অভয়াপুৰীঃ অভয়াপুৰীৰ শিঙিমাৰীত জৰাজীৰ্ণ বাঁহৰ দলঙেৰে যাতায়াত কৰি আহিছে স্থানীয় ৰাইজে। উত্তৰ শালমাৰা সদৰ অভয়াপুৰীৰ পৰা মাত্ৰ ৩ কিঃ মিঃ আৰু ৩১ নং ৰাষ্ট্রীয় ঘাইপথৰ পৰা ১কি:মি: নিলগত সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ দেওহাটী গাঁও পঞ্চায়তৰ শিঙিমাৰী ১ম খণ্ডৰ পৰা ২য় খণ্ডলৈ যোৱা গাঁৱলীয়া পথছোৱাৰ এটি সুঁতিৰ ওপৰত থকা দলংখন আজিলৈকে নিৰ্মাণ নকৰাত অসুবিধাৰ সন্মুখীন হৈ আহিছে অঞ্চলবাসী।

পূৰ্বতে উক্ত অঞ্চলত কাঠৰ দলং আছিল যদিও আই নৈৰ বাঢ়নী পানীয়ে সেয়া উটুৱাই নিয়ে। বাঢ়নী পানীয়ে দলংখন উটুৱাই নিয়াৰ কেবা বছৰ পাৰ হৈ গ'ল যদিও কোনো এখন চৰকাৰে আজিলৈকে নতুন এখন দলং নিৰ্মাণৰ ব্যৱস্থা নকৰিলে।

তদানীন্তন অগপ চৰকাৰৰ আমোলত কালভাৰ্ট নিৰ্মাণ কৰি যাতায়াতৰ ব্যৱস্থা কৰি দিয়ে যদিও কাম অতি নিম্নমানৰ হোৱা বাবে নিৰ্মাণৰ ২~৩ মাহৰ ভিতৰত পুনৰ বানপানীত সেয়া নিশ্চিহ্ন হৈ যায়।

ফলত ৰাইজে নিজা উদ্যোগত শ্ৰমদান আৰু গাঁঠিৰ ধন ভাঙি এখন বাঁহৰ দলং নিৰ্মাণ কৰি বিগত ৩১ বছৰে যাতায়াত কৰি আহিছে। পৰিৱৰ্তনৰ শ্ল'গানেৰে ক্ষমতা দখল কৰা বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ সু-দৃষ্টি এই দলংখনত পৰিব বুলি আশাৰে বাট চাই ৰৈছে স্থানীয় ৰাইজে ।