নতুন দিল্লীঃ দেশত হোৰাহোৰে বাঢ়িছে কৰ’নাক্ৰন্তৰ সংখ্যা। বৃহস্পতিবাৰে আক্ৰান্তৰ সংখ্যাই পাৰ কৰিছিল ৫০ হাজাৰৰ সীমা। শুকুৰবাৰে সন্ধিয়া পৰ্যন্ত সেই সংখ্যা হৈছিলগৈ ৫৬ হাজাৰ ৩৪২ জন।

অৱশেষত শনিবাৰে পুৱাই সেয়া বৃদ্ধি পাই হয়গৈ ৫৯ হাজাৰ ৬৬২ জন। অৰ্থাৎ এটা দিনতে নতুনকৈ আক্ৰান্ত হৈছে ৩৩২০ জন। আৰু ৩৫০ জন নতুনকৈ আক্ৰান্ত হ’লেই ভাৰতত আক্ৰান্ত হ’বগৈ ৬০ হাজাৰ।

আক্ৰান্তৰ লগতে মৃত্যুৰ সংখ্যা উৰ্ধগামী হৈয়ে আছে। যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ৯৫ জন লোকৰ। ফলত দেশত কৰ’নাত মৃত্যু হোৱা মুঠ ৰোগীৰ সংখ্যা গৈছে ১৯৮১ জন। এই সময়ছোৱাত সুস্থ হৈ ঘৰলৈ উভতিছে ১৭,৮৪৪ জন।

কেইদিনমান আগলৈকে ডাবলিং ৰেট আৰু সুস্থ হোৱা লোকৰ সংখ্যা যথেষ্ট বুলি উল্লেখ কৰি সন্তুষ্টি লাভ কৰি অহা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়েও এতিয়া ক’বলৈ বাধ্য হৈছে, 'ভাইৰাছৰ মাজতেই আমি জীয়াই থাকিবলৈ শিকিব লাগিব।’ ১২ দিনৰ পৰিৱৰ্তে দেশত ১০ দিনত আক্ৰান্তৰ সংখ্যা দুগুণ হ’বলৈ লোৱাৰ পিছতে ৮ মে’ত এইদৰে কয় কেন্দ্ৰই।

উল্লেখ্য যে বিগত সময়ছোৱাত দেশৰ ভিন্ন প্ৰান্তত নতুনকৈ কৰ’নাৰ সংক্ৰমণ হোৱা দেখা গৈছে। অসমতো কেবাখনো নতুন ঠাইৰ পৰা পোৱা গৈছে পজটিভৰ ঘটনা। এইবোৰৰ লগতে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে গুজৰাট, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, দিল্লী আৰু পশ্চিমবংগত।

উক্ত ৰাজ্যকেইখনত কৰ’না টেষ্টিং আৰু কণ্টেক্ট ট্ৰেচিঙৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে। লগতে চিকিৎসা ব্যৱস্থা কিদৰে অধিক উন্নত আৰু খৰতকীয়া কৰিব পাৰি সেই বিষয়েও চিন্তা আৰম্ভ কৰিছে। ইফালে, কেবাগৰাকী বিশেষজ্ঞই দেশত জুন আৰু জুলাই মাহত কৰ’নাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে বুলি মত ব্যক্ত কৰিছে।