newsnextone.com | গুৱাহাটীঃ অসম লোকসেৱা আয়োগৰ চাকৰি কেলেংকাৰী সন্দৰ্ভত অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে। যোৱা ১৮ জুলাইত হস্তাক্ষৰ নমুনা সংগ্ৰহৰ বাবে ২০১৬ চনৰ ১৯ গৰাকী এচিএছ আৰু এপিএছক অসম আৰক্ষীৰ কাহিলিপাৰাৰ বিশেষ শাখালৈ মাতি আনি গ্ৰেপ্তাৰ কৰাৰ পিছতে পুনৰ এইবাৰ মধ্যভোগী ধৰিবলৈ অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে, অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ গোচৰত এতিয়ালৈ ৬৫গৰাকী লোকক গ্ৰেপ্তাৰ কৰে৷ ইয়াৰে ৫৬গৰাকী ACS-APS বিষয়া, ৭গৰাকী চাকৰিৰ মধ্যভোগী, পূৰ্বৰ অধ্যক্ষ আৰু দুই সদস্য আছে৷ আৰক্ষীয়ে মুঠ ৪৬গৰাকীহে চাৰ্জশ্বীট আদালতত দাখিল কৰেছে এতিয়ালৈ।

তাৰ মাজতে দেওবাৰে নিশা মঙলদৈ আৰু গুৱাহাটীত ডিব্ৰুগড় আৰু অসম আৰক্ষীৰ বিশেষ শাখাই অভিযান চলাই চাকৰি দিয়া মধ্যভোগীক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা দুজন লোকৰ মাজত এজন লোক বিজেপিৰ নেতা বুলি জানিব পৰা গৈছে। দেওবাৰে নিশা মঙলদৈ চহৰত অভিযান চলাই মঙলদৈ আৰক্ষীৰ সহযোগত শৈলেন শৰ্মা বৰুৱা নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে,  শৈলেন শৰ্মা ৰাকেশ পালৰ জৰিয়তে ধনৰ বিনিময়ত কেইবাগৰাকী প্ৰাৰ্থীক চাকৰি দিছিল। ইয়াৰ লগতে  শৈলেন শৰ্মা মঙলদৈ বিধায়ক গুৰুজ্যোতি দাসৰ বিশ্বস্ত। 

আনহাতে অভিযোগ মতে, বিধায়ক গুৰুজ্যোতি দাসৰ পৰিয়ালত ৫ জনকৈ সদস্যক অসম লোকসেৱা আয়োগত চাকৰি দিয়াত শৈলেন শৰ্মা বিধায়কক সহায় কৰিছিল বুলি অভিযোগ উত্থাপন হৈ আহিছিল। ছ'চিয়েল মিডিয়াত এই অভিযোগ উত্থাপন হৈ আহিছে। ইমানে নহয় শৈলেন শৰ্মা দৰং বিজেপিৰ উপ-সভাপতিৰ দায়িত্ব পালন কৰি থকাৰ লগতে মঙলদৈ উকীল সন্থাৰ সচিবৰ দায়িত্ব পালন কৰি আছিল। ৰাকেশ পালৰ সৈতে ভাৰ সম্পৰ্ক আছিল তেওঁৰ।

ইয়াৰ লগে লগে দেওবাৰে নিশাই সুৰজিত চৌধুৰী নামৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। জানিব পৰা মতে, ACS পল্লৱী শৰ্মা চৌধুৰীৰ স্বামী সুৰজিত চৌধুৰী। সুৰজিত চৌধুৰীয়ে নিজ পত্নীৰ লগতে আন কেইবাজনো লোকক ধনৰ বিনিময়ত চাকৰি দিছিল বুলি অভিযোগ উত্থাপন হৈছে। নিশাই দুয়োকে সোধ-পোছ চলাই যদিও সোমবাৰে বিশেষ শাখাৰ আদালতত আৰক্ষীয়ে হাজিৰ কৰিব।

উল্লেখ্য যে, অসম লোকসেৱা আয়োগৰ পৰীক্ষাত বহি উত্তীৰ্ণ হোৱা ১৯ ৰাজপত্ৰিত বিষয়াক পুনৰ গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে৷ কাহিলিপাৰাত হস্তাক্ষৰৰ নমুনা সংগ্ৰহৰ বাবে মাতি গ্ৰেপ্তাৰ কৰে বিষয়াসকলক৷ আত্মগোপন তথা পলায়ন কৰাৰ আশংকা কৰিয়েই কাহিলীপাৰাত অসম আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়তে গ্ৰেপ্তাৰ কৰে ডিব্ৰুগড় আৰক্ষীয়ে৷

