সন্তান হৈ পৰিল পিতৃহাৰা৷

কোৱাটো সমীচিন যে, সময়ৰ সোঁতত সেই দুঃসহ কৰুণ স্মৃতি মচ খাব ধৰিছে যদিও সেই হতভগীয়া পৰিয়ালবোৰৰ লগতে আন বহুজনে কিন্তু সেই ভয়াৱহ দিনটোৰ কথা আজিও পাহৰিব পৰা নাই৷ কলং, কপিলি আৰু বৰপানী নদীত কেঁচা তেজ দি নিজৰ জীৱন আহুতি দি ডিমৌ, ফুলগুৰি, ৰহা, শেতালী, জাগীয়াল, সৰাগাঁও, দীঘলদৰি, কাকতিগাঁও, পেটবঢ়া, বাৰপূজীয়া, গুইমাৰী, কামপুৰ, বেবেজীয়া, লাউপানী, কচুৱা, আমৰলা, ৰাজাগাঁও, শালমৰা আদি গাঁৱৰ সহজ-সৰল শতাধিক লোকে জীৱন বলিদানৰ প্ৰতিদান স্বৰূপে 'শ্বহীদ' আখ্যা পালে যদিও সম্প্ৰতি ৰাজ্য চৰকাৰ বা সমাজৰ ভব্য-গব্য লোকসকলে তেওঁলোকৰ প্ৰতি তিলমানো শ্ৰদ্ধা নিবেদিন কৰিবলৈ অলপো আহৰি পোৱা নাই৷ আনকি নেতাসকলে য’তে-ত’তে বক্তৃতাৰ ফুলজাৰি মাৰি ফুৰিলেও দুৰ্ভগীয়া এই ছহিদ পৰিয়ালৰ দুখ-দুৰ্দশাৰ বিষয়ে কিন্তু অলপো নাভাবে৷

উল্লেখ্য যে, কিছু বছৰৰ আগলৈকে এই বিশেষ দিনটোত ছহিদসকলক সোঁৱৰণ কৰাৰ অৰ্থে স্মৃতিসভা, প্ৰাৰ্থনা সভা আদি অনুষ্ঠিত কৰা হৈছিল যদিও বৰ্তমানে তেনে নেতাসকলৰ ছহিদসকলক সুঁৱৰি এগছি বন্তি জ্বলাবলৈও অৱকাশ নাই বুলি সততে অভিযোগ শুনা যায়৷ ইফালে, বিভিন্ন স্থানত স্থাপন কৰা ছহিদ বেদীবোৰ এতিয়া হাবি-জংঘলেৰে আবৰি ধৰি এৰাবাৰীত পৰিণত হৈ পৰিছে উপযুক্ত ৰক্ষণাবেক্ষণৰ অভাৱত৷

কোৱা বাহুল্য মাথোন, জাতীয়তাবাদৰ ধ্বজাবাহক বুলি প্ৰায়েই দাবী কৰি অহা বিভিন্ন দল-সংগঠনসমূহে পাহৰিলেও দুৰ্ভগীয়া পৰিয়ালকেইটাই কিন্তু আজিৰ তাৰিখলৈকো পাহৰিব পৰা নাই আপোনজনক হেৰুৱাৰ বেদনা ৷ তদনুযায়ী বেদনাদায়ক স্মৃতি ৰোমন্থনেৰে দেশপ্ৰেমৰ স্বাক্ষৰ বহনকাৰী ছহিদসকলৰ মৃত্যুৰ এই বিশেষ দিনটোত হতভগীয়া পৰিয়ালকেইটাৰ সদস্যসকলে আপোনজনক সোঁৱৰণ কৰে৷ অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধা নিবেদি এগছিকৈ বন্তি জ্বলায়৷

প্ৰণিধানযোগ্য যে, আজিৰ পৰা ৩৪ বছৰ আগতে এই পহিলা মাৰ্চৰ দিনটোতে হোৱা ৰক্তক্ষয়ী সংঘৰ্ষত নগাঁও জিলাৰ দক্ষিণ-পশ্চিমাঞ্চলৰ সুনীল বৰ্মন, অতুল বৰা, প্ৰদীপ বৰদলৈ, নাৰায়ণ ৰংহাং, অতুল নাথ, প্ৰভাত কোঁৱৰ, থানেশ্বৰ দাস প্ৰমুখ্যে বহুজনে দেশমাতৃৰ হকে প্ৰাণত্যাগ কৰি দেশপ্ৰেমৰ উজ্বল স্বাক্ষৰ ৰাখি থৈ গৈছে।