লণ্ডনঃ এমনেষ্টী ইন্টাৰনেচনেলে ম্যানমাৰৰ নেত্ৰী আঙ ছান ছ্যু কীৰপৰা ঘূৰাই লোৱা হৈছে তেওঁলোকে প্ৰদান কৰা সৰ্বশ্ৰেষ্ঠ সন্মান ঘূৰাই লৈছে। ম্যানমাৰ আৰ্মীয়ে দেশখনৰ ৰহিঙীয়া মুছলিমৰৰ বিৰুদ্ধে চলোৱা অত্যাচাৰৰ কোনো প্ৰতিবাদ নকৰাৰ বাবে শান্তিৰ নোবেল বঁটা প্ৰাপকগৰাকীৰপৰা এনেদৰে সন্মান আঁজুৰি অনা হ’ল৷ 

এমনেষ্টী ইন্টাৰনেশ্বচলৰ মুখ্য বিষয়াই প্ৰেৰণ কৰা এক পত্ৰত ছ্যু কী নিপীড়িত জনতা আশা, সাহস আৰু মানৱধিকাৰৰ ৰক্ষকৰ প্ৰতীক হৈ থকা নাই বুলি উল্লেখ কৰা হয়। 

জানিব পৰা মতে, বাংলাদেশত আশ্ৰয় লোৱা ৰহিঙীয়া শৰণাৰ্থীসকলক ম্যানমাৰলৈ সন্মানজনকভাৱে ওভতাই পঠিয়াবলৈ দাবী উত্থাপন কৰিছে আমেৰিকাই।