newsnextone.com | গুৱাহাটীঃ বক্তিগত হস্পিতালে ৰোগীৰ পৰিচৰ্যাৰ তথা শুশ্ৰূষা কৰাত কিমান গুৰুত্ব আৰোপ কৰে। সেই কথাৰ উত্তৰ বিচাৰিব লাগিলে গুৱাহাটী মহানগৰীৰ কেইবাখনো  ব্যক্তিগত খণ্ডৰ হস্পিতাললৈ গৈ ভিতৰ খণ্ডৰ পৰিস্থিতি পৰীক্ষা কৰিলেই প্ৰকৃত পৰিবেশ ওলাই পৰিব। ৰোগীৰ মৰ্যদা ৰক্ষা কৰাৰ পৰিৱৰ্তে কেৱল ধন ঘটাৰ ফন্দি পাতি ৰোগীৰ পৰিয়ালক হাৰাশাস্তি কৰি অহাৰ অভিযোগ সময়ে সময়ে উত্থাপন হৈ আহিছে।

তাৰ মাজতে গুৱাহাটী মহানগৰীৰ এখন ব্যক্তিগত হস্পিতালত বিকট শব্দৰ বাবে ৰুগীয়া লোকে হাহাকাৰ কৰিব লগা হৈছে। ৰুগীয়া লোকৰ বাবে আতংকৰ কাৰণ হৈ পৰিছে গুৱাহাটী মহানগৰীৰৰ মাজমজিয়াৰ এপল' হস্পিতাল। 

২৪ ঘণ্টাই ওলাই থকা বিকট শব্দৰ বাবে হস্পিতাল খনত ভৰ্তি হৈ থকা ৰোগীয়ে হাহাকাৰ কৰিব লগা হৈছে। সমীপতে হস্পিতাল কৰ্তৃপক্ষই নিৰ্মাণ কাৰ্য চলাই যোৱাত আৰু দেৱাল ভাঙিবলৈ ব্যৱহাৰ কৰা মেচিনৰ বিকট শব্দই অশান্তিত সময় পাৰ কৰিব লগা হৈছে ৰুগীয়া লোকে। 

এপল' হস্পিতাল কৰ্তৃপক্ষই হস্পিতালখনত সকলো মাচুলেই বৃদ্ধি কৰিছে। মাচুল বৃদ্ধি কৰিলেও ৰোগীৰ যতন লবলৈ সময় নাই হস্পিতাল কৰ্তৃপক্ষৰ। যোৱা চাৰিদিনেই হস্পিতালৰ কাষতে নিৰ্মাণ কাৰ্য চলি থকাত মেচিনৰ তীব্ৰ শব্দই ভাৰাক্ৰান্ত কৰিছে ৰোগীসকলক। দিনেই-নিশাই শব্দ প্ৰদূষণ হৈ থকাত ৰোগীৰ নিদ্ৰা হৰণ হোৱাৰ লগতে মানসিক কষ্ট পোৱা বুলি অভিযোগ উত্থাপন হয়। একাংশ লোকে হস্পিতাল কৰ্তৃপক্ষক নিৰ্মাণ কাৰ্য সমাপ্ত নোহোৱা পৰ্যন্ত হস্পিতাল বন্ধ ৰাখিবলৈ দাবী জনায়।