ডিফুঃ উৰুকাৰ নিশা গুৱাহাটী মহানগৰীত ইন'ভাৰ খুন্দাত প্ৰাণ হেৰুওঁৱা কাৰ্বি আংলঙৰ ডিফুৰ যুৱক ভূপিন্দৰ সিঙৰ মৃতদেহ সোমবাৰে এখন এম্বুলেন্স যোগে জন্ম চহৰ ডিফুত আহি পোৱাৰ লগে লগে চহৰ খনত শোকাকুল পৰিৱেশে বিৰাজ কৰে।

মৃতদেহ জন্মস্থান পোৱাৰ পিছতে পৰিয়ালৰ সদস্যৰ লগতে গুণমুগ্ধই শোকত ভাগি পৰে৷ ডিফুৰ এএছইবি কলনিৰ মাঞ্জাৰ নিবাসী প্ৰয়াত শৈলেন্দ্ৰ সিঙৰ একমাত্ৰ পুত্ৰ অমায়িক ভূপিন্দৰ সিঙে গুৱাহাটীৰ বেলতলাত নাগামিজ ৰেষ্টুৰেণ্টত দীৰ্ঘ দিনৰ পৰা মেনেজাৰ হিচাপে কাম কৰি আছিল৷ যোৱা ১৩ জানুৱাৰী তথা উৰুকাৰ নিশা বেলতলা স্থিত ভিনিহিয়েকৰ ঘৰৰ পৰা ভোজ-ভাত খাই উভতি অহাৰ পথত প্ৰায় ১২-৩০ বজাত জয়ানগৰ চাৰিআলিত এখন ট্ৰাক আৰু ইন'ভা চালকৰ মাজত পাৰ্কিঙক লৈ বাক-বিতণ্ডতা চলি থকা প্ৰত্যক্ষ কৰি ভূপিন্দৰ সিঙে ঘটনাটোত হস্তক্ষেপ কৰে।

ইন'ভাৰ চালকক কিছু পিছুৱাই যাবলৈ কোৱাৰ লগে ইন'ভাখন তীব্ৰবেগে পিছুৱাই যায়৷ ইন’ভাৰ ভিতৰত থকা এগৰাকী যুৱতীয়ে "ইয়াক উৰুৱাই দিব লাগে৷" বুলি কোৱাৰ লগে লগে সুৰামত্ত যুৱকজনে ভূপেন্দৰ সিঙক ইন'ভাখনেৰে মহটিয়াই প্ৰায় ৫০ মিটাৰ দূৰলৈ চোঁচৰাই নি ডিভাইডৰত খুন্দা মাৰে আৰু মূমূৰ্ষ অৱস্থাত ভূপেন্দৰত পেলাই সুৰামত্ত যুৱক-যুৱতী পলায়ণ কৰে৷

প্ৰত্যক্ষদৰ্শীৰ একাংশই ইন'ভাখনৰ পিছে পিছে অনুসৰণ কৰে যদিও ধৰিবলৈ সক্ষম নহ’ল৷ আনহাতে মূমূৰ্ষ অৱস্থাত ভূপিন্দৰ সিঙক এজাইল হাস্পাতালত ভৰ্তি কৰা হয় যদিও ভূপিন্দৰক উন্নত চিকিৎসাৰ বাবে জিএন আৰচিলৈ প্ৰেৰণ কৰা হয়৷ চিকিৎসকে ভূপিন্দ্ৰ সিঙৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে৷ পৰিয়ালৰ লোকে বশিষ্ট থানাত ইন'ভাখনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে ৩৬ ঘণ্টা উকলি যোৱাৰ পিছতো ঘটনা সংঘটিত কৰা সুৰামত্ত যুৱক-যুৱতীহালক কৰায়ত্ব আৰু ইন'ভাখনৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই৷

মৰণোত্তৰ পৰীক্ষাৰ অন্তত সোমবাৰে ডিফুৰ বাসগৃহত ভূপিন্দৰৰ নশ্বৰ দেহ আহি পোৱাৰ লগে লগে ভূপিন্দৰৰ বাসগৃহত আত্মীয় আৰু গুণমূগ্ধৰ সোঁত বয়৷ ভূপিন্দৰৰ মাতৃৰ হিয়া ভঙা কান্দোনে সকলোকে কন্দুৱাই৷ ইফালে ভূপিন্দৰ সিঙৰ পৰিয়ালে উক্ত ঘটনাক হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰে৷

আনহাতে ডিফু শিখ সংঘৰ সভাপতি ৰাজবীৰ সিঙে ঘটনাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি গুৱাহাটীৰ দৰে মহানগৰীত এনে লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত কৰি অপৰাধী সহজতে পলাই সাৰিবলৈ সক্ষম হোৱা আৰু এতিয়ালৈকা অপৰাধ সংঘটিত কৰা বাহন আৰু অপৰাধীক আৰক্ষীয়ে আটক কৰিব নোৱাৰাটো গুৱাহাটী মহানগৰীৰ নিৰাপত্তা ব্যৱস্থাৰ স্বৰূপ উদঙাই দিছে বুলি কয়৷ ৰাজবীৰ সিঙে শীঘ্ৰে অপৰাধীক কৰায়ত্ব কৰি দৃষ্টান্ত মূলক শাস্তি বিহাৰ দাবী জনায়৷