নলবাৰীঃ নলবাৰী জিলাৰ এটি বৃহত্তৰ অঞ্চল বৰভাগ। মুঠ ৫৪খন গাঁৱৰে পৰিৱেষ্টিত এই বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণক নিৰাপত্তা দিছে মাত্র ১৬জন আৰক্ষীয়ে।

১৯৬৬ চনতে অঞ্চলটোৰ কমাৰকুছিত স্থাপিত কমাৰকুছি আৰক্ষী চকীত নাই প্ৰয়োজনীয় আৰক্ষীৰ লোক৷ সম্প্ৰতি চকীটোত এজন উপ-পৰিদৰ্শক, এজন সহঃউপ-পৰিদৰ্শক,পাঁচগৰাকী কনিষ্টবল আৰু আঠজন গৃহৰক্ষীৰ জোৱানসহ মুঠ ১৬জন আৰক্ষীৰ লোক দায়িত্বত নিয়োজিত হৈ আছে৷

এখন থানা হ’ব পৰাকৈ চকীটোৰ সকলো অৰ্হতা থকাৰ পিছতো চৰকাৰে এই ক্ষেত্রত চৰকাৰে কোনো পদক্ষেপ নল’লে। প্ৰয়োজনীয় আৰক্ষীৰ অভাৱত দায়িত্ব সম্পাদনৰ সময়ত সমস্যাৰ সন্মুখীন হোৱা বুলি news next oneক জনাইছে আৰক্ষী চকীটোৰ ভাৰপ্ৰাপ্ত বিষয়া জগদীশ কলিতাই।

আনহাতে অসম আৰক্ষীৰ আধুনিকীকৰণৰ কোনো আঁচনিয়ে স্পৰ্শ কৰিব পৰা নাই চকীটোক। চকীৰ চাৰিওফালে নাই কোনো ধৰণৰ বেৰ। যিকোনো মুহূৰ্তত দুৰ্বৃত্ত সোমাব পৰাকৈ চৌদিশ মুকলিমূৰীয়া। বিদ্যু९ যোগান ব্যাহত হ’লেই নিশাৰ অন্ধকাৰত নিমজ্জিত হয় চকীটো। মাত্ৰ এটা চাৰ্জাৰ লাইটেৰে চলে কাম-কাজ। অৱশ্যে সৌৰশক্তিৰ জৰিয়তে পোহৰৰ ব্যৱস্থা কৰা হৈছে যদিও সেয়াও প্ৰায় বিকল।

আৰক্ষীৰ লোকসকলে ব্যৱহাৰ কৰা শৌচাগাৰ, স্নানাগাৰ আদিৰো অৱস্থা তথৈবচ। বাৰিষা বৰষুণ দিলেই গৃহত সোমায় পানী। স্থানীয় ৰাইজে শীঘ্ৰে চকীটোক এখন পূৰ্ণাংগ থানালৈ উন্নীত কৰি অঞ্চলবাসীৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চৰকাৰক দাবী জনাইছে।