মুম্বাইঃ কৰ’নাক লৈ সমগ্ৰ বিশ্বতে অভাৱনীয় পৰিস্থিতিয়ে দেখা দিয়াৰ সময়তে মুম্বাইৰ পৰা আহিছে এটি হৃদয় বিদাৰক খবৰ। এই খবৰে উদঙাই দিছে দেশৰ স্বাস্থ্য ব্যৱস্থাৰ ফোপোলা স্বৰূপ। ঘটনাত হতচকিত হৈ মুখৰ হাঁহি হেৰুৱাই উশাহ বন্ধ হোৱাৰ উপক্ৰম ঘটা ভুক্তভোগী বিবাহিত যুুৱক এজনে এতিয়া সহায় বিচাৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ। 

ভিকি সিং নামৰ এই লোকজনে কৰ’নাৰ বাবে কোনো কাৰণতে হেৰুৱাব বিচৰা নাই নিজৰ পত্নীক আৰু তেওঁলোকৰ যুগ্ম জীৱনলৈ মাত্ৰ ৩টা দিন পূৰ্বে আগমন ঘটা হেপাহৰ আলফুলীয়া কণমানিটিক। চিকিৎসালয়ৰ বিছনাত জীৱন-মৃত্যুৰে খেলি থকা মৰমৰ পত্নী আৰু ৩ দিনীয়া সন্তানটিক উদ্ধাৰ কৰিবলৈ হাতযোৰ কৰি লোকজনে প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী থাকৰেক আহ্বান জনাই কৈছে, 'আপোনালোকে মোৰ পৰিয়ালটোক বচাওক।’

সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুযায়ী মুম্বাইৰ চেম্বুৰৰ অঞ্চলৰ সাই হাস্পতালত লোকজনে যোৱা সপ্তাহত ভৰ্তি কৰাইছিল তেওঁৰ সন্তান সম্ভৱা পত্নীক। অৱশেষত ২৬ মাৰ্চত  পত্নীয়ে চিকিৎসালয়খনত জন্ম দিয়ে এটি সুস্থ সন্তানৰ। এটা সুকীয়া কোঠাত ৰখা হোৱা মাতৃ আৰু সন্তান দুয়োৱেই সুস্থ আৰু সজ্ঞান হৈ আছিল।

কেই ঘণ্টামান পিছতে কোঠাটোত আন এগৰাকী ৰোগীক লৈ অনা হয়। লোকজনে এতিয়া অভিযোগ কৰিছে যে হাস্পতাল কৰ্তৃপক্ষই সেইজন ৰোগীৰ দেহত COVID-19ৰ লক্ষণ থকাৰ পিছতো সুকীয়াকৈ নাৰাখি তেওঁৰ পত্নীক ৰখা কোঠাতে ৰাখিছিল।

'মোৰ পত্নী আৰু ৩ বছৰীয়া সন্তানটোৰ আজি অলপ আগতে পজিটিভ ধৰা পৰিছে। এজন COVID-19 ৰোগীক মোৰ পত্নী আৰু সন্তান থকা কোঠাতে তেওঁলোকে ৰাখিছিল। হাস্পতাল কৰ্তৃপক্ষই আমাক জনোৱা নাছিল যে ৰোগীজন COVID-19ত আক্ৰান্ত।’-হাস্পতাল চৌহদত নিজে মোবাইলযোগে ৰেকৰ্ডিং কৰি ছ’চিয়েল মিডিয়াত আপলোড কৰা ভিডিঅ’টোত এইদৰে অভিযোগ কৰিছে ৩ দিন পূৰ্বে পিতৃত্ব অৰ্জন কৰা মানসিকভাৱে ভাগি পৰা ডেকাজনে।

ভিডিঅ’টোত লোকজনে কোৱা মতে পত্নীয়ে সন্তানটি কেই ঘণ্টামান পূৰ্বে জন্ম দিয়াৰ কথা জনা সত্বেও চিকিৎসকে মুম্বাই নগৰ নিগম (BMC)ৰ আদেশৰ দোহাই দি তেওঁলোকক কোঠাটো খালী কৰিবলৈ কৈছিল। তেনে অৱস্থাতো কোঠাটো খালী কৰিবলৈ লোৱাৰ সময়তে হাস্পতালৰ ষ্টাফে কোঠাটোলৈ লৈ আহিছিল এগৰাকী COVID-19ত আক্ৰান্ত ৰোগী। ঠিক সেই মুহূৰ্তৰ পৰা লোকজনৰ পৰিয়ালটোলৈ নামি আহে ট্ৰেজেডী। ৩ দিন পিছত পত্নীৰ লগতে কণমানিটোৰ দেহতো ধৰা পৰে COVID-19।

