Error message

Deprecated function: Unparenthesized `a ? b : c ? d : e` is deprecated. Use either `(a ? b : c) ? d : e` or `a ? b : (c ? d : e)` in require_once() (line 17 of /home/nno/web/newsnextone.com/public_html/sites/all/modules/moneysuite/ms_core/ms_core.module).

চাংসাৰিঃ বিশ্বৰ লগতে দেশ-ৰাজ্যত কৰ’না ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিততে দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানত চলি আছে ৪০ দিনীয়া লকডাউন। মাৰাত্মক ভাইৰাছবিধক প্ৰতিহত কৰাৰ বাবে অব্যাহত থকা লকডাউনৰ সুযোগ লৈ একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানে বিভিন্ন কৌশলৰে ব্যৱসায় চলাই থকাৰ অভিযোগৰ মাজতে আজি বাইহাটা চাৰিআলিৰ গুৱাহাটী পথত থকা 'নৱোদয় পাণ ভাণ্ডাৰ’ নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠান প্ৰশাসনে বৈধ নথি-পত্ৰ নোহোৱালৈকে বন্ধ কৰি দিয়ে।

প্ৰাপ্ত বাতৰি মতে, আজি ৰঙিয়া মহকুমাৰ মহকুমাধিপতি ডাঃ বেদাংগ তালুকদাৰে বাইহাটা চাৰিআলিৰ গুৱাহাটী পথস্থিত এক বৃহৎ পাইকাৰী দোকানখনত অভিযান চলোৱাৰ সময়তে প্ৰশাসনৰ চকুত ধূলি দি লকডাউনৰ মাজত কৌশলৰে অনুমতি বিহীন ষ্টেচনাৰী সামগ্ৰী বিক্ৰী কৰি অহাৰ তথ্য পোহৰলৈ আহে। অভিযানকালত ব্যৱসায়িক প্ৰতিষ্ঠানখনত গুটখা, জৰ্দা আদি সামগ্ৰী মজুত থকাটোও ধৰা পৰে। 

পিছত মহকুমাধিপতিয়ে উক্ত ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ সকলো নথি-পত্ৰ পৰীক্ষা নোহোৱালৈকে সাময়িকভাৱে বন্ধ কৰি দিয়ে। এই ব্যৱসায়িক প্ৰতিষ্ঠানখনে কভিড-১৯ৰ নিয়ম ভংগ কৰা বিষয়টোৰ তদন্ত কৰা হ’ব বুলিও মহকুমাধিপতি ডাঃ বেদাংগ তালুকদাৰে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

মহকুমাধিপতি গৰাকীৰ এই আকস্মিক অভিযানত সহ আয়ুক্ত অপ্ৰতীম গোস্বামী, কমলপুৰ ৰাজহ চক্ৰ বিষয়া ড০ অংকিতা শৰ্মা, বাইহাটা চাৰিআলি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপম হাজৰিকাও উপস্থিত আছিল। উল্লেখ্য যে, লকডাউনৰ সময়ছোৱাত আজি মহকুমা প্ৰশাসনে পাইকাৰী মূল্যৰ এই ব্যৱসায়িক প্ৰতিষ্ঠানখনত অভিযান চলোৱাৰ সময়তে অঞ্চলটোৰ আন কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানতো গোপনে লকডাউনৰ সুযোগ গ্ৰহণ কৰি অত্যাধিক দৰত সামগ্ৰী বিক্ৰী কৰি অহাৰঅভিযোগো উত্থাপিত হৈছে।