আমগুৰিঃ পথাৰত ধৰফৰাইছে বিলুপ্তপ্ৰায় শগুণ৷ এটাৰ পিছত পৰি ৰৈছে এটা শগুণৰ মৃতদেহ৷ শিৱসাগৰৰ মগৰাহাটত শগুণ নিধনযজ্ঞ চলিছে৷ কৰুণ দৃশ্য প্ৰত্যক্ষ কৰি চকুলো টুকিছে কোনোৱে৷ প্ৰকৃতিৰ জমাদাৰ  শগুণ নিধন যজ্ঞই চিন্তিত কৰি তুলিছে প্ৰকৃতিপ্ৰেমীক৷ 

শগুণৰ মৃত্যু উপত্যকাত পৰিণত হৈছে শিৱসাগৰৰ মগৰাহাট। ৬০টা শগুণৰ ইতিমধ্যে মৃত্যু হৈছে। দুষ্প্ৰাপ্য প্ৰজাতিৰ শগুণৰ মৃত্যু হৈছে মগৰাহাটত। কোনো দুস্কৃতিকাৰীয়ে কুকুৰ মাৰিবৰ বাবে মৃত ছাগলীৰ পেটত বিষাক্ত কীটনাশক ভৰাই দিয়াত ছাগলীৰ মঙহ ভক্ষণ কৰাৰ ফলতেই এনেদৰে ইটোৰ পাছত সিটোকৈ শগুণৰ মৃত্যু ঘটিছে বুলি চৰ্চা আৰম্ভ হৈছে৷ 

কেইবাটাও শগুণ সংকটজনক অৱস্থাত শিৱসাগৰ জিলা বন বিভাগে উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে। বন বিভাগৰ তথ্য মতে ৯৯ শতাংশই দুষ্প্ৰাপ্য এই শগুন বগা পিঠিয়া (white back) প্ৰজাতিৰ। 

১৯৯৬-২০০৬ চনলৈ শগুণৰ সংখ্যা ৯৭% হ্ৰাস পাইছে। ভাৰতত খৰকতীয়াকৈ সংখ্যা হ্ৰাস পোৱা প্ৰজাতিৰূপে পৰিগণিত হৈছে শগুণ৷  এই ঘটনাক Asian Vulture Population Crash ৰূপে গণ্য কৰা হৈছে৷ 

ৰাজ্য খনৰ বিভিন্ন ঠাইত পৰিভ্ৰমী চৰাইৰ লগতে একাংশ লোকে বিলুপ্তপ্ৰায় বৰটোকোলা, শগুণ আদি নিধন কৰি আহিছে৷ একাংশ লোকে মাংসৰ লোভত আৰু একাংশ লোকে চৰাই পক্ষী সমূহক ধন ঘটাৰ বাবে চৰাই নিধন কৰি আহিছে৷ এই অভিযোগ আজিৰ নহয়৷ চৰাই-পক্ষীসমূহক একাংশ লোকে মাংসৰ লোভত নতুবা বিক্ৰী কৰি ধন ঘটাৰ লোভত বিভিন্ন প্ৰকাৰে আৱদ্ধ কৰি নিধন কৰে৷ 

আনহাতে অসমৰ শগুণ হত্যাৰ ঘটনাক Vulture Population Crash ৰূপে গণ্য কৰা কৰিব পাৰি। প্ৰায় দুমাহ পূৰ্বে গুৱাহাটী মহানগৰীৰ সমীপৰ আজাৰাত ৰেল লাইনত পৰি থকাত প্ৰায় ১০টা শগুণ ৰেলে কাটি পেলাইছিল। ইমানে নহয় ৰাজ্যত বিভিন্ন ঠাইত  শগুণৰ মৃত্যু হৈ আহিছে। অসমৰ Vulture Population Crash কোনে ৰোধ কৰিব তাক লৈ চিন্তিত প্ৰকৃতি প্ৰেমী। 

 

