ৰঙিয়াঃ আগশাৰীৰ ফুটবল ৰেফাৰী তথা ৰঙিয়াৰ সমাজকৰ্মী আব্দুল মালিক শইকীয়াই দেওঁবাৰে অকাল মৃত্যুক আকোৱালি লয়৷

ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ ৰেফাৰী তথা সমাজকৰ্মী আব্দুল মালিক শইকীয়াই ৪২ বছৰ বয়সত মৃত্যুক আকোৱালি লোৱাত ৰঙিয়াত শোকৰ ছাঁ পৰে৷ দীৰ্ঘ দিনৰ পৰা বৃক্কৰ ৰোগত আক্ৰান্ত হৈ আছিল শইকীয়াই৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ চিকিৎসা কৰি আছিল যদিও দেওবাৰে মৃত্যুক আকোৱালি লয়৷

আব্দুল মালিক শইকীয়াৰ মৃত্যুৰ খবৰ প্ৰচাৰ হোৱা পিছতে গোগমালাছাৰ নিজ গৃহ গুণমুগ্ধৰে ভৰি পৰে৷ শইকীয়াৰ মৃত্যুত ৰঙিয়া জিলা ৰেফাৰী বৰ্ড, ৰঙিয়া জিলা ক্ৰীড়া সন্থা, ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৰঙিয়া জিলা সমিতি, গোগমালাছা ঈদগাহ কৱৰস্থান সমিতিৰ লগতে বিভিন্ন দল-সংগঠনে গভীৰ শোঁক প্ৰকাশ কৰে। মৃত্যুৰ সময়ত শইকীয়াই পত্নীৰ লগতে দুই পুত্ৰ সন্তান আৰু এগৰাকী কন্যা সন্তান ইহসংসাৰত এৰি থৈ যায়।