ডিজিটেল ডেস্কঃ সুদীৰ্ঘ ২৫ বছৰৰ মূৰকত পুনৰ একেলগ হৈছে ৰূপালী পর্দাৰ অন্যতম সফল যুটি অনিল কাপুৰ আৰু মাধুৰী দীক্ষিত। ধামাল চিৰিজৰ তৃতীয়খন বোলছবিৰ কাৰণে এই লখন-ৰাধা খ্যাত ৰোমেন্তিক যুটিক লোৱাৰ কথা চিন্তা চৰ্চা কৰিছে চিত্রনির্মাতা ইন্দ্র কুমাৰে।

ইয়াৰ পূৰ্বে, অনিল-মাধুৰীক লৈ বলিউডত বেটা, দিল, ৰাজাৰ দৰে চুপাৰহিট ফিল্ম উপহাৰ দিছে ইন্দ্র কুমাৰে। ধামাল চিৰিজৰ পৰৱৰ্তী বোলছবি টোটেল ধামালৰ বাবে মাধুৰীক চাইছে। নির্মাতা ইন্দ্র কুমাৰে মাধুৰীৰ বিপৰীতে লব বিচাৰিছে সকলোতকৈ সফল যুটিৰ নায়ক অনিল কাপুৰক। ‘তেজাব’, ‘ৰাম-লখন’, ‘পুকাৰে’ আদিৰ দৰে কেইবাখনো হিট ফিল্মত যুটি আছিল এওঁলোক।

বিশেষ সুত্ৰ মতে, ‘দুমাহমান আগেয়ে ইন্দ্র আৰু মাধুৰীৰ ধামাল বোলছবি সম্পৰ্কে কথা বতৰা হৈছে। কথাবার্তা প্রায় শেষ পর্যায়ে পাইছে, সম্ভবতঃ মাধুৰীয়ে ছবি খনৰ বাবে সন্মতিয়ো দিছে৷ এই কমেডি ফিল্মখনত অনিল আৰু মাধুৰীৰ ৰোমান্স দেখা পোৱা যাব।' মাধুৰীয়ে বোলছবি খনৰ বাবে চহী কৰিলে ২৫ বছৰ পিছত পুনৰ অনস্ক্রিন ৰোমান্স কৰা দেখা যাব এই যুটিক। উল্লেখ্য যে, ২০১৪ ৰ গুলাব গেঙৰ পিছত কোনো বোলছবিত দেখা হোৱা নাছিল এই জনপ্রিয় অভিনেত্রী গৰাকীক৷