ডিজিটেল ডেস্কঃ পুত্ৰ কন্যাক সম দৃষ্টিৰে চাৰ নোৱাৰিলে এগৰাকী মাতৃয়ে। পুত্ৰ সন্তানৰ বিছাৰি নিজেই পাহৰি গ’ল তেও যে নিজেই এগৰাকী নাৰী৷ পুত্ৰৰ সন্তান বিছাৰি অন্ধ হৈ কন্যাক নিজ হাতেৰই হত্যা কৰিলে জন্মদাত্ৰী মাতৃয়ে৷ দিল্লীৰ গাজিয়াবাদৰ এগৰাকী ৩০ বছৰীয়া মহিলাই ৩ মহীয়া পানী কেচুৱাঁক হত্যা কৰি লুকুৱাই ৰাখিলে ৱাচিং মেচিনত। তাৰ পিছত মহিলাগৰাকীয়ে অভিনয় কৰি হাহাকাৰ কৰে তিনি মহীয়া সন্তানটোক কোনো জন্তুৱে দাঙি নিয়া বুলি৷ আৰক্ষীয়ে খবৰ পাই ঘটনা স্থলিত উপস্থিত হৈ সকলো নিৰিক্ষণ কৰাত হে ওলাই পৰে ওৰহিৰ ওৰ৷ লগে লগে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হত্যাকাৰী মাতৃক৷ 

জানিব পৰা মতে, এবছৰ পূৰ্বে আৰতি নামৰ মহিলাগৰাকীৰ বিয়া হৈছিল মোহিত নামৰ লোক এজনৰ সৈতে৷ বিয়াৰ পিছত তেওঁলোকৰ সংসাৰলৈ আহিছিল এটি কন্যা সন্তান৷ নাম ৰাখিছিল শিৱানী৷ 

ঘটনাৰ দিনা মোহিত আৰু পৰিয়ালৰ অইন সদস্য সকল কামে কামে ওলাই গৈছিল৷ ঘৰলৈ উভতাৰ পিছত যেতিয়া গম পাই তিনি মহীয়া শিৱানী নাই তেতিয়া শাহু আৰু আৰতিৰ মাজত কাজিয়াৰ সুত্ৰপাত হয়৷ পিছত সোধ-পোছ কৰোতে আৰতিয়ে শিৱানীক কোনোৱে লৈ যোৱা বুলি কয়৷ তাৰ পিছতেই খবৰ দিয়া হয় আৰক্ষীক৷

আৰতিৰ ওপৰত সন্দেহ ওপজাত আৰক্ষীয়ে যেতিয়া সম্পূৰ্ণ ঘৰ ভালদৰে নিৰিক্ষণ কৰে তেতিয়া ৱাচিং মেচিনত উদ্ধাৰ হয় তিনি মহীয়া ফুলকুমলীয়া শিৱানীৰ মৃতদেহ৷ আৰক্ষীৰ জেৰাত পিছত সকলো কথাই স্বীকাৰ কৰে কিদৰে কিয় হত্যা কৰা হ’ল অবুজ শিশুটোক৷ নিজৰ ব্যৱহাৰ কৰা চুৰ্ণি খনেৰে ডিঙি চেপি হত্যা কৰি কাপোৰৰ সৈতে একেলগে ভৰাই থয় ৱাচিং মেচিনত৷   

কেচুৱাটোৰ পিতৃয়ে আৰতিয়ে প্ৰতিদিনে এটি পুত্ৰ সন্তানৰহে কামনা কৰিছিল৷ শিৱানীৰ জন্মৰ পাছত সদাই দূখ প্ৰকাশ কৰি আছিল৷ অকল এয়াই নহয় অবুজ শিশুটোক মাতৃদুগ্ধৰ পৰাও বঞ্চিত কৰিছিল৷ পৰিয়ালৰ হেচাত হে মাজে মাজে দুগ্ধপান কৰাইছিল পুত্ৰমোহত বলিয়া আৰতিয়ে৷