নতুন দিল্লীঃ সোমবাৰৰপৰা দেশৰ পাঁচখন ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া ভোটগ্ৰহণৰ প্ৰাকক্ষণত কংগ্ৰেছৰ আত্মবিশ্বাস অধিক হোৱা দেখা গৈছে৷ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যকেইখনত চলোৱা চি ভোটাৰ সমীক্ষাই ৰাজস্থান, মধ্যপ্ৰদেশ আৰু তেলেংগানাত কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি ইংগিত দিছে৷ ইফালে, চত্তীশগড় আৰু মিজোৰামত কংগ্ৰেছ আৰু বিজেপিৰ মাজত তুমুল যুঁজ হোৱাৰ সম্ভাৱনাৰ বিষয়ে ব্যক্ত কৰিছে সমীক্ষাটোত৷ 

২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত এই পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপি আৰু কংগ্ৰেছ উভয়েই মৰোঁ-জিওঁ-সোঁ-আধিকৈ লাগি পৰিছে৷ 

ৰাজস্থানৰ নিৰ্বাচনী ইতিহাসলৈ লক্ষ্য কৰিলে দেখা যায় যে ৰাজ্যখনত প্ৰতি ৫ বছৰৰ মূৰে মূৰে চৰকাৰ গঠনৰ দল সলনি হয়৷ চি ভোটাৰ সমীক্ষাত ৰাজ্যখনত আগন্তুক নিৰ্বাচনত কংগ্ৰেছে ১৪৫ খন আসন লাভ কৰিব বুলি ভৱিষ্যদ্বাণী কৰাৰ বিপৰীতে শাসনত থকা বিজেপিয়ে মাত্ৰ ৪৫ খন আসনতে সন্তুষ্ট থাকিব লাগিব বুলি প্ৰকাশ কৰা হৈছে৷ ৰাজ্যখনত কংগ্ৰেছ আৰু বিজেপিৰ ভোট শ্বেয়াৰ হ’ব ক্ৰমে ৪৭.৯ আৰু ৩৯.৭ শতাংশ৷ 

মধ্য প্ৰদেশতো ১৫ বছৰৰ পাছত কংগ্ৰেছ পুনৰ ক্ষমতালৈ আহিব৷ ৰাজ্যখনত শাসকীয় বিজেপিৰ আসনৰ সংখ্যা ১৬৬ খনৰপৰা ১০৭ খনলৈ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে৷ কংগ্ৰেছৰ ভোট শ্বেয়াৰ হ’ব ৪২.৩ শতাংশ৷ 

উল্লেখ্য যে ১২ নৱেম্বৰৰপৰা ৭ ডিচেম্বৰলৈ চত্তীশগড়, মধ্যপ্ৰদেশ, মিজোৰাম, ৰাজস্থান আৰু তেলেংগানাত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু পাঁচোখন ৰাজ্যত ভোটগণনা হ’ব ১১ ডিচেম্বৰত৷  

সমীক্ষাটোৰ মতে তেলেংগানাত কংগ্ৰেছ আৰু টি ডি পিয়ে সন্মিলিতভাৱে ৬৪ খন আসন লাভ কৰিব৷ ইফালে, এই সমীক্ষাই মিজোৰামৰ নিৰ্বাচনী ফলাফলত কোনো দলেই একক সংখ্যাগৰিষ্ঠতা নাপাব বুলি প্ৰকাশ কৰিছে৷ মিজো নেচনেল ফ্ৰন্টে ১৭ খন, কংগ্ৰেছে ১২ খন আৰু জোৰাম পিপ’লছ ফ্ৰন্টে ৯ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে৷ 

চত্তীশগড়ত চি ভোটাৰ সমীক্ষাই কংগ্ৰেছক ৪১ খন আসন আৰু বিজেপিক ৪৩ খন আসন দি এক অনিশ্চিত সদন গঠন কৰিব বুলি সম্ভাৱনা ব্যক্ত কৰিছে৷