গুৱাহাটীঃ প্ৰায় ৫ কোটি ফেচবুক ব্যৱহাৰকাৰীৰ একাউন্টৰ তথ্য ফাদিল হোৱাৰ কথা বিগত সপ্তাহত পোহৰলৈ আহিছিল। তথ্য ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলি ফেচবুকৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গে ভুল স্বীকাৰ কৰে৷ তাৰ লগে লগে মাৰ্ক জুকাৰবাৰ্গে নেটিজেনৰ বাবে ফেচবুকত সবিশেষ লিখি এটি আপডেট দিয়ে৷

⇒ মাৰ্কৰ ফেচবুক আপডেটটোৰ সবিশেষ

'আপোনাৰ তথ্য সুৰক্ষিত কৰি ৰাখিব নোৱাৰিলে আমি আপোনালৈ সেৱা আগবঢ়োৱাৰ যোগ্য নহয়। কি ঘটিছিল সেয়া জনাৰ লগতে তাৰে যাতে পুনৰাবৃত্তি নঘটে সেয়া নিশ্চিত কৰিবলৈ আমি যত্ন কৰিম। এনেধৰণৰ ঘটনা ৰোধ কৰিবলৈ আমি দহবছৰ আগৰেপৰাই কাম কৰি আহিছো। কিন্তু কৰিবলগীয়া ভালেখিনি বাকী আছে, সেয়ে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছো। '

⇒ কি কি কৰিছিলো

'২০০৭ চনত আমি ফেচবুক প্লেটফৰ্ম মুকলি কৰিছিলো যাতে অধিক এপচ ছ’চিয়েল এপ হিচাপে অন্তৰ্ভুক্ত কৰিব পৰা যায়। আপোনাৰ বন্ধুবৰ্গৰ জন্মদিন, তেওঁলোক থকা ঠাইৰ মানচিত্ৰ, আপোনাৰ এড্ৰছবুকত তেওঁলোকৰ ছবি ইত্যাদি। সেইহেতু মানুহে যাতে এপচত লগ ইন কৰি তেওঁলোকৰ বন্ধু কোন কোন আৰু তেঁওলোকৰ বিষয়ে কিছু তথ্য শ্বেয়াৰ কৰিবপৰাকৈ সুবিধা কৰি দিছিলো। 

২০১৩ চনত কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ গৱেষক আলেকজেণ্ডাৰ কোগানে এক ব্যক্তিত্ব বিশ্লেষণ কুইজ এপচ সাজি উলিয়ায়। প্ৰায় ৩ কোটি লোকে এই এপচ ইনষ্টল কৰি নিজৰ লগতে বন্ধুবৰ্গৰ ডাটা শ্বেয়াৰ কৰিছিল। এনেদৰে কোগানে সেই সময়ত সেইসকল লোকৰ বন্ধুতালিকাৰ পৰা ১ কোটি লোকৰ বিষয়ে তথ্য আহৰণ কৰিবলৈ সক্ষম হৈছিল। 

২০১৪ চনত বিদ্বেষমুলক এপচ বন্ধ কৰিবলৈ আমি ফেচবুকৰ সমগ্ৰ প্লেটফৰ্মখনেই সলনি কৰি পেলাইছিলো। কোগানৰ এপতো সীমাবদ্ধতা আৰোপ কৰা হৈছিল যাতে এপচটো ব্যৱহাৰ কৰা লোকজনৰ বন্ধুজনৰ অনুমতি নোহোৱাকৈ তেওঁৰ ডাটা এপচটোৱে ল’ব নোৱাৰে। স্পৰ্শকাতৰ ডাটা মানুহৰপৰা লোৱাৰ আগতে এপচ ডেভলপাৰে আমাৰ পৰা অনুমতি লোৱাৰো ব্যৱস্থা আমি কৰিছিলো। কোগানৰ দৰে ভালেমান লোকৰ এপচে যাতে বেছি ডাটা নাপায়, তাৰ বাবে প্ৰতিৰোধমুলক ব্যৱস্থা এনেদৰে গঢ় দিছিলো।
 
২০১৫ চনত আমি দা গাৰ্ডিয়ান নামৰ কাকতখনৰ সাংবাদিকৰ পৰা জানিবলৈ পালো যে কোগানে এপচটোৰ ডাটাখিনি কেমব্ৰিজ এনালাইটিকাৰ সৈতে শ্বেয়াৰ কৰিছে। ডেভলপাৰৰ সৈতে ফেচবুকৰ নীতিৰ উলংঘনৰ এই ঘটনা অৱগত হোৱাৰ লগে লগেই আমি কোগানৰ এপচ আমাৰ প্লেটফৰ্মৰপৰা আঁতৰাই দিছিলো। সেই ডাটা তেওঁলোকে ডিলিট যে কৰিছে, সেয়া প্ৰামাণিকৃত কৰিবলৈও আমি কোগান সহিতে কেমব্ৰিজ এনালাইটিকাক দাবী জনাইছিলো। সেইমৰ্মে প্ৰমাণপত্ৰও তেওঁলোকে আমালৈ প্ৰেৰণ কৰিছিল। 

