কোকৰাঝাৰঃ অসম ছাত্ৰ সন্থাৰ বিনম্ৰ ছাত্ৰ নেতা নাছিৰ হুছেইনৰ স্মৰণত প্ৰতিবছৰে অনুষ্ঠিত হৈ হোৱা আন্তঃ জিলা আছু স্বৰ্ণকাপ ভলীবল প্ৰতিযোগিতা বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰত অনুষ্ঠিত হৈছে। কোকৰাঝাৰ জিলা আছুৰ উদ্যোগত আৰু বালাজান তিনালী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত কোকৰাঝাৰৰ বালাজান তিনালীৰ নিকটৰ গৌৰাং হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা আছু স্বৰ্ণকাপ ভলীবল প্ৰতিযোগিতাত ৰাজ্যৰ ২৩টা ভলীবল দলে অংশগ্ৰহণ কৰিছে।

ছাত্ৰ নেতা নাছিৰ হুছেইন সোঁৱৰণী আন্তঃজিলা আছু স্বৰ্ণ কাপ ভলীবল প্ৰতিযোগিতাত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথে পতাকা উত্তোলন কৰি আছুৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। শ্বহীদ তৰ্পন কৰে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে। ইয়াৰোপৰি নাছিৰ হুছেইনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে প্ৰয়াত হুছেইনৰ সহধৰ্মিনী নাৰ্জি হুছেইন চৌধুৰী আৰু গৌৰাং নামৰ স্মৰণিকাখন উন্মোচন কৰে আছুৰ মুখ্য উপদেষ্ঠা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

বিভিন্ন জাতি-জনগোষ্ঠীয় কলা কৃষ্টি প্ৰদৰ্শনৰ পিছতে ভাৰতীয় ৰাষ্ট্ৰীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যই আছুৰ আন্তঃ জিলা স্বৰ্ণকাপ ভলীবল প্ৰতিযোগিতা শুভ উদ্বোধন কৰে। অনুষ্ঠানতে ক্ৰীড়া সংগঠক চিমছন মুছাহাৰী আৰু প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ মানিক চন্দ্ৰ ৰায়ক আছুৱে সম্বৰ্ধনা জ্ঞাপন কৰে। আনহাতে কোকৰাঝাৰৰ গৌৰাং হাইস্কুল খেলপথাৰত নাছিৰ হুছেইন সোঁৱৰণী ভলীবল প্ৰতিযোগিতাত উপস্থিত হৈ আছুৰ সভাপতি দীপাংক নাথে আছুৱে শৈক্ষিক দিশৰ উপৰিও ক্ৰীড়াৰ উন্নয়নতো মনোনিৱেশ কৰিব বুলি সদৰি কৰি ৰাজ্যত প্ৰচুৰ সম্ভাৱনাময় খেলুৱৈ আছে বুলি মতপোষণ কৰে৷

কোকৰাঝাৰৰ ক্ৰীড়াত এক বিশেষ সুনাম থকা বুলি উল্লেখ কৰি অংকুশিতা বড়োৰ দৰে খেলুৱৈ ৰাজ্যৰ গৌৰৱ বুলি মন্তব্য আগবঢ়ায়। ইপিনে আছুৰ মুখ্য উপদেষ্ঠা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই চৰকাৰে ক্ৰীড়াক গুৰুত্ব দিয়াৰ আহ্বান জনাই স্বচ্ছ ভাৰত অভিযানৰ দৰে ক্ৰীড়াৰ উন্নয়নত অধিক পুঁজিৰ যোগান ধৰিবলৈ আহ্বান জনায়। আছুৱে খিলঞ্জীয়াৰ স্বাৰ্থত ধৰ্ণা, অনশন, আন্দোলন কাৰ্যসূচী অব্যাহত ৰাখিব বুলি স্পষ্ট কৰি দি প্ৰতিভা বিকাশৰ স্বাৰ্থত আছুৱে ক্ৰীড়াক্ষেত্ৰত বিশেষ মনোনিৱেশ কৰিব বুলি মন্তব্য কৰিছে। কাৰ্যসূচীত এবছুৰ সাধাৰণ সম্পাদক লৰেন্স ইছলাৰীকে ধৰি বহু বিশিষ্টই অংশগ্ৰহণ কৰে।