নলবাৰীঃ ২৪ ঘন্টা পূৰ্বে ধুবুৰী জিলাৰ গদাধৰ নৈত ধুবুৰী আৰক্ষীয়ে এটিএম উদ্ধাৰৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ নৈত উদ্ধাৰ হ’ল নলবাৰী জিলাত৷ এটি অম চোৰৰ ভাষ্য মতে গৌৰীপুৰৰ তাৰঘাট দলংৰ তলত গদাধৰ নৈত আৰক্ষী এছ ডি আৰ এফ আৰু এনডিআৰ এফৰ দলে স্থানীয় ৰাইজৰ সহযোগত নৈৰ বুকুৰ পৰা এটি এম উদ্ধাৰ কৰিছিল৷

একে কেইটা চোৰৰ ভাষ্যৰ পিছতে শুকুৰবাৰে নলবাৰীৰ বৰমুৰিকোনাত পাগলাদিয়া নৈত ধবুৰী আৰক্ষীয়ে উদ্ধাৰ কৰে আন এটি এটিএম। ধুবুৰী আৰু নলবাৰী আৰক্ষীয়ে এছ ডি আৰ এফ ৰ সহযোগত অভিযান চলাই পৰিত্যক্ত এটিএমটো উদ্ধাৰ কৰে।

যোৱা ২ ডিচেম্বৰত ধুবুৰীৰ কলেজ নগৰত এলাহাবাদ বেংকৰ এটা এ টি এম চোৰ কৰিছিল দূৰ্বৃত্তই।ইতিমধ্যে ধুবুৰী আৰক্ষীয়ে এ টি এম চুৰি ঘটনাৰ সৈতে জৰিত এটি দহ জনীয়া চোৰৰ গেং গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

চোৰ কেইটাৰ ভিতৰত হাজোৰ কাদেৰ আলি নামৰ এ টি এম চোৰটোৱে দিয়া স্বীকাৰোক্তিৰ ভিত্তিত শুকুৰবাৰে ধুবুৰী আৰক্ষীয়ে নলবাৰী আৰক্ষীৰ সহযোগত এছ ডি আৰ এফৰ দ্বাৰা পৰিতক্ত এটিএম এটা পাগলদিয়া নৈৰ বুকুৰ পৰা উদ্ধাৰ কৰে।

ধুবুৰীত চুৰি হোৱা এ টি এম নলবাৰীৰ পাগলদিয়া নৈত উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইপিনে,এই চুৰি কাণ্ডৰ লগত জৰিত চোৰৰ গেংটোৰ আৰু বহু সদস্য আৰক্ষীৰ জালত পৰে ইতিমধ্যে৷ সমগ্ৰ ৰাজ্যজুৰি এই গেংটোৱে এটিএম চুৰি কৰি আহিছিল৷