গুৱাহাটী/বৰপেটাঃ জুইত জাহ গৈছে আমাজন, অষ্ট্ৰেলিয়া। ছুইডেনত উচুপি উঠিছে ১৭ বছৰীয়া গ্ৰেটা থুনবাৰ্গ। NAS DAILYৰ ভিডিঅ’ৰ জৰিয়তে পুনৰ বিশ্বব্যাপী বৃক্ষ ৰোপণৰ আন্দোলনক আগুৱাই লৈ গৈছে অৰণ্য মানৱ যাদৱ পায়েঙে। এইবোৰৰ সমান্তৰালভাৱে যোৱা দুদিন ধৰি অসমৰ ছ’চিয়েল মিডিয়াত চৰ্চিত হৈ পৰিছে এখন ফটো৷ ফটোখনত আছে এজোপা গছ, হাতে লিখা এখন ফলক আৰু গছজোপাৰ পিছফালে এখন দোকান৷ কিন্তু সকলোৰে মনত প্ৰশ্ন ফটোখন কোন ঠাইৰ? গজজোপাত কিয় আঁৰি দিয়া হৈছে হাতে লিখা বিশেষ ফলকখন? কোনে আঁৰি দিছে সেই ফলক? 

ফটোখনৰ আঁৰৰ কাহিনী

ফটোখন হৈছে বৰপেটা চহৰৰ বি বি ৰোডৰ৷ গৰমৰ পৰা হাত সাৰিবলৈ, এধানিমান ছাঁৰ সন্ধানত ৰোপণ কৰা হৈছিল গছ পুলিটো৷  সেই গছপুলিটোৰ সৈতে সম্পৰ্কিত হৈ আছে তিনিজনকৈ ব্যক্তিৰ জীৱন দৰ্শন৷

'আমি তিনিজন আছো, আমাৰ এখন দোকান আছে৷ জয়ন্তী ষ্টোৰ। ষ্টোৰখনৰ ওচৰত এজোপাও গছ নাই। গৰমৰ দিনত অলপ ছাঁৰ অনুভৱ কৰো। যাৰ বাবে আমি এই গছপুলিটো ৰোপণ কৰিছিলো৷ এতিয়া অলপ ডাঙৰ হ’ল, ফলো লাগিছে। ইয়াৰ লগত আন এটা কথাও জড়িত হৈ আছে। আমি এই গছজোপালৈ চাই নিজক অনুভৱ কৰো আৰু গছজোপাত আমি নিজকে দেখা পাওঁ।’-তেওঁলোকৰ মন্তব্য।

তেওঁলোকে আৰু কয়, 'আমি ভিৰৰ মাজৰ পৰা ওলাই আহি  সাধাৰণ চিন্তা-চৰ্চাৰ বিপৰীতে ব্যৰ্তিক্ৰমধৰ্মী চিন্তা চৰ্চা কৰিবলৈ চেষ্টা কৰিছো৷ যদি আমি এনেদৰে চিন্তা-চৰ্চা নকৰো ভবিষ্যতে হয়তো বহু সমস্যাৰ সন্মুখীন হ’ম।’

গছজোপাত আঁৰি থোৱা ফলকখন
 
গছজোপাত আঁৰি থোৱা ফলকখনত লিখা আছে, 'কৰ্দৈবোৰ নুচুব, টিঞা চৰাইটি আহিব।’ NNOৰ বৰপেটাস্থিত সাংবাদিক চুলতান চালেহ আহমেদে ফলকখনত এনেদৰে লিখাৰ কাৰণ সন্দৰ্ভত প্ৰশ্ন কৰাত নিজ হাতেৰে ফলকখন লিখা ব্যক্তিজনে ভাবুক হৈ কয়, 'আমি কোনো দুষ্ট প্ৰকৃতিৰ লোকৰ ভয়ত এনেদৰে লিখা নাই। আমাৰ চিন্তা হয়, যদি গছজোপাক কোনোবাই আমনি কৰে! মাজে মাজে কৰ্দৈজোপালৈ কেইটামান ভাটৌ চৰাই আহে৷ আমি যেনেদৰে জীৱনটোক লৈ সংগ্ৰাম কৰিছো সেইদৰে সেই গছজোপা আৰু ভাটৌ চৰাই কেইটায়ো সংগ্ৰাম কৰিছে৷ কৰ্দৈজোপাত আঁৰি দিয়া ফলকখনত লিখা থকা 'কৰ্দৈবোৰ নুচুব, টিঞা চৰাইটি আহিব' বাক্য শাৰী পঢ়ি আপোনালোকে বুজিব পাৰিছে নিশ্চয় যে মই কি ভাবি কথাষাৰ লিখিছো।’

