কলকাতাঃ কৰ'নাৰ সংক্ৰমণৰোধ কৰিবলৈ যজ্ঞ আয়োজন কৰি গ্ৰেপ্তাৰ হ'ল ৬ জনকৈ লোক। এই ঘটনা সংঘটিত হৈছে পশ্চিমবংগৰ ২৪ পৰগণা জিলাৰ বাৰাছত পৌৰ সভাৰ ২৮ নং ৱাৰ্ডৰ বাদু কাঠুত।

পশ্চিমবংগৰ স্থানীয় সংবাদ পত্ৰ আনন্দ বাজাৰ পত্ৰিকা আৰু এই সময়ত প্ৰকাশিত বাতৰি মতে নৱগ্ৰহ যজ্ঞৰ লগতে কাপোৰেৰে কৰ'না ভাইৰাছৰ প্ৰতিকৃতি তৈয়াৰ কৰি সেয়া যজ্ঞৰ অগ্নিত দাহো কৰিছে একাংশ অত্যুৎসাহীয়ে। যজ্ঞত লকডাউন অমান্য কৰি যথেষ্ট লোকে ভিৰ কৰিছিল বুলিও বাতৰিটোত কোৱা হৈছে।

যোৱা শনিবাৰে সন্ধিয়া অনুষ্ঠিত এই যজ্ঞৰ জৰিয়তে আয়োজকসকলে কৰ'না ভাইৰাছৰ পৰা ভাৰতে পৰিত্ৰাণ লাভ কৰিব বুলিও দাবী কৰিছে। বাতৰিটোৰ মতে আয়োজকসকলে কৰ'নাৰ প্ৰতীকৰ কাষতে এখন কাগজত লিখি ভাইৰাছবিধৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰখা চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকৰ্মী আৰু আৰক্ষীকো ধন্যবাদ জনাইছে।

যজ্ঞত কৰ'নাত অকালতে মৃত্যু হোৱা লোকসকলকো গভীৰ সমবেদনা জনাই আয়োজকসকলে। ইয়াৰ পিছতে পুৰোহিতে মন্ত্ৰোচ্চাৰণৰে পূজা আৰম্ভ কৰে। পূজাৰ অন্তত আৰম্ভ হয় যজ্ঞ। যজ্ঞৰ জুইত দাহ কৰা হয় কৰ'না ভাইৰাছৰ কাগজ আৰু কাপোৰ আদিৰে তৈয়াৰ কৰা প্ৰতীক। দছেৰাৰ দৰে আকৰ্ষণীয় দৃশ্য দেখি লাহে লাহে এজন দুজনকৈ সেই যজ্ঞত স্থানীয় লোকৰ ভিৰ হ'বলৈ ধৰে।

এই সন্দৰ্ভত যজ্ঞৰ আয়োজক দিলীপ পাল নামৰ ব্যক্তিজনে কয়, 'ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখি নৱগ্ৰহ পূজা আৰু হোম যজ্ঞ কৰিলে অশুভ শক্তিৰ বিনাশ হয়।' কৰ'নাৰ দৰে অশুভ শক্তিক বিনাশ কৰিবলৈকে যজ্ঞৰ আয়োজন কৰা হৈছিল বুলিও তেওঁ সদৰী কৰে।

ইয়াৰ মাজতে যজ্ঞত ভিৰ প্ৰত্যক্ষ কৰি একাংশ লোকে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়। আৰক্ষী উপস্থিত হোৱাৰ লগে লগে ভিৰ এৰি লোকসকলে পলায়ন কৰে। পিছত লকডাউন ভংগ কৰাৰ অপৰাধত যজ্ঞৰ সৈতে জড়িত ৬ জনকৈ লোকক আটক কৰে আৰক্ষীয়ে।

আনহাতে বিষয়টোক লৈ 'বিজ্ঞান আৰু যুক্তিবাদী মঞ্চ'ৰ সম্পাদক প্রদীপ সৰকাৰে কয়, 'দেশত বিজ্ঞানমনষ্কতা হ্ৰাস পাইছে। মানুহবোৰ অন্ধবিশ্বাসী হৈ পৰিছে। কোনোঠাইত যদি যজ্ঞ পাতিছে, কোনো ঠাইত আকৌ সামাজিক দূৰত্বৰ কথা পাহৰি মানুহে মছজিদত জুমবান্ধি নামাজ পঢ়িছে। দেশৰ নেতাকলেই যেতিয়া অন্ধবিশ্বাসী তেনেস্থলত সাধাৰণ ৰাইজনো কোন কূটা?'