photo-aiks-twitter-accounts

ডিজিটেল ডেস্কঃ কৃষি ক্ষেত্ৰত দেশৰ ভিতৰতে দ্বিতীয় বৃহৎ ৰাজ্য হিচাপে পৰিগণিত ৰাজ্য মহাৰাষ্ট্ৰ৷ মহাৰাষ্ট্ৰৰ মুঠ জনসংখ্যাৰ ৫১শতাংশ লোকেই কৃষিৰ ওপৰত নিৰ্ভৰশীল৷ কিন্তু অতি পৰিতাপৰ বিষয় যে ৰাজ্যখনত ১৯৯৫-২০০৫ চনলৈকে প্ৰায় ৭০,০০০ হাজাৰ কৃষকেই আত্মহত্যা কৰিছে৷ ১৯৯৭-২০০৬ চনত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি দেশৰ আত্মহত্যা কৰা কৃষকসকলৰ ভিতৰত প্ৰতি পাঁচ গৰাকীয়েই মহাৰাষ্ট্ৰৰ কৃষক৷  

►►►►সৰ্ব ভাৰতীয় কৃষক সভাৰ সহকাৰী সম্পাদক বিজু কৃষ্ণণে মহাৰাষ্ট্ৰৰ কৃষক আন্দোলন সন্দৰ্ভত জনপ্ৰিয় হিন্দী আৰু ইংৰাজী ভাষাৰ ৱেব ছাইট firstpost.com-ক দিয়া এটি সাক্ষাৎকাৰ.......

⇒প্ৰশ্নঃ-কৃষকে এতিয়া আত্মহত্যা কৰাৰ পৰিৱৰ্তে আন্দোলনত নামি পৰিছে৷ কিয়নো মহাৰাষ্ট্ৰৰ ৩০,০০০ হাজাৰ কৃষকে ৰাজ পথলৈ ওলাই আহি চৰকাৰৰ বিৰুদ্ধে আন্দোলনত নামি পৰিছে৷ এই আন্দোলনে কৃষকৰ সমস্যা পূৰণ কৰিব বুলি ভাবানে?   

⇒উত্তৰঃ-অখিল ভাৰতীয় কৃষক সভাৰ লগতে অন্য সংগঠন সমূহে মানি লৈছে যে আত্মহত্যা কৰাৰ পৰিৱৰ্তে একত্ৰিত হৈ সংগ্ৰাম কৰা উচিত৷ বিগত কেইবছৰমানৰ পৰা কৃষকসকলৰ লগতে সকলো দল-সংগঠনে ন্যায়ৰ সপক্ষে যুঁজি আহিছোঁ৷ যি সমূহ এলেকাত কৃষকে আত্মহত্যা কৰাৰ সম্ভাৱনা অধিক, সেই এলেকা সমূহলৈ গৈ কৃষকসকলক একত্ৰিত কৰি দিল্লীত গৈ ধৰ্ণা কাৰ্যসূচীও ৰূপায়ণ কৰা হৈছে৷

অামি দাবী পূৰণক লৈ আন্দোলন কৰি অাহিছোঁ যদিও চৰকাৰে কৃষকসকলৰ প্ৰতি কোনো গুৰুত্ব আৰোপ কৰা নাই৷ আমি চৰকাৰৰ ওচৰত বহুবাৰ স্মাৰকপত্ৰও প্ৰদান কৰি আহিছোঁ৷ স্মাৰক পত্ৰ সমূহত উত্থাপিত বিষয়সমূহৰ প্ৰতি যদি চৰকাৰে অলপ হ’লেও গুৰুত্ব দিয়াহেঁতেন কৃষকসকলে এনেদৰে ৬ দিনকৈ খোজ কাঢ়িব নালাগে৷

