ডিজিটেল ডেস্কঃ তিনিটা সন্তানৰ মাতৃ হৈয়ো বক্সিঙত আজিও দপদপাই আছে বক্সিঙৰ ৰাণী মেৰী কমে৷ ২ বছৰীয়া বিৰতিৰ পিছত উভতি আহি পুনৰ লাভ কৰিলে সোণৰ পদক৷ পাঁচবাৰৰ বিশ্ব চেম্পিয়ন মেৰী কমে লাভ কৰিলে ছয় নম্বৰটো সোণৰ পদক৷ ফাইনেলত প্ৰৱেশ কৰাৰ পূৰ্বে চমক দিয়ে মেৰীয়ে৷ এইবাৰ উত্তৰ কোৰিয়ান প্রতিপক্ষক হৰুৱাই ভিয়েতনামত অনুষ্ঠিত এছিয়ান বক্সিং চেম্পিয়ন শ্বীপত সোণ জিকে মেৰীয়ে৷ চেমিফাইনেলত জাপানৰ তচুবাচা কমুৰাক হৰুৱাইছিল ৫-০ত। ফাইনেলত কোৰিয়াৰ হায়াং মি কিম-কোক পৰাজিত কৰে ৫-০তেই। এনেদৰেই হো চি মিন চিটিত উভতনি কৰিলে মেগনিফিচেন্ট মেৰীয়ে।

'দেশেৰ কথা মনলৈ আহিলেই ফাইনেল খেলিম।' চেমি-ত জিকাৰ সময়ত এলেদৰে কৈছিল পাঁচ বাৰৰ বিশ্ব চেম্পিয়নগৰাকীয়ে। মেৰী প্রথম ৰাউণ্ডৰ পৰাই আক্রমণাত্মক আছিল৷ প্রথম ৰাউণ্ডতেই পইন্ট সংগ্ৰহ কৰে। দ্বিতীয় আৰু তৃতীয় ৰাউণ্ডৰ তুলনাত ডিফেন্সিভ আছিল মেৰী কম। আৰু সুযোগ পালেই পাঞ্চিং পইন্ট সংগ্ৰহ কৰিছিল ভাৰতীয় বক্সাৰগৰাকীয়ে।

আনহাতে, প্রথম ৰাউণ্ডত ভাল খেলিলেও দ্বিতীয় আৰু তৃতীয় ৰাউণ্ডত ছাপ সৃষ্টি কৰিব নোৱাৰিলে মেৰীৰ বিৰদ্ধে। অৱশেষত বিচাৰকে জয়ী ঘোষণা কৰিব লগা হয় মেৰী কমক।

৩৫ বছৰীয়া মেৰী ইয়াৰ পুৰ্বে ৫১ কেজি শাখাত খেলিলেও এইবাৰ ৪৮ কেজি শাখাত খেলে৷ মেৰীৰ শেষৰটো পদক আছিল ২০১৪-ৰ এছিয়ান গেমচত।