ডিজিটেল ডেস্কঃ ‘কাশ্মীৰৰ ফুটবলাৰে খেল পথাৰ এৰি ক্ষোভিত হ’বলৈ বাধ্য হৈছে’৷ এই খিনি কথা লিখি ছচিয়েল মিডিয়াত এখন ফটো আপলোড কৰিছিল কোনো লোকে৷ ফটো আপলোড কৰাৰ পিছতে সমগ্ৰ দেশতে ভাইৰেল হৈ পৰে ফটো খন৷ হাজাৰ হাজাৰ লোকে কমেন্ট দিয়ে৷ জাতি, ধৰ্মক লৈ নানা লোকে অভব্য, অশ্ৰাব্য কথা লিখে৷ যাক বৰ্ণনা কৰিব নোৱাৰি৷ ফটো খন আছিল কাশ্মীৰৰ আফছানা নামৰ যুৱতীগৰাকীৰ৷ স্কুলৰ ইউনিফৰ্ম পিন্ধি থকা যুৱতীগৰাকীয়ে সেনাৰ লোকক শিল দলিয়াই আছিল৷

কাশ্মীৰৰ কন্যাই সেনা বাহিনীৰ গালৈ শিল দলিওৱা এখন প্ৰতিচ্ছবিয়ে দেশ তোলপাৰ লগাইছিল৷ ভাইৰেল হৈ পৰিছিল উক্ত ছবিখন৷ যুৱতীগৰাকীৰ নাম আছিল আফছান আছিক৷ আফছান এগৰাকী প্ৰতিভাৱান ফুটবল খেলুৱৈই৷ পুৰুষ শাসিত কাশ্মীৰৰ কম বয়সৰ আফছান এতিয়া কাশ্মীৰিৰ হাৰ্টথ্ৰৱ গাৰ্ল৷ কিয়নো আফছানা উভতি আহিছে ফুটবলৰ পৃথিৱীলৈ৷

কাশ্মীৰৰ মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে কাশ্মীৰৰ ফুটবল দলৰ দায়িত্ব দিয়ে আফছানাক৷ বৰ্তমান তেও কাশ্মীৰৰ মহিলা ফুটবৰ দলৰ অধিনায়ক তথা গ’লকিপাৰ৷ কাশ্মীৰৰ এটি পৰিচিত নাম আফছানা৷ ভাৰতীয় মহিলা ফুটবল লিগতো অংশ লয় তেওৰ নেতৃত্বৰ দলটোৱে৷ আফছানাই মোম্বাই ক্লাৱৰ হৈও মেচ খেলিছে৷ বলিউডত এখন বায়পিকো নিৰ্মাণ কৰা হ’ব৷

আনহাতে সোমাবৰে দেশৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙে সাক্ষাৎ কৰে কেপ্তেইন আফছানা সহ ফুটবল দলটোৰ খেলুৱৈই সকলক৷ খেলুৱৈই সকলে কাশ্মীৰত এটি স্পৰ্টছ এথিৰিটি নিৰ্মাণ কৰিবৰ বাবে আহ্বান জনায় গৃহমন্ত্ৰী ৰাজনাথক৷ timesofindia-এ প্ৰকাশ কৰা মতে যুৱতীসকলে সংবাদ মাধ্যমক কয় "আমি কোৱা কথাবোৰ তেও ধৈৰ্য ধৰি শুনিছে৷ আমাৰ বৰ ভাল লাগিছে৷

আমি জম্মু কাশ্মীৰৰ খেলৰ আৰু উন্নয়ণ বিছাৰিছো৷ আমাৰ সন্মুখৰ পৰাই মুখ্যমন্ত্ৰীক ফোন কৰে৷ আমি শ্ৰীনগৰলৈ উভতি যোৱাৰ পিছত মুখ্যমন্ত্ৰী সাক্ষাৎ কৰিম৷" এদিন যে তেওঁ সেনাৰ গালৈ শিল দলিয়াইছিল সেই কথাক কোনো অনুশোচনা নাই আফছানাৰ৷ এগৰাকী আৰক্ষীয়ে বেয়া ব্যৱহাৰ কৰাৰ বাবেহে শিল দলিওৱা বুলি কয় তেও৷ এতিয়া মই ফুটবৰল ওপৰত গুৰুত্ব দিম৷ নিজৰ ৰাজ্যক গৰ্বিত কৰিম বুলি কয় আফছানাই৷