কিন্তু এই আন্দোলনে শাসিত চৰকাৰক অলপ হ’লেও ভয় খুৱাবলৈ সক্ষম হৈছে৷ এই আন্দোলনৰ সৈতে ৰাজনৈতিক কথাও জড়িত হৈ আছে৷ আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই কৃষকসকলে যি সমূহ দাবীক লৈ বৃহৎ কৃষক আন্দোলনৰ ৰূপায়ণ কৰিলে, ইয়াক প্ৰতিৰোধ কৰিবৰ বাবে চৰকাৰে প্ৰথমে এশবাৰ ভাবিব লাগিব৷ কিয়নো ২০১৯ৰ লোকসভা নিৰ্বাচন সমাগত৷ 

⇒প্ৰশ্নঃ-কৃষকসকলে নাছিকত উপস্থিত হোৱাৰ পাছত দেশৰ বিভিন্ন দল সংগঠনে তেওঁলোকক সঁহাৰি জনাইছিল৷ কিন্তু ৰাজ্য চৰকাৰৰ বহু নেতাই কৃষকসকলৰ প্ৰতি বিৰূপ মন্তব্য কৰা দেখা গৈছে৷ বিজেপি নেতা পুনম মহাজনে কৃষকসকলক চহৰৰ মাওবাদী বুলি আখ্যা দিছে৷ আপুনি নিজেও কৃষকৰ পদযাত্ৰাত অংশ লৈ আন্দোলনৰ স্থানত উপস্থিত হৈছেগৈ৷ এতিয়া প্ৰশ্ন হ’ল, নেতাসকলৰ এনে মনোভাৱ দেখি কৃষকৰ সমস্যাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব বুলি আপুনি ভাবানে? 

⇒উত্তৰঃ-প্ৰধানমন্ত্ৰীৰ লগতে সকলো নেতাই এনে মন্তব্যই কৰি আহিছে৷ ২০১৪ চনৰ লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে দেশত ৩০০তকৈ অধিক সভাত কৃষকৰ ভালৰ বাবে কাম কৰা, স্বামীনাধন আয়োগৰ পৰামৰ্শৱালী ৰূপায়ণ কৰাৰ লগতে বহুতো লোভনীয় সমস্যা পূৰণৰ আশ্বাস দিছিল৷

কিন্তু সকলোবোৰ পিছ পৰি ৰ’ল৷ আমি কৃষি মন্ত্ৰীকো সাক্ষাৎ কৰোঁতে মন্ত্ৰী গৰাকীয়ে কয়, আমি নিৰ্বাচনৰ সময়ত বহুত কথায়ে কওঁ৷ সকলোবোৰ কথা আপোনালোকে কিয় গভীৰভাৱে লয়? প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰ্বাচনৰ ভেল্কীবাজী ভাষণৰ বিষয়ে সকলোৱে জ্ঞাত৷ পুনম মহাজনৰ দৰে এনে মন্তব্য কৰা নেতাসকলৰ অসংবেদনশীলতাৰে পৰিচয় দিয়ে৷

আমাক এগৰাকীয়ে বদনাম কৰাৰ বিপৰীতে একে দলৰে নেতাই ৰাজনৈতিক জীৱনত প্ৰথমবাৰৰ বাবে এনে শান্তিপূৰ্ণ আন্দোলন দেখা বুলি ধন্যবাদ দিছে৷ ফাৰ্ণাবিজেও কৈছে, কৃষক নহয়, আদিবাসীহে৷ তেওঁ পাহৰি গ’ল যে, আদিবাসী সকলো পূৰ্বতে কৃষকেই আছিল৷ তেওঁলোকৰ ভূমি চৰকাৰে জোৰ-জবৰদস্তি কৰি হস্তক্ষেপ কৰি লোৱাৰ চেষ্টা কৰি আহিছে৷ যিটো জীৱিকাৰ বাবে বিপদজনক৷ মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, চট্টীশগড়ত বহুতো শিশু পুষ্টিহীন ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে৷

যি সময়ত দেশৰ অধিকসংখ্যক লোকে এটুকুৰা ৰুটি বিচাৰি হাহাকাৰ কৰিব লগা হৈছে, চৰকাৰে এইবোৰ বিষয়ত গুৰুত্ব নিদি আধাৰ কাৰ্ড বনোৱা, দেশক ডিজিটেল কৰাৰ ক্ষেত্ৰতহে বেছি মনোনিৱেশ কৰি আছে৷ শিৱাজীৰ প্ৰতিমূৰ্তিয়ে হওক বা চৰ্দাৰ পেটেলেই হওক-এই মহান মনীষীসকলৰ যি ত্যাগ, সেই ত্যাগক সদায় সন্মান জনোৱা উচিত৷ এইবোৰ বিষয়ত কোনো দ্বিমত নাই৷