যোৱা সপ্তাহত দা গাৰ্ডিয়ান, দা নিউয়ৰ্ক টাইমচ আৰু চেনেল ৪ ৰপৰা আমি জানিবলৈ পালো যে কেমব্ৰিজ এনালাইটিকাই আমালৈ দিয়া নথি অনুসৰি সেই ডাটা ডিলিট কৰা নাই। আমি ততালিকে তেওঁলোকক আমাৰ সকলোধৰণৰ সেৱাৰপৰা বৰ্জন কৰালো। 

কেমব্ৰিজ এনালাইটিকাই দাবী কৰিছে যে, তেওঁলোকে ডাটা ডিলিট কৰিছে আৰু তাৰ বাবে আমি থিৰাং কৰি দিয়া ফৰচেনিক অডিটৰ বাবেও সন্মতি জনাইছে। বিষয়টো নিয়ামক কৰ্তৃপক্ষৰ সৈতে আলোচনাৰ লগতে অনুসন্ধান চলি আছে। কোগান, কেমব্ৰিজ এনালাইটিকাই ফেচবুকৰ সৈতে থকা বিশ্বাস ভাঙিছে। কিন্তু ইয়াৰ লগতে ফেচবুকৰ সৈতে মানুহৰ বিশ্বাসো এই কাৰ্যই ভাঙিছে। আমি এয়া ঠিক কৰিবই লাগিব।

কুঅভিসন্ধি থকা লোকে মানুহৰ তথ্য এনেদৰে যাতে আহৰণ কৰিব নোৱাৰে, তাৰবাবে আমি ২০১৪ চনতে ভালেমান পদক্ষেপ লৈছো। ভৱিষ্যতে আৰু কি কৰি থকা হৈছে তাৰে আভাস দিয়াৰ তলত চেষ্টা কৰিছোঃ 

প্ৰথমতে আমি সকলোধৰণৰ এপচ অনুসন্ধান কৰিম যিয়ে ২০১৪ চনৰ আগতে অধিক পৰিমাণৰ তথ্য আহৰণ কৰি থৈছে। সন্দেহৰ চকু থকা সকলো এপচৰে আমি অডিট কৰাম। সৱিশেষ অডিটৰ বাবে সন্মতি নিদিয়াসকলো ডেভলপাৰকে আমি নিষিদ্ধ কৰিম। কোনোৱে যদি তেনে কিবা কাম কৰি আছে, তেন্তে তেওঁৰ এপটো নিষিদ্ধ কৰাৰ লগতে ক্ষতিগ্ৰস্ত হ’বপৰা লোকসকলক অৱগত কৰিম।'
 
⇒দ্বিতীয়তে এনে ঘটনা নহ’বলৈ ডেভলপাৰৰ বাবে ডাটাৰ আহৰণ অধিক সীমাবদ্ধ কৰা হ’ব। 

'তৃতীয়তে কোনটো এপচৰ বাবে আপুনি ডাটাৰ এক্সেছ দিছে সেয়া আপুনি ভালকৈ বুজি পোৱাটো নিশ্চিত কৰাম। এপ্ৰিল মাহত ফেচবুকৰ নিউজ ফিডৰ একেবাৰে ওপৰত এনে এটা টুল সংযোগ কৰা হ’ব যিটোৰে আপুনি কি এপচ ব্যৱহাৰ কৰি আছে সেয়া জনোৱা হ’ব আৰু সেই এপচৰ বাবে আপোনাৰ ডাটাৰ অনুমতি তাতেই সহজেই নাকচ কৰাৰ সুবিধা কৰি দিয়া হ’ব। ইতিমধ্য এনে এটা টুল আপোনাৰ প্ৰাইভেচি চেটিংছত আছেই, সেয়া এতিয়া আপোনাৰ নিউজ ফিডৰ ওপৰতে চকুত পৰাকৈ ৰখাৰ ব্যৱস্থা কৰা হ’ব। '

⇒২০১৪ চনত লোৱা পদক্ষেপৰ লগতে আগলৈ চিন্তা-চৰ্চাৰে আমাৰ ফেচবুক সুৰক্ষিত কৰি ৰখাৰ চেষ্টা কৰিম।

'মই ফেচবুক আৰম্ভ কৰিছিলো আৰু ইয়াত যি ঘটে তাৰবাবে ময়ে দায়ী। আমাৰ ফেচবুকব্যৱহাৰকাৰীক সুৰক্ষিত কৰিবলৈ মই অত্যন্ত আগ্ৰহী। কেমব্ৰিজে এনালাইটিকাই কৰাৰ দৰে ঘটনা আগলৈ নহয় বুলি মই নিশ্চিত। অৱশ্যে অতীতত হৈ যোৱা ঘটনা সলনি কৰিব পৰা নাযায়। ইয়ে আমাক এক ভাল পাঠ দি গ’ল। আমাৰ অভিযানত আপোনালোকৰ সহযোগীতাৰ বাবে সকলোকে ধন্যবাদ যাঁচিছো।'