২০১৬ চনত নিযুক্তি লাভ কৰা ১৯ জনকৈ APS-ACS বিষয়াক অৱশেষত গ্ৰেপ্তাৰ কৰিলে ডিব্ৰুগড় আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ শাখাই৷ বুধবাৰে দুপৰীয়া অসম আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়তে আটাইকেইজনক গ্ৰেপ্তাৰ কৰে বুলি জানিব পৰা যায়৷ আটাইকেইজনে বুধবাৰে কাহিলিপাৰাৰ অসম আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়ত হস্তাক্ষৰৰ নমুনা প্ৰদান কৰাৰ কিছু সময় পিছতে গ্ৰেপ্তাৰ কৰা বুলি স্পষ্ট কৰে ডিব্ৰুগড় জিলাৰ আৰক্ষী আধীক্ষকে৷ 

বুধবাৰে পুৱাৰে পৰা অসম আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়লৈ একপ্ৰকাৰ লানি লাগে APS-ACSৰ৷ বিলাসী গাড়ীত উঠি আহি লাজ অভিমান কাটি কৰি কাৰ্যালয়ত সোমাই বিষয়াসকলে৷ ডিব্ৰুগড় আৰক্ষীৰ উচ্চ পদস্থ বিষয়া আৰু অসম আৰক্ষীৰ বিশেষ শাখাৰ উচ্চ পদস্থ বিষয়াই কাৰ্যালয়ৰ এটা কোঠাত এজন এজনকৈ সোধ-পোছ কৰাৰ লগতে হস্তাক্ষৰৰ নমুনা সংগ্ৰহ কৰাৰ পিছতে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে৷

গণেশ চন্দ্ৰ দাস, শ্ৰাৱন্তী সেন গুপ্তা, দীক্ষিতা ফুকন আৰু লীনা কৃষ্ণ কাকতি, গুলছন দাউলাগাপু, পল্লবী শৰ্মা, ভাৰ্গৱ ফুকন, সুৰঞ্জীতা হাজৰিকা, উত্পল ভূঞা, বৰ্ণালী দাস, সুখভন দাস, ধ্ৰুৱজ্যোতি চক্ৰৱৰ্তী, মঞ্জুৰ ইলাহী লস্কৰ, মুন মজুমদাৰ, মণিকা টেৰণপী, মোস্তাফা আহমেদ বৰভূঞা, ছাইবুৰ ৰহমান বৰভূঞা, ঋতুৰাজ নেওগ আৰু নিপন কুমাৰ পাঠকক চমন জাৰি কৰে অসম আৰক্ষীয়ে৷ ইয়াৰে কেইবাগৰাকী অসমৰ বৰ্তমানৰ চৰকাৰৰ মন্ত্ৰী-বিধায়কৰ সৈতে ভাল সম্পৰ্ক থকা প্ৰভাৱশালী পৰিয়ালৰ সন্তানো আছে৷ ইমানে তেজপুৰৰ বহুবল্কী সাংসদ আৰপি শৰ্মাৰ কন্যা পল্লবী শৰ্মাক কাহিলিপাৰাত গ্ৰেপ্তাৰ কৰে৷

২০১৬ বৰ্ষৰ ACS-APSৰ বিৰুদ্ধে এইবাৰ অভিযান আৰম্ভ কৰিছে অসম আৰক্ষীয়ে৷ ডিব্ৰুগড় আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ শাখাই ১৯গৰাকী ACS-APSক চমন জাৰি কৰিছিল যোৱা যোৱা ১০ জুলাইৰ পৰা৷ অসম লোকসেৱা আয়োগে ২০১৬ চনত পৰীক্ষা অনুষ্ঠিত কৰি ৰাজপত্ৰিত বিষয়া হিচাপে নিয়োগ কৰিছিল বিষয়াকেইজনক৷ উক্ত সময়ত অসম লোকসেৱা আয়োগেৰ অধ্যক্ষ আছিল ৰাকেশ পাল৷ আৰক্ষীৰ বিশেষ শাখা আৰু ডিব্ৰুগড় আৰক্ষীৰ অধীক্ষকৰ কাৰ্যালয়ে অহা ১৮ জুলাইত কাহিলিপাৰাৰ অসম আৰক্ষীৰ বিশেষ শাখাত আটাইকেইজন বিষয়াক উপস্থিত থাকিবলৈ নিৰ্দেশ দিছিল৷