এইবোৰত লাগি থকাটো ৰাজনৈতিক নেতাৰ প্ৰাথমিকতা নহয়৷ দেশত ইমান দৰিদ্ৰ লোক আছে, এই লোকসকলে শিক্ষাৰ অধিকাৰ লাভ নকৰা, অংগনৱাড়ী কৰ্মীয়ে উপয়ুক্ত পাৰিশ্ৰমিক নোপোৱা, কৰ্মসংস্থাপন নোপোৱা আদি ডাঙৰ সমস্যাসমূহতহে গুৰুত্ব দিয়াটো প্ৰয়োজনীয়৷

⇒প্ৰশ্নঃ-২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বামীনাথন আয়োগৰ পৰামৰ্শৱলী ৰূপায়ণ কৰাৰ কথা কৈছিল৷ কিন্তু কিয় এই পৰামৰ্শৱলী বৰ্তমানেও ৰূপায়ণ নহ’ল? 

⇒উত্তৰঃ-কেইমাহ মানৰ পূৰ্বে গুজৰাটলৈ যাওঁতে কৃষকসকলৰ লগতে কথা পাতোঁতে কৈছিল, গুজৰাট মডেল নহয়৷ কৃষকৰ মাটি, পানী, জংঘল সকলোবোৰ চৰকাৰে হস্তক্ষেপ কৰি লোৱা মডেলহে৷ এইবোৰ সকলোৱেই দেখি আহিছে৷

এই চাৰিবছৰত বিজয় মালিয়া, নীৰৱ মোডী, ললিত মোডীয়ে টকা লুটি বাহিৰলৈ কেনেকৈ পলাই গৈছে? যোৱা চাৰি বছৰত কৃষকসকলে চৰকাৰৰ যি কাম প্ৰত্যক্ষ কৰি আহিছে, সেইবোৰ দেখি কৃষকসকলে ভাবি লৈছে যে এইখন চৰকাৰ কৃষক বিৰোধী৷ চৰকাৰে ইয়াৰ ফল ২০১৯ চনত ভোগ কৰিব লাগিব৷ ইয়াকলৈ বিজেপিয়ে ভয় খাই আছে৷  

⇒প্ৰশ্নঃ-মুম্বাইৰ জনসাধাৰণে কৃষকসকলৰ আন্দোলনৰ সমৰ্থন জনালে, ইয়াৰ বিষয়ে আপুনি কি ক’ব বিচাৰে?

⇒উত্তৰঃ-মুম্বাইত কৃষক সভাৰ একো নাছিল, যেতিয়া ৩০,০০০ হাজাৰ কৃষকে মুম্বাইত উপস্থিত হ’লগৈ, তেতিয়া মুম্বাইৰ জনসাধাৰণে ঘৰৰ ওপৰৰ পৰা ফুল ছটিয়াইছিল, আহাৰ যোগান ধৰিছিল৷ আনহাতে শিখ সম্প্ৰদায়ৰ লোকে ঘোষক হৈছিল, মুছলমানৰ লোকে আহাৰ যোগান ধৰাৰ লগতে বহু লোকে চেন্দেলো আনি দিছিল৷

এই লোকসকলৰ মনত কৃষকৰ প্ৰতি প্ৰেমভাৱ থকাৰ বাবেই নিজৰ ইচ্ছা মতে এই কামবোৰ কৰিছিল৷ মুম্বাইৰ লোকসকলে বুজি পাইছিল যে, আমাৰ ভালৰ বাবেই ইমান দূৰ খোজ কাঢ়ি আহিছে৷ এই আন্দোলনত আমি ডাঙৰ ডাঙৰ ব্যক্তিৰ সমৰ্থন লাভ কৰিছোঁ৷ 

⇒প্ৰশ্নঃমুখ্যমন্ত্ৰী ফাৰ্ণাবিজে আশ্বাস দিয়াৰ পাছত কৃষকসকল উভটি গ’ল৷ আপোনাৰ বিশ্বাস হয়নে চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব বুলি? যদি প্ৰতিশ্ৰুতি পূৰণ নহয় তেন্তে এই আন্দোলন চলাই যাবনে?