ফটোখনৰ আঁৰৰ মানুহকেইজন আৰু এটি কবিতা

সচেতন মহল, বিশেষকৈ সামাজিক মাধ্যমত চৰ্চিত ফটোখনৰ লগত জড়িত হৈ আছে তিনিজন বহল মনৰ ব্যক্তি৷ ইয়াৰ দুগৰাকী গ্ৰন্থ ব্যৱসায়ৰ সৈতে জড়িত আৰু আনগৰাকী হৈছে সাংবাদিক।

কেইবছৰমান পূৰ্বে গছ পুলিটো ৰোপণ কৰিছিল বৰপেটাৰ আগশাৰীৰ গ্ৰন্থ বিক্ৰেতা তথা বাতৰি কাকতৰ এজেন্সি "জয়ন্তী ষ্টোৰ"(গছজোপাৰ পিছ ফালে থকা ষ্টোৰখন)ৰ স্বত্বাধিকাৰী নৃপেন কুমাৰ দেৱগোস্বামীয়ে। গছজোপা সংৰক্ষণৰ বাবে জালি দিছিল সাংবাদিক পুলেন্দ্ৰ দাসে। আনহাতে গছজোপা প্ৰতিপালন কৰি আছে জয়ন্তী ষ্টোৰত কৰ্মৰত পিংকুজিৎ দাসে৷

কবিতা লিখি ভাল পোৱা পিংকুজিৎ দাসেই গোট গোট আখৰেৰে নিজ হাতেৰে লিখি মৰমৰ কৰ্দৈজোপাত আঁৰি দিছিল উক্ত ফলকখন। গছ-গছনি আৰু পশু-পক্ষীক ভালপোৱা পিংকুজিতে সৰুৰে পৰাই প্ৰেমত পৰিছিল কৰ্দৈৰ। 

NNOৰ বৰপেটাস্থিত সাংবাদিক চুলতান চালেহ আহমেদে ছ’চিয়েল মিডিয়াৰ জৰিয়তে অসমৰ নেটিজেনসকলৰ প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা ফলকখনৰ আঁৰৰ ব্যক্তিগৰাকীক বিচাৰি কৰ্দৈজোপাৰ কাষত উপস্থিত হোৱাত পিংকুজিতে লাজ লাজকৈ 'কবিতা বুলি ভবাতো ভুল’ হ’ব বুলি কৈ আগবঢ়াই দিছিল এটি কবিতা 'কৰ্দৈ কথা’।

'কৰ্দৈ-কথা

ৰ’দৰ বাট এটাৰে
ঘামি-জামি আহি তাই
তিয়হ এচকল খালে

আৰু মুহূৰ্ততে টিঞা চৰাই এটি হৈ
যিহে উৰা মাৰিলে
মই তাকেহে চাই ৰ’লো...

আজিকালি মই
আমাৰ দোকানৰ সমুখৰ কৰ্দৈজোপাৰ
আপডাল কৰাত লাগিছো।’ 

NNOৰ তৰফৰ পৰা গছপুলি উপহাৰ 

চৰ্চাত থকা ফটোখনৰ আঁৰত লুকাই থকা ব্যক্তি তিনিজনৰ ব্যতিক্ৰমী প্ৰচেষ্টাই সকলোকে দিছে চিন্তাৰ খোৰাক৷ ছ'চিয়েল মিডিয়াৰ জৰিয়তে ভিন্নজনে এনে ব্যতিক্ৰমী কামৰ বাবে বিষয়টোৰ সবিশেষ নাজানিলেও তেওঁলোকক প্ৰশংসা কৰিছে। ফটোখনৰ সবিশেষ ৰাইজক জনাবলৈ বুলি বাতৰি সংগ্ৰহৰ বাবে উক্ত স্থানত উপস্থিত হৈ বৰপেটাস্থিত সাংবাদিক তথা প্ৰকৃতিপ্ৰেমী, বৰপেটাৰ একমাত্ৰ এমেচাৰ ৰেডিঅ' অপাৰেটৰ চুলতান চালেহ আহমেদেও NNOৰ হৈ তেওঁলোকক গামোছাৰ লগতে গছপুলি এটি উপহাৰ হিচাপে আগবঢ়ায়।