ডিজিটেল ডেক্সঃ সমাপ্ত হ’ল আমেৰিকান ইতিহাসৰ এক গুৰুত্বপুৰ্ণ অধ্যায়। মৃত্যু হ’ল প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি জৰ্জ বুশ্বৰ।মৃত্যুৰ সময়ত তেখেতৰ বয়স ৯৪ বছৰ আছিল।স্থানীয় সময় অনুসৰি শুক্ৰবাৰে ৰাতিপুৱা ৩ বজাত তেখেতে শেষ নিঃশ্বাস ত্যাগ কৰে।
আমেৰিকাৰ ৪১তম ৰাষ্ট্ৰপতি আছিল জৰ্জ হাৰবাৰ্ট ৱাকাৰ বুশ্ব।প্ৰয়াত বুশ্ব ১৯৮৯ চনৰ পৰা ১৯৯৩চনলৈকে আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিল।কূটনীতিবিদসকলৰ মতে তেখেতৰ পুত্ৰ জৰ্জ বুশ্বেও পিতৃৰ পদাংক অনুসৰণ কৰিয়েই দেশ পৰিচালনা কৰিছিল।কেৱল আমেৰিকাতেই নহয় সমগ্ৰ বিশ্বৰ ইতিহাসতেই জৰ্জ হাৰবাৰ্ট ৱাকাৰ বুশ্বে গভীৰ খাঁচ বহুৱাই থৈ গৈছে।শীতল যুদ্ধৰ সময়ত তৃতীয় বিশ্বযুদ্ধৰ সম্ভাৱনা নোহোৱা কৰি তেঁওৰ আমোলতেই ছোভিয়েত ইউনিয়নৰ পতন হৈছিল।
 
জৰ্জ হাৰবাৰ্ট ৱাকাৰ বুশ্ব এজন অতি বিচক্ষন ৰাজনীতিবিদ আছিল যদিও বিশ্বৰ একাংশৰ মনত কিন্তু তেখেত এজন যুদ্ধবাজ ৰক্তপিপাষু শাসক।এইগৰাকী বুশ্বৰ শাসনকালতেই টিয়ানমেন স্কোৱাৰৰ গনহত্যা সংঘটিত হৈছিল।ৰঙাচীনৰ সেনাৰ গুলীত কেইবাশৰো ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হৈছিল।বেইজিঙৰ ৰাজপথ তেজেৰে ৰাঙলী হৈ পৰিছিল গনতন্ত্ৰৰ দাৱীত প্ৰতিবাদ কৰিবলৈ অহা ছাত্ৰ-ছাত্ৰীৰ ৰক্তেৰে।তথাপিও ৰঙাচীনৰ বিৰুদ্ধে কোনোধৰণৰ কঠোৰ পদক্ষেপ নল’লে তেতিয়াৰ বুশ্ব প্ৰশাসনে।

জৰ্জ হাৰবাৰ্ট ৱাকাৰ বুশ্বৰ আমোলৰ আৰু এটা গুৰুত্বপুৰ্ন ঘটনা হৈছে ইৰাকৰ কুৱাইট আক্ৰমন।১৯৯০ চনত খাৰুৱা তেলক লৈ হোৱা বিবাদৰ ফলত কুৱেট আক্ৰমন কৰিছিল ইৰাকৰ একনায়ক ছাদ্দাম হুচেইনে।ইৰাকৰ এই কুৱেট আক্ৰমনৰ অজুহাততেই ছিনিয়ৰ বুশ্বৰ নিৰ্দেশত আৰম্ভ হয় অপাৰেছন ''ডেজাৰ্ট ষ্ট্ৰ’ম’’।দীৰ্ঘদিনীয়া যুদ্ধৰ অন্তত অৱশেষত আমেৰিকান শক্তিৰ হাতত ইৰাকী বাহিনীয়ে পৰাজয় বৰণ কৰে।কুৱেটৰ পৰা উভতি যায় ছাদ্দামৰ ইৰাকী সেনা।সৰ্বশেষত আমেৰিকাৰ ইতিহাসত জৰ্জ হাৰবাৰ্ট ৱাকাৰ বুশ্বৰ ঘটনাবহুল কাৰ্য্যকাল বিশ্ববাসীৰ কাৰনে স্মৰণীয় হৈ থাকিব।