⇒উত্তৰঃ-বিজেপিৰ এগৰাকী প্ৰবক্তাই কৈছিল এই কৃষকসকল অনাখৰী৷ আমি তেওঁলোকক বুদ্ধি কৰি আন্দোলন কৰিবলৈ লৈ আনিছোঁ৷ তেওঁ এইটো ভাবি লৈছে যে কৃষকসকলে একো কথা বুজি নাপায়৷ পূৰ্বে দিয়ে প্ৰতিশ্ৰুতিসমূহ পূৰণ নকৰাৰ বাবেই কৃষকসকলে আন্দোলন কৰিছে, কৃষিক্ষেত্ৰক এক লাভজনক ব্যৱসায় ৰূপত গঢ়ি তোলাৰ বাবে৷

চৰকাৰে কৃষকসকলক এক আকৰ্ষণীয় জীৱন কটাব পৰাকৈ সা-সুবিধা প্ৰদান কৰিবলৈ চিন্তা-চৰ্চা কৰা উচিত৷ এবছৰৰ পাছত কৃষকসকলে পেঞ্চন পোৱাটো অনিবাৰ্য কৰা উচিত৷ প্ৰতিশ্ৰুতি পূৰণ নকৰিলে আমাৰ এই আন্দোলন অন্য সংগঠনৰ লগ হৈ চলাই যাম৷

⇒প্ৰশ্নঃ-এই আন্দোলনক বহুতে ৰাজনীতিৰ দৃষ্টিৰে চাইছে৷ এই কথাও উত্থাপিত হৈছে যে ত্ৰিপুৰাত বাওঁমৰ্চাই পৰাজয়বৰণ কৰাৰ বিষয়টো পাহৰাবলৈ এই আন্দোলন কৰা হৈছে৷ এই উত্তৰটো আপোনাতকৈ কোনোবা দ্বিতীয়জনে দিব পাৰিবনে৷ আপুনি কি ক’য়? 

⇒উত্তৰঃ-পদযাত্ৰা কৰিলেই ত্ৰিপুৰাৰ ফলাফল তল পৰি যাব? ত্ৰিপুৰাৰ নিৰ্বাচনৰ বিষয়ে ত্ৰিপুৰাত আলোচনা কৰিব৷ এই বিষয়ে আমি মহাৰাষ্ট্ৰত কিয় আলোচনা কৰিম? ১৯৩৬ চনত কৃষক সভা গঠন হৈছিল৷ স্বামী সহজানন্দ সৰস্বতী ইয়াৰ প্ৰথম অধ্যক্ষ আছিল৷

এই সন্মিলনত জয়প্ৰকাশ নাৰায়ণ, জৱাহৰলাল নেহৰুৰ দৰে লোক জড়িত হৈ আছিল৷ এই সংগঠনে ব্ৰিটিছ সাম্ৰাজ্যবাদ তথা সামন্তবাদৰ বিষয়ে আন্দোলন কৰিছিল৷ সকলোতে ৰাজনীতি জড়িত হৈ থাকে৷ আমি যেতিয়া নৱ উদাৰ নীতিৰ বিৰোধীতা কৰিছোঁ ইয়াৰ লগত নিশ্চিতভাৱে ৰাজনীতি জড়িত হৈ থাকিব৷ দেশত বৰ্মান কিছুমান সংগঠনে সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত ঘটাই আহিছে৷ ইয়াকো আমি বিৰোধ কৰি আহিছোঁ৷ নিশ্চিত ৰূপত আমাৰ সংগঠনৰ লগত এক ৰাজনীতি জড়িত হৈ আছে, যিটো হৈছে কৃষকৰ স্বাৰ্থত কৰা ৰাজনীতি৷