india today
india today
ডিজিটেল ডেস্কঃ সকলো জল্পলা-কল্পলাৰ অন্ত পেলাই ঘোষণা হ’ল গুজৰাট বিধানসভা নিৰ্বাচনৰ দিন৷ দুটাপৰ্যায়ত হ’বলগীয়া এই নিৰ্বাচন অনুষ্ঠিত হ’ব অহা ৯ আৰু ১৪ ডিচেম্বৰত৷ নিৰ্বাচনী আয়োগে বুধবাৰে দুপৰীয়া ঘোষনা কৰে নিৰ্বাচনৰ দিন৷
 
উল্লেখযোগ্য যে নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ আগতেই ঘোষণা হৈছিল ফলাফলৰ দিন, আৰু তাৰ কাৰণেই হৈছিল বহু বাদ বিবাদ৷ হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ লগতে একেদিনাই ঘোষণা কৰা হ’ব গুজৰাটৰো ফলাফল৷
 
মূখ্য নিৰ্বাচন সচিব (CEO) অচল কুমাৰ জ্যোতিয়ে বুধবাৰে কয় যে  ‘গুজৰাট বিধানসভাৰ কাৰ্যকাল অহা ১৮ জানুৱাৰী লৈহে আছে৷ ১৮২ খন আখন থকা গুজৰাটৰ মুঠ ভোটাৰৰ সংখ্যা ৪ কোটি ৩৩ লাখ৷ ৫০,১২৮ টা পুলিং বুথ বনোৱা হৈছে৷ নিৰ্বাচনত ৱাটাৰ বেৰিফাইবেল পেপাৰ আন্দিত ট্ৰেল (VVPATs)ৰ ব্যৱহাৰ কৰা হ’ব৷’
 
..গুজৰাট বিধানসভা নিৰ্বাচন ২০১৭
মুঠ আসন 182 
প্ৰথম পৰ্যায় 89
দ্বিতীয় পৰ্যায় 93
নমিনেশ্যনৰ অন্তিম দিন -২১ নৱেম্বৰ, ২৭ নৱেম্বৰ
নমিনেশ্যন উভতাই লোৱাৰ দিন - ২৪ নবেম্বৰ, ৩০নৱেম্বৰ
ভোট - ৯ ডিচেম্বৰ, ১৮ নৱেম্বৰ
ফলাফল -১৮ নৱেম্বৰ, ১৮ নৱেম্বৰ