• ছিক্কিমত 'One Family, One Job'ৰ অধীনত শিক্ষিত নিবনুৱালৈ চাকৰি 
  • এই 'One Family, One Job' আচঁনিখন এই বছৰৰ শেহৰফালে সম্পুৰ্ণ কৰা হ’ব

গেংটকঃ ছিক্কিম চৰকাৰে ৰাজ্যখনৰ ২০,০০০(বিশ হাজাৰ)শিক্ষিত নিবনুৱাক চাকৰি দিবলৈ ব্যৱস্থা গ্ৰহন কৰিছে৷বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী পৱন সিং ছামলিঙে এই ঘোষনা কৰিছে৷

'One Family, One Job' আচঁনিৰ অধীনত ৰাজ্যখনৰ ২০,০০০ শিক্ষিত নিবনুৱাক একোটাকৈ চৰকাৰী চাকৰীৰে সংস্থাপিত কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে৷ইতিমধ্যে ৰাজ্যচৰকাৰৰ বিভিন্ন বিভাগে এই উদ্দেশ্যৰে ১৬০০০ চাকৰি সৃষ্টি কৰিছে বুলি জানিব পৰা গৈছে৷এই 'One Family, One Job' আচঁনিখন এই বছৰৰ শেহৰফালে সম্পুৰ্ণ কৰিব পৰা যাব বুলি মুখ্যমন্ত্ৰী ছামলিঙে ঘোষণা কৰিছে৷