নগাঁওঃ দেশৰ বিভিন্ন ৰাজ্যত আধাৰ কাৰ্ড অবিহনে এজন ব্যক্তিৰ পৰিচয়ৰ স্বীকৃতি একপ্ৰকাৰে অসম্পূৰ্ণ ৷ আনকি, এগৰাকী শিক্ষাৰ্থীৰ কোনো শিক্ষানুস্থানত নামভৰ্তিকে প্ৰমুখ্য কৰি বেংক, ৰন্ধন গেছ,বীমা প্ৰতিষ্ঠান আদিত সম্প্ৰতি এজন লোকৰ পৰিচয়ৰ প্ৰমাণ হিচাপে বাধ্যতামূলক হৈ পৰিছে আধাৰ কাৰ্ড ৷

কিন্তু এনে আধাৰ কাৰ্ডৰ কাম বৰ্তমান বন্ধ হৈ আছে অসমত ৷ উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰ তথা ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়কৰ দ্বাৰা পৰিবেশিত এই আধাৰ কাৰ্ডৰ কাম ২০১৪ চনৰ মাজ ভাগৰ পৰা অসমৰ নগাঁও, গোলাঘাট আৰু শোণিতপুৰ জিলাত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন সাপেক্ষে ৰাজ্য চৰকাৰে আৰম্ভ কৰিছিল যদিও আশ্বৰ্যজনকভাৱে ইয়াৰ কাম সম্পূৰ্ণ কৰা নহ’ল ৷

ইয়াৰ প্ৰস্তুতকৰণৰ কাম মাত্ৰ ২৫ শতাংশ কৰিয়েই আধাতে বন্ধ কৰি ৰখা হয় ৷ প্ৰাপ্ত খবৰ মতে, কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ এক নিৰ্দেশানুযায়ী বিগত বৰ্ষৰ ৩১ ডিচেম্বৰৰ পৰা আধাৰ কাৰ্ডৰ কাম বন্ধ কৰি দিয়া হয় আমাৰ ৰাজ্যত ৷ জানিব পৰা মতে, অসম চৰকাৰৰ ৰাজহ বিভাগক জড়িত কৰি লোকপিয়ল বিভাগৰ সঞ্চালকৰ দ্বাৰা দুটিমান পঞ্জীয়নকৃত এজেঞ্চীৰ মাধ্যমেৰে আমাৰ ৰাজ্যত আৰম্ভ কৰা হৈছিল আধাৰ কাৰ্ড প্ৰস্তুতৰ কাম ৷

বিপৰীতে নগাঁও, গোলাঘাট আৰু শোণিতপুৰৰ লগতে গুৱাহাটী মহানগৰক বাদ দি আধাৰ কাৰ্ডৰ কাম আৰম্ভই কৰা নাছিল ৰাজ্যৰ আন জিলাসমূহত ৷ অভিযোগ মতে, অসম চৰকাৰৰ চৰম অমনোযোগিতা আৰু আওকণীয়া মনোভাবৰ ফলশ্ৰুতিতেই আমাৰ ৰাজ্যৰ বিভিন্ন জিলাত সঠিকভাৱে আৰম্ভই হোৱা নাই একোজন ব্যক্তিৰ পৰিচয়ৰ অন্যতম সমলস্বৰূপ আধাৰ কাৰ্ড তৈয়াৰৰ প্ৰয়োজনীয় কাম ৷

এনেদৰে আশ্বৰ্যজনকভাৱে আধাৰ কাৰ্ড প্ৰস্তুতকৰণৰ কাম স্তব্ধ হৈ পৰাত ৰাজ্যৰ শিক্ষাৰ্থীসকলে ৰাজ্যৰ বাহিৰৰ কাৰিকৰী বা আন উচ্চ শিক্ষা প্ৰতিস্থানত নামভৰ্তি তথা অধ্যয়ণৰ বেলিকা ব্যাপক সমস্যাৰ মুখামুখি হ’বলগীয়াত পৰিছে ৷ যাৰ পূৰ্ণ সুযোগ গ্ৰহন কৰি বহিঃৰাজ্যৰ পঞ্জীয়নবিহীন এচাম সুবিধাবাদী এজেঞ্চীয়ে বৃহৎ পৰিমানৰ ধনৰ বিনিময়ত অবৈধভাবে আমাৰ ৰাজ্যত আধাৰ কাৰ্ডৰ বেহা চলোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে ৷

এনে পৰিপ্ৰেক্ষিটতে ৰাজ্যৰ সকলো জিলাতে ৰাইজৰ স্বাৰ্থত শীঘ্ৰে আধাৰ কাৰ্ডৰ কাম-কাজ পুনৰ আৰম্ভ কৰাটো আজিৰ তাৰিখত নিতান্তই দৰকাৰী বিষয় হিচাপে চিহ্নিত হৈ পৰিছে ৷ অন্যথা শিক্ষাৰ্থীকে ধৰি সৰ্বস্তৰৰ লোক যোগাযোগ আৰু লেনদেনকে আদি কৰি সকলো কামতে একপ্ৰকাৰ গভীৰ সমস্যাৰ গৰাহত ককবকাই থাকিব লাগিব ৷ সেয়ে চৰকাৰে অনতি পলমে আধাৰ কাৰ্ডৰ কাম পুনৰাই আৰম্ভ কৰিবলৈ দাবী জনাইছে সচেতন মহলে ৷