কোকৰাঝাৰঃ পৃথক বড়োলেণ্ড ৰাজ্য গঠন অাৰু বিটিএডিৰ বাহিৰত বসৱাস কৰা বড়োসকলৰ ৰাজনৈতিক অধিকাৰ দাবীত এবছু , এনডিএফবি (প্ৰ) অাৰু পিজেএচিবিএমৰ যৌথ উদ্যোগত অাজিৰে পৰা কোকৰাঝাৰত আৰম্ভ হৈছে অামৰণ গণ অনশন । কোকৰাঝাৰ সদৰ চহৰৰ ভাৰতীয় খাদ্য নিগমৰ গুদামৰ কাষতে অাৰম্ভ হোৱা অামৰণ গণ অনশন কাৰ্যসূচীত কেবা সহস্ৰাসিক লোক অংশগ্ৰহন কৰে ।

অামৰণ গণ অনশন কাৰ্যসূচীত এবছুৰ সভাপতি প্ৰমোদ বড়োই অংশগ্ৰহন কৰি বড়োলেণ্ড সমস্যা সমাাধাানৰ ক্ষেত্ৰত চৰকাৰৰ দেখুওৱা মনোভাৱৰ বাবেই এবছুৱে অামৰণ অনশন কাৰ্যসূচী হাতত লবলৈ বাধ্য হৈছে বুলি সদৰি কৰিছে । অামৰণ অনশনত ভাগ লোৱা কেবা সহস্ৰাধিক অনশনকাৰীক উদ্দেশ্যি নিজ ভাষণত প্ৰমোদ বড়োই কয়  যে পৃথক বড়োলেণ্ড গঠনৰ দাবীকে ধৰি অান কেৱাটাও দাবীৰ সমৰ্থনত এবছুৱে নিৰবচ্ছিন্নভাৱে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে অান্দোলন সম্পন্ন কৰি অাহিছে যদিও চৰকাৰে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই , বৰঞ্চ মানব অধিকাৰ , সাংবিধানিক অধিকাৰৰ ওপৰেদি বুলডজাৰ হে চলাইছে ।

সংসদৰ অধিবেশনৰ পৃৰ্বেই ত্ৰিপাক্ষিক অালোচনা অনুষ্ঠিত কৰা হব বুলি  অান্দোলনকাৰী নেতৃবৃন্দক প্ৰতিশ্ৰুতি দিছিল যদিও চৰকাৰে সেয়াও পুৰণ নকৰিলে বুলি মন্তব্যৰে প্ৰমোদ বড়োই চৰকাৰৰ অাওকণীয়া মনোভাৱক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে । বড়োলেণ্ড বিনে গতি নাই অাৰু বড়োলেণ্ড গঠনৰ পূৰ্বে অান সুকীয়া ৰাজ্য গঠন কৰিলে ভাৰতৰে সতে উত্তৰ পূৰ্বাঞ্চলৰ শান্তিৰ যাতায়ত চিৰদিনৰ বাবে বন্ধ হৈ যাব বুলি হুংকাৰ প্ৰদান কৰি এবছুৰ সভাপতি প্ৰমোদ বড়োই অতি শীঘ্ৰে পৃথক বড়োলেণ্ড গঠন কৰিবলৈ দাবী উত্থাপন কৰিছে ।

শুকুৰবাৰৰপৰা অাৰম্ভ হোৱা অামৰণ অনশন কাৰ্যসূচীত এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰী , এনডিএফবি(প্ৰ)ৰ সভাপতি ধীৰেন বড়ো , এনডিএফবি ৰঞ্জন গোটৰ নেতা এন.দানশ্ৰাং , পিজেএচিবিএমৰ নেতা ৰাকেশ বড়ো , বিটিচিৰ নিৰ্বাচিত সদস্য জিৰণ বসুমতাৰী আদিকে ধৰি বহু নেতাই অংশগ্ৰহণ কৰাৰ লগতে অামৰণ অনশনথলীত কেবা সহস্ৰাধিক অনশনকাৰীয়ে অংশগ্ৰহন কৰি বিভিন্ন শ্লোগানো দিয়ে ।