প্ৰকৃতিৰ জামাদাৰৰূপে পৰিচিত এই প্ৰজাতিটোৰ এনে বিপদজনক সংখ্যা-হ্ৰাসৰ পোৱাৰ কথা পোহৰলৈ আহে ১৯৯৭ চনত৷ মোম্বাই নেছাৰেল হিষ্টৰী ছোচাইটিৰ এটা দলে দীৰ্ঘদিনীয়া তথ্য আহৰণৰ পিছত এই কথা পোহৰলৈ আহিছিল৷

প্ৰকৃতি প্ৰেমীসকলে এই ঘটনা ৰোধৰ বাবে দাবী জনাই আহিছে যদিও চৰকাৰ তথা বন বিভাগে গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷ ৰাজ্যত বন সুৰক্ষা দিৱস আৰু বন্যপ্ৰাণী সপ্তাহ পালন কৰি বন্যপ্ৰাণী ৰক্ষণাবেক্ষণৰ ব্যৱস্থা হাতত ললেও শিৱসাগৰ জিলাত অসাধু চক্ৰই অবাধে বনৰীয়া চৰাই, পক্ষী আদি নিধন যজ্ঞ অব্যাহত ৰাখিছে৷ 

ইয়াৰ মাজতে শিৱসাগৰ জিলাত শগুণ নিধন কৰাৰ তথ্য পোহৰলৈ অহাত চিন্তিত হৈ পৰিছে সচেতন সমাজ৷ এটি দুষ্ট চক্ৰই কুকুৰ নিধন কৰিবলৈ চেষ্টা কৰোতেই নিধন হয় শগুণ সমূহ৷ ছাগলীৰ পেটত কিটনাশক মিহলাই নিধন কৰাৰ অভিযোগ উত্থাপন হৈছে শগুণ সমূহ৷ 

বিৰল প্ৰজাতিৰ শগুণ পূৰ্বে শিৱসাগৰৰ বিভিন্ন প্ৰান্তলৈ আহিছিল যদিও একাংশ অত্যাচাৰী মানুহৰ বাবেই সম্প্ৰতি নহা হৈছে৷ শেহতীয়াকৈ কেইবাটাও দিন ধৰি মৃত পক্ষী প্ৰত্যক্ষ কৰিছে শিৱসাগৰৰ মগৰাহাটত। 

আজিৰ সভ্য মানৱৰ অদূৰদৰ্শী মনোভাৱৰ বাবে শগুণ নামৰ প্ৰজাতিটোৱে বিলুপ্তিৰ মুখলৈ যাত্ৰা কৰিছে। মঙহ খাই জীয়াই থকা প্ৰজাতিটো মূলতে পৰিৱেশৰ বাবে এনেদৰে ভাৰতৰ বুকুৰ বাবে বিলুপ্ত হয়৷ মঙহৰ অভাৱত পৰিও সময়ে সময়ে শগুণৰ মৃত্যু হৈ অহা বুলি অভিযোগ উত্থাপন হৈ আহিছে। 

এতিয়া মৰা শ ভাগত নোপোৱা হৈছে শগুণে। কিয়নো অসমৰ দৰে ৰাজ্যৰ ৰাজ্যত এতিয়া মানুহ নামৰ প্ৰাণীটোৱে মাংসৰ লোভত পৰিছে। পথাৰত পৰি থকা মৃত হাতীৰ মাংসৰ বাবে হেতা ওপৰা লগোৱা শগুণে মঙহ ভাগত পোৱাটো একপ্ৰকাৰ চিন্তাৰ কাৰণ।

খবৰ মতে, দুটা দশক পূৰ্বে দেশত প্ৰায় ৪০ নিযুত শগুণ আছিল। শেহতীয়া তথ্য মতে, প্ৰায় ৬০,০০০ মান হে শগুণ বাছি আছে সমগ্ৰ দেশত। প্ৰকৃতি প্ৰেমী আৰু সকলোলোকে শগুণ প্ৰজাতিটোত বচাই ৰাখিবলৈ চেষ্টা কৰাৰ সময় সমাগত।