ডিজিটেল ডেস্কঃ সুদীৰ্ঘ বিশ বছৰৰ পাছত পুনৰ অসমীয়া চলচিত্ৰ জগতলৈ উভতি আহিছে সান্ত্বনা বৰদলৈ৷ ‘অদাহ্য’ নামৰ বোলছবিখনেৰে অসমীয়া চলচিত্ৰ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰা সান্তনাই এইবাৰ নিৰ্মাণ কৰিছে ‘মাজ ৰাতি কেতেকী’ নামৰ আন এখন বোলছবি৷

ছবিখনে ইতিমধ্যে ৬৪ সংখ্যাক 'ৰাষ্ট্রীয় চলচ্চিত্ৰ বটাঁ'ৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজতকমল সন্মান লাভ কৰিছে। অসমীয়া সাহিত্যৰ স্বনামধন্য সাহিত্যিক ড০ মামণি ৰয়ছম গোস্বামীৰ 'দঁতাল হাতীৰ উয়ে খোৱা হাওদা' নামৰ উপন্যাস খনৰ আধাৰত ১৯৯৬ চনত নিৰ্মান কৰা সান্তনা বৰৰদলৈৰ ‘অদাহ্য’ নামৰ বোলছবি খনেও লাভ কৰিছিল শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ চলচিত্ৰ আৰু জুৰীৰ বিশেষ বটাঁ৷

তাৰ পাছত সুদীৰ্ঘ বিশ বছৰ সান্তনা বৰদলৈয়ে আতৰি আছিল চলচিত্ৰ জগতৰ পৰা৷ কলাত্মক দৃষ্টিভংগীৰে সদায় চিনেমা নিৰ্মাণ কৰা সান্তনা বৰদলৈৰ ‘মাজ ৰাতি কেতেকী’ও এখন কলাত্মক কথাছবি৷

ছবিখনৰ মূখ্য চৰিত্ৰত অভিনয় কৰিছে যশস্বী অভিনেতা আদিল হুছেইনে। ছবিখনত তেওঁ কৰা চৰিত্ৰতো হ'ল প্ৰিয়েন্দু হাজৰিকা। চৰিত্ৰটিত কৰা মননশীল অভিনয়ৰ বাবে তেওঁ ইতিমধ্যে 'ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা'ৰ জুৰীৰ বিশেষ সন্মান লাভ কৰিছে।

আদিল হুছেইনৰ লগতে মালা গোস্বামী, শাকিল ইমতিয়াজ, মহেন্দ্ৰ ৰাভা, সুলক্ষণা বৰুৱা আদিয়েও অভিনয় কৰিছে। ছবিখনৰ সংগীত অনুৰাগ শইকীয়াৰ। ২৯ অক্টোবৰত এই কথাছবিখনে শুভ মুক্তি লাভ কৰিব।