কানাছঃ ড'নাল্ড ট্ৰাম্পৰ শাসন আৰম্ভ হোৱাৰ পিছৰেপৰা যেন অসহিষ্ণু হৈ পৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰ। এটা বিশেষ ধৰ্মালম্বী লোকৰ প্ৰতি শেহতীয়াকৈ সৃষ্টি হোৱা অসহিষ্ণুতা আৰু বিদ্বেষৰ বলি হ’বলগা হ’ল এজন ভাৰতীয় লোক।

কানাছৰ এখন বুধবাৰে ৰাতি বাৰ এখনত মাৰ্কিন নাগৰিক এজনৰ আক্ৰমণত হায়দাৰাবাদৰ শ্ৰীনিৱাস কুছীভোটলা নামৰ অভিযন্তাজন নিহত হয়। শ্ৰীনিৱাসৰ লগত থকা বন্ধুজনো আক্ৰমণত গুৰুতৰভাৱে আহত হয়৷ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰী আক্ৰমণকাৰীয়ে আক্ৰমণৰ সময়ত ব্যাক্তি দুজনক আমেৰিকাৰপৰা ওলাই যাবলৈ ধমকি দিয়ে৷

জানিবপৰা মতে আক্ৰমণকাৰী এডাম পিউৰিণ্টন মাৰ্কিন নৌসেনাৰ অৱসৰপ্ৰাপ্ত সৈন্য আৰু নিচাসক্ত অৱস্থাতে বাৰখনত সোমাই তেওঁ নিৰ্বিচাৰে গুলিচালনা কৰিছিল। এডামৰ ভাষ্য অনুসৰি ব্যাক্তি দুজন মধ্যপ্ৰাচ্যৰ বুলি ভাবিহে গুলিচালনা কৰিছিল৷

বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজে উক্ত ঘটনাত উদ্বেগ প্ৰকাশ কৰিছে৷ আনহাতে শ্ৰীনিৱাসৰ মৃতদেহ ভাৰতলৈ পঠিয়াবলৈ পুঁজি সংগ্ৰহৰ বাবে সৃষ্ট গ’ ফাণ্ড মি ৰ পেজটোৰ যোগেদি ৮ ঘন্টাৰ ভিতৰতে ২ লাখ ৫০ হাজাৰ ডলাৰ জমা সংগ্ৰহ কৰা হৈছে।