নাৰায়ণপুৰঃ ৰূপক লৈ অলেখ চৰ্চা৷ নিজকে ৰূপৱতী-ৰূপহী কৰি ৰাখিবলৈ কি পিন্ধিব তাক লৈ মানুহৰ দশক দশক ধৰি ব্যাপক চৰ্চা হৈ আহিছে৷ গুণ আৰু ৰূপৰ অনেক চৰ্চাৰ মাজত মানুহে নিজৰ আকৰ্ষণ বঢ়াবৰ বাবে আকৰ্ষণীয় ডিজাইনৰ বেশ-ভূষা কৰা দেখা যায়৷

সৌন্দৰ্যই কিঞ্চিত হলেও মানুহক আকৰ্ষণীয় আৰু জনপ্ৰিয়তা বৃদ্ধি কৰে৷ বেশ-ভূষাই আকৰ্ষণীয় ৰূপত নিজকে প্ৰকাশ কৰে বুলি এক ধাৰণা এচা অতীজৰে পৰা আছে৷ ভাৰতীয় তথা অসমৰ পৰম্পৰা নিহিত হৈ থকা বস্ত্ৰ, আ-অলংকাৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে৷

অসমৰ পৰম্পৰা নিহিত হৈ থকা বাঁহ-বেতৰ চোফা, টেবুল, চকী, বেঞ্চ, আ-অলংকাৰ সাজি জনপ্ৰিয় হৈ পৰিছে লখিমপুৰ জিলাৰ ধলপুৰস্থিত বাঁহ-বেটৰ উদ্যোগ অভিনৱ বাঁহৰ সংমিশ্ৰণ মেচমেৰাইজিং বেম্ব’ ফিইজন৷ নাৰীৰ গহনা, আ-অলংকাৰ সাজি সমাদৰ লাভ কৰা প্ৰতিষ্ঠানটোৱে দেওবাৰে কলা-কুশলি সন্মিলন অনুষ্ঠিত কৰে৷ অনুষ্ঠানতে প্ৰতিষ্ঠানটোৰ ৱেবচাইট মুকলি কৰা হয়৷ ৱেবচাইটটো মুকলি কৰে বিহপুৰীয়া বিধান সভা সমষ্টিৰ বিধায়ক দেৱানন্দ হাজৰিকাই৷

প্ৰতিষ্ঠানটোৰ সম্পাদক ভাইটি শৰ্মাই আঁত ধৰা কলা-কুশলী সন্মিলনত সভাপতিত্ব কৰে সমাজকৰ্মী ভীম শেখৰ বনীয়াই৷ স্থানীয় পুৰুষ মহিলাসকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে প্ৰতিষ্ঠা কৰা উদ্যোগটোত বৰ্তমান প্ৰায় ৪০ গৰাকী মহিলা আৰু ১০ গৰাকী পুৰুষ জড়িত হৈ আছে৷

বাঁহ-বেতৰ চোফা, টেবুল, চকী, বেঞ্চৰ লগতে বিভিন্ন আচবাব বিভিন্ন প্ৰকাৰৰ গহনা তৈয়াৰ কৰা উদ্যোগটোৱে দেশৰ বিভিন্ন ঠাইৰ প্ৰদৰ্শনী, বাণিজ্য মেলাত অংশ গ্ৰহণ কৰি প্ৰশংসা লাভ কৰিছে৷ উদ্যোগটোৰ সামগ্ৰী দিল্লী, কেৰালা, উৰিশ্যা, মুম্বাই, চণ্ডিগড়, হাৰিয়ানা আদিত অনুষ্ঠিত বাণিজ্যমেলাত অংশ লৈ সমাদৰ লাভ কৰাৰ উপৰিও অনলাইন যোগেও বজাৰ দখল কৰিবলৈ সক্ষম হৈছে৷

তদুপৰি দিল্লীত অনুষ্ঠিত নৰ্থ ইষ্ট ফেশ্বন শ্বত মিচেচ ইণ্ডিয়া কৃতী দাসকে ধৰি বহুকেইগৰাকী প্ৰতিযোগীয়ে উদ্যোগটোৰ গহনা পৰিধান কৰি প্ৰশংসা লাভ কৰিছে৷ বৰ্তমান www.bamboofashionmart.com ৱেবচাইটৰ জৰিয়তে গ্ৰাহকসকলে অতি সহজে অভিনৱ বাঁহৰ সংমিশ্ৰণৰ সামগ্ৰী ক্ৰয় কৰিব পাৰিব। দেওবাৰে অনুষ্ঠিত হোৱা সভাত স্থানীয় বিধায়ক দেৱানন্দ হাজৰিকাই মুখ্য অতিথি হিচাবে উপস্থিত থাকি উদ্যোগটোৰ কাম কাজ প্ৰশংসা কৰাৰ লগতে চৰকাৰীভাৱে অনুদান আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে৷

সভাত উদ্যোগটোৰ সঞ্চালক ড০ নৱজ্যোতি তালুকদাৰ আৰু ড০ এলিনা তালুকদাৰ, স্বাস্থ্য কৰ্মী গোপাল বনিয়া, প্ৰৱক্তা সুকুমাৰ বনিয়াকে ধৰি গণ্য-মান্য লোক, কলা-কুশলী, স্থানীয় ৰাইজ উপস্থিত থাকে।