তিনিচুকীয়াঃ জৰাজীৰ্ণ হৈ পৰিছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ। নিৰ্মাণৰ তিনিমাহ নৌহওঁতেই ঘাই পথটোৰ তিনিচুকীয়াৰ পৰা ডিব্ৰুগড় অভিমুখী অংশৰ য'তে-ত'তে দেখা গৈছে বৃহত ফাট। ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়াত পৰিছে বাহন চালক আৰু পথচাৰীসকল।

মুখ্যমন্ত্ৰীৰ ঘৰৰ সমীপতে পথৰ দুৰৱস্থা

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘৰৰ নিচেই সমীপৰ পানীতোলা পাৰ হৈয়ে টিচিপি (ট্ৰেনজিট কেম্পৰ)ৰ পৰা নাদুৱা এয়াৰ ফৰ্চ ষ্টেচনলৈকে ঠায়ে ঠায়ে নৱ-নিৰ্মিত পথটোৰ য'তে ত'তে পথটো এনেদৰে ফাটি যোৱাত সকলোৱে আশ্চৰ্য প্ৰকাশ কৰিছে। উল্লেখ্য যে মুখ্য মন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱাৰ পিছতে সৰ্বানন্দ সোণোৱালে দিয়া প্ৰত্যক্ষ নিৰ্দেশৰ ভিত্তিত ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাণৰ কাম অতি ক্ষিপ্ৰতাৰে সম্পাদন কৰা হৈছিল।

নিৰ্মাণৰ তিনি মাহ সম্পূৰ্ণ নৌহওঁতেই এনেদৰে পথছোৱা জৰাজীৰ্ণ হৈ পৰাত সকলোৱে সন্দেহৰ আঙুলি টোৱাইছে নিৰ্মাণকাৰী সংস্থাটোলৈ। খোদ মুখ্য মন্ত্ৰীৰ গৃহ জিলাতে এনে নিম্ন মানৰ ৰাস্তা নিৰ্মাণে স্পষ্ট কৰি তুলিছে বিভাগীয় বিষয়া-কৰ্মচাৰী আৰু ঠিকাদাৰৰ দুৰ্নীতি।

দুৰ্নীতিমুক্ত প্ৰশাসনৰ প্ৰতিশ্ৰুতি দিয়া সোণোৱাল চৰকাৰৰ জ্ঞাতসাৰে বিষয়া-কৰ্মচাৰী, ঠিকাদাৰৰ এনে দৌৰাত্ম্যই দুৰ্নীতিমুক্ত প্ৰশাসনৰ ঘোষণাক কাৰ্যতঃ অসাৰ কৰি তুলিছে। আনহাতে মুখ্য মন্ত্ৰীৰ গৃহ জিলাতে এনেধৰণৰ নিম্ন মানৰ ৰাস্তা-ঘাট নিৰ্মাণ হ'বলগীয়া হয় তেন্তে বাকী জিলাত নিৰ্মিত বাট-পথ কেনে হ'ব তাক লৈও সন্দিহান হৈ পৰিছে ৰাজ্যবাসী।