ডিজিটেল ডেস্কঃ আমাৰ দেশত কেইবাঘণ্টাও দেৰিকৈ ট্ৰেইন চলা আৰু এৰা প্ৰায় নিয়মিত ঘটনা।সেই খন দেশত ২০ চেকেণ্ড দেৰি নতুবা সোনকালে ষ্টেছন এৰাটো কল্পনাই নহয়৷ পিছে একে আকাশৰ তলত থকা এখন দেশত সময়ৰ মূল্য বহুত বেছি৷ পলমকৈ নহয়, ট্রেইন ২০ চেকেণ্ড পুৰ্বে এৰাৰ বাবে দূখ প্রকাশ কৰে ৰেল কর্তৃপক্ষই। এই ঘটনা ভাৰতৰ নহয়, জাপানৰ হে।

নম্র মানুহৰ বাবে বিখ্যাত জাপানৰ এই ঘটনাই সকলোকে অবাক কৰি তুলিছে। জাপানৰ ৰাজধানী টকিঅত উত্তৰৰ দিশে যোৱা চুকুবা এক্সপ্রেছ মিনামি নাগৰিইয়ামা নামৰ ট্ৰেইন খন ষ্টেছন পৰা পুৱা ৯ বাজি ৪৪ মিনিট ৪০ চেকেণ্ডৰ সলনি পুৱা ৯বাজি ৪৪ মিনিট ২০ ছেকেণ্ডত ষ্টেছন এৰে৷

এইবিষয়ে কোনো যাত্রীয়ে কোনো ধৰণৰ অভিযোগ নিদিলে। ট্রেইন ২০ ছেকেণ্ড পূৰ্বে ষ্টেছন এৰাই কাৰোৰে কোনো সমস্যা হোৱা বুলিও জানা যায়। তথাপিও এই ঘটনাক 'ভয়ংকৰ ভ্রম' বুলি স্বীকাৰ কৰে জাপানৰ ৰেল কর্তৃপক্ষই। এয়াৰ বাবে ক্ষমা প্রার্থনা বিছাৰে৷