3D এনিমেশ্যন। 3D প্রিন্টিং। 3D স্কেনিং। বিশ্বায়নৰ যুগত 3D-ৰ চাহিদা অশেষ। কিন্তু, 3D TV? 3D ৰ জনপ্ৰিয়তাৰ মাজতে মৃত্যুৰ বহীত নাম উঠল 3D TV-ৰ। এককথাত ফ্লপ। এতিয়া 3D TV-ৰ বিক্রেতা বিচাৰি পোৱাতো দুৰূহ। কোনো বৃহৎ প্ৰতিষ্ঠানে প্ৰস্তু কৰা নাই 3D TV৷ LG আৰু ছ’নিয়েও বন্ধ কৰিছে 3D TV-ৰ প্ৰডাকশ্যন৷ ২০১০ বৰ্ষত ‘অবতাৰ’ ছবিৰ সাফল্যৰ পিছত 3D প্রযুক্তিৰ চাহিদা অভূতপূর্বভাৱে বৃদ্ধি পাইছিল। কিন্তু, ৭ বছৰ পিছত প্রায় বন্ধৰ দিশে গতি কৰিছে 3D TV প্ৰজেক্ট। 3D TV ফ্লপ হোৱাৰ কাৰণ কি?

১) বিষয়বস্তুর অভাব। DirectTV আৰু ESPN-এ ২০১৩ চনতে কনটেন্ট সম্প্রচাৰ বন্ধ কৰি দিয়ে৷

২) 3D TV চাবলৈ যি চশমা পিন্ধিব লাগে, সেয়া সকলোৰে বাবে গ্ৰহণযোগ্য নাছিল। সকলো সময়তে ওজন থকা চশমা পিন্ধি TV চোৱাতো বহুতৰে বাবে আছিল বিৰক্তিকৰ৷

৩) 3D TV ব্যবহাৰৰ পিছত চকুৰ ওপৰত চাপ পৰাৰো অভিযোগ উঠছিল।

৪) 2D TV-তেই 3D ফিচাৰ ব্যবহাৰ কৰা যায়। সেয়ে ইয়াৰ পৃথক ব্যৱহাৰৰ প্ৰয়োজনীতা অপ্ৰয়োজনীয়।

৫) 3D TV-ত চিনেমা মানেই কেৱল ব্লু-ৰে ডিস্কৰ ব্যবহাৰ।

বহুতৰ মতে, সময়ৰ আগতে বজাৰলৈ ওলাইছিল 3D TV। সেয়ে গ্রহণযোগ্যতা গঢ়ি নুঠিল।সি যি নহওক বর্তমান নহ’লেও ভবিষ্যতত পুনৰ দেখা যাব পাৰে 3D TV৷