ডিজিটেল ডেস্কঃ পাহাৰত খুন্দা মাৰিলে বিমানে৷ দক্ষিণ ইৰাণত সংঘটিত এই ঘটনাৰ ফলত ৬৬গৰাকী লোকৰ মৃত্যু হয়৷ কুঁৱলিৰ বাবে দুৰ্ঘটনাটো সংঘটিত হয়৷ জানিব পৰা মতে, ইৰাণৰ ৰাজধানী তেহৰাণৰ পৰা ৭৮০ কিঃ মিঃ নিলগৰ ইয়াচুজলৈ উৰা মৰাৰ পিছতেই বিমান খনে পাহাৰত খুন্দা মাৰে আৰু ৬৬গৰাকী লোক নিহত হয়৷

এছমান এয়াৰলাইনৰ বিমান খনে গন্তব্য স্থান পোৱাৰ পূৰ্বেই দুৰ্ঘটনাত পতিত হয়৷ ATR-72 নম্বৰৰ বিমান খনত শিশু, মহিলা আৰু কৰ্মী সহ ৬৬গৰাকী লোক আছিল৷ এছমান এয়াৰলাইন মুখপাত্ৰ মহম্মদ তাঘি তাবাতবাই ৪৪০ উচ্চতাৰ পাহাৰত বিমানখন ভাঙি পৰা বুলি কয়৷ যাৰ ফলত উদ্ধৰ অভিযান চলোৱাত বিপদত পৰিছে৷ তেহৰাণৰ একাংশ সংবাদ মাধ্যমত এই বাতৰি সম্প্ৰচাৰ হয়৷