নলবাৰী/মুকালমুৱাঃ বৰণ সলালে তেওলোকে৷ বৰণ সলোৱাতো এটা পৰম্পৰা৷ যিহেতু ডাঙৰ ডাঙৰ বোৰেই বৰণ সলাই থাকে সৰু বোৰে নসলাব কিয়৷ ৰাজনীতিত বৰণ সলাই থকাই কাম৷

আজমলক এৰিলে এইবাৰ কংগ্ৰেছ যোগ দিলে ৫০০ লোকে৷ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ পাঁচ শতাধিক লোকে আজমলৰ এআইইউডিএফ দল এৰি যোগ দিয়ে কংগ্ৰেছ।

মঙলবাৰে বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ মুকালমুৱাৰ ৰাজীৱ ভৱনত অনুষ্ঠিত কংগ্ৰেছৰ এখন সভাত লোকসকলে ইউডিএফ এৰি যোগদান কৰে কংগ্ৰেছত৷ নলবাৰী জিলাৰ অতি গুৰুত্বপুৰ্ণ তথা চৰ্চাৰ বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিজেপিৰ ভেটিক কপনি তুলি পাঁচ শতাধিক লোকে কংগ্ৰেছত যোগদানে বিপদত পেলাব পাৰে বৰক্ষেত্ৰীৰ বিজেপিক৷

প্ৰাক্তন মন্ত্ৰী কংগ্ৰেছৰ জ্যেষ্ঠ নেতা নেতা ডাঃ ভূমিধৰ বৰ্মনৰ উপস্থিতিত যোগদান কৰে কৰে লোকসকলে৷ ডাঃ ভূমিধৰ বৰ্মনে সভাত বিজেপিৰ কটাক্ষ কৰি বিজেপি চৰকাৰে ৰাজ্যত প্ৰতিশ্ৰুতিৰ পৰিবৰ্তন আনিছে বুলি কয়৷ চৰকাৰক নাগালিম সন্দৰ্ভত স্থিতি স্পষ্ট কৰাৰ দাবী জনায় কংগ্ৰেছ নেতা ডাঃ বৰ্মনে৷