ডিজিটেল ডেস্কঃ মৃত্যুৰ পিছত অৰ্থ অৰ্থহীন। কিন্তু মৃত্যু হোৱা মানুহজনৰ উপাৰ্জন যেতিয়া চকুত লগা হয় তেতিয়া চৰ্চা হ'বই। হয়, আপুনি শুনিছেনে মৃত্যু হোৱা লোকৰ কোটি টকা উপাৰ্জন হোৱাৰ কথা৷ আমাৰ দেশত মৃত স্বামীৰ পেঞ্চনৰ টকা কেইটাই পত্নীয়ে পাবলৈ টান৷ তেনে স্থলত কাৰোবাৰ কোটি টকা আয়৷ অৱশ্যে কোনো সাধাৰণ ব্যক্তিৰ নহয় মৃত চেলিব্ৰিটিৰ হে বাৰ্ষিক আয় কোটিৰ ঘৰত৷ 

‘মুন-ৱাক’ যেতিয়া থমকি ৰৈছিল, তেতিয়াও তেওঁ আছিল 'Most beloved person in the world' অৰ্থাৎ মৃত্যুৰ পিছতো আছিল বিশ্বৰ মানুহৰ সকলোতকৈ প্ৰিয় ব্যক্তি৷ মৃত্যুৰ আঠ বছৰ পিছতো তেও জনপ্ৰিয়। ব্যক্তিজনৰ আন কোনো নহয়। তেও হ'ল কিং অৱ পপ মাইকেল জেকচন। মৃত্যুৰ আঠ বছৰ পিছতো এতিয়াও কেৱল সকলোৰে প্ৰিয় ব্যক্তিয়েই নহয়, মৃত চেলিব্ৰিটি সকলৰ ভিতৰত সকলোতকৈ আয় কৰা ব্যক্তিৰ শীর্ষত জেকচন৷

সম্প্রতি ফর্বচে আলোচনীয়ে প্ৰকাশ কৰা এখন তালিকা মতে মৃত চেলিব্ৰিটি মাইকেলৰ বৰ্তমানেও উপাৰ্জন কোটি কোটি ডলাৰ। মাইকেল জেকচনৰ বার্ষিক আয় বর্তমানে ৭.৫ কোটি মার্কিন ডলাৰ। জেকচনৰ বাহিৰে সকলোতকৈ বেছি আয়ৰ মৃত চেলিব্ৰিটি ভিতৰত প্রথম পাঁচ জন হৈছে এলভিচ প্রেচলি, বব মার্লে, গল্ফ লেজেণ্ড আর্নল্ড পামেৰ। মৃত্যুৰ পিছতো বার্ষিক ৪ কোটি মার্কিন ডলাৰ উপাৰ্জন কৰি দ্বিতীয় স্থানেত আর্নল্ড। চতুর্থ স্থানত এলভিচ, উপাৰ্জন ৩.৫ কোটি মার্কিন ডলাৰ। তাৰ পিছত আছে বব মার্লে, বার্ষিক আয় ২.৩ কোটি মার্কিন ডলাৰ।