'ৰোগীজনক মোৰ পত্নী থকা অৱস্থাতে কোঠাটোলৈ লৈ অনাৰ কিছু সময় পিছতে এজন চিকিৎসক কাষলৈ আহিছিল। চিকিৎসকজনে মোক জনাইছিল যে তেওঁলোকে এতিয়া পত্নী আৰু সন্তানটোক চোৱা-চিতা কৰিব নোৱাৰে কাৰণ কোঠাটোত এজন কৰ’না ৰোগী আছে। মোৰ পত্নী আৰু সন্তানো কৰ’নাত আক্ৰান্ত হৈ পৰাৰো সন্দেহ ব্যক্ত কৰে চিকিৎসকজনে।’-কান্দি কান্দি ভিডিঅ’টোত এইদৰে কৈছে লোকজনে।

লোকজনে বহু সময় ধৰি সন্তানটিক চেকআপ কৰাৰ বাবে চিকিৎসকক সৈমান কৰাবলৈ চেষ্টা কৰে আৰু কৰ’না টেষ্টৰ ৰিপ’ৰ্ট নহালৈ হাস্পতালখনতে থকাৰ ব্যৱস্থা কৰি দিবলৈ অনুৰোধ জনায়। কিন্তু হাস্পতাল কৰ্তৃপক্ষই কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰি তেওঁলোকক যাবলৈ বাধ্য কৰে।

'মই পত্নী, মোৰ আৰু আমাৰ কণমানিটিৰ কৰ’না টেষ্ট কৰাবলৈ নিজেই ১৩,৫০০ টকা খৰছ কৰিলো। মই চিকিৎসকসকলক ক’লো যে ৰিপ’ৰ্ট নহালৈকে আমি তাতেই থাকিম। কিন্তু তেওঁলোকে মোৰ কথা নুশুনিলে আৰু ক’লে যে হাস্পতালখন বন্ধ হ’ব, গতিকে আমি যাবই লাগিব। আনকি ডিছাৰ্জ দিওতেও তেওঁলোকে মোৰ পৰা বেছি বিল লৈ আমাক একপ্ৰকাৰ খেদি দিয়াৰ দৰেকৈ উলিয়াই দিলে।’-কথাখিনি কৈয়েই ভিডিঅ’টোত কান্দোনত ভাগি পৰা দেখা গৈছে লোকজনক।

'মই আমাৰ সন্তানটিক সদায় আমাৰ লগত ৰাখিব বিচাৰো। সন্তানটিয়ে মাকৰ কোলাত থকাতো বিচাৰো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে ডাঙৰীয়াক মই হাতযোৰ কৰিছো, প্লিজ মোৰ পৰিয়ালটোক বচাওক, পত্নী আৰু সন্তানটোক ভাল ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰি দিয়ক।’-চকুলো টুকি কেবাবাৰো কথাখিনি সেহাই সেহাই কৈ এইদৰে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক সহায়ৰ বাবে ভিডিঅ’টোৰ জৰিয়তে আহ্বান জনাইছে লোকজনে। 

ভিডিঅ’টোৰ শেষত হাস্পতাল কৰ্তৃপক্ষই কৰা অৱহেলাৰ বাবে পত্নী আৰু সন্তানৰ জীৱনলৈ ভাবুকি নামি আহিছে বুলি উল্লেখ কৰি তেওঁ আৰু কৈছে, 'মোৰ জীৱনত যি ঘটিল সেয়া আৰু কাৰোৰেই জীৱনত নঘটক। হাস্পতাল কৰ্তৃপক্ষই এনে ভুল কৰাৰ পৰা সাৱধান হওক।’

NDTVত প্ৰকাশিত বাতৰি মতে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খনে এনেদৰে বলপূৰ্বক বাহিৰ কৰি দিয়াৰ পিছত সম্প্ৰতি মুম্বাইৰ কস্তুৰবা হাস্পতালত COVID-19ৰ চিকিৎসা গ্ৰহণ কৰি আছে লোকজনৰ পত্নী আৰু সন্তানে। উল্লেখ্য যে সমগ্ৰ বিশ্বতে ভয়াৱহ হৈ পৰা এই কৰ’না ভাইৰাছত মহাৰাষ্ট্ৰত এতিয়ালৈকে আক্ৰান্ত হৈছে ২৮০ জনৰো অধিক লোক। ইয়াৰে ১৩ জনৰ ইতিমধ্যে মৃত্যু ঘটিছে।