ডিজিটেল ডেস্কঃ দিল্লীৰ অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন আম আদমি পাৰ্টিৰ চৰকাৰে সম্পূৰ্ণ কৰিলে তিনি বছৰ। এই সময়ছোৱাত চৰকাৰে ঘোষণা কৰা বিভিন্ন আঁচনি আৰু নিজৰ অনুভৱকলৈ প্ৰচাৰ কৰা এটা বিজ্ঞাপন বিভিন্ন মহলত চৰ্চালৈ আহিছে। বিজ্ঞাপনৰ জৰিয়তে নিজৰ  তিনিবছৰীয়া কাৰ্যকালৰ প্ৰচাৰ চলাবলৈ গৈ সমালোচনাৰ সন্মুখীন হৈছে দিল্লী চৰকাৰ। 

ছ’চিয়েল মিডিয়াত বিজ্ঞাপনটো ভাইৰেল হৈ পৰাৰ লগে-লগে চৰকাৰক সকলোৱে ইতিকিং সূচক মন্তব্যৰে কৰা দেখা গৈছে। বিজ্ঞাপনটোত কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞাপন এটাৰ পৰা ফটো চুৰি কৰি নিজৰ নামত ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। ছ’চিয়েল মিডিয়াত দুয়োটা বিজ্ঞাপনৰ ফটো উপলব্ধ। ইয়াত স্পষ্টকৈ দেখা গৈছে মোডীৰ বিজ্ঞাপনৰ ফটোৰ কপি-পেষ্ট। 

কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ৰ তৰফৰ পৰা প্ৰায় ৯০ লাখ লোকে নিজৰ গেছৰ ৰাজ্য সাহায্য এৰি দিয়াৰ বাবে ধন্যবাদ দিবৰ বাবে প্ৰচাৰ কৰা মোডীৰ ফটোৰ পিছফালে থকা একেই ভীৰৰ ফটো দেখা গৈছে আপৰ বিজ্ঞাপনটোত। অৱশ্যে কিছু লোকে কোৱামতে এয়া গুগলৰ পৰা লোৱা ফটো।