আজাৰাঃ ৰাজ্য খনৰ একমাত্ৰ আঞ্চলিক দল অসম গণ পৰিষদে দেওবাৰে কেন্দ্ৰীয় ভাবে নলবাৰীৰ বৰক্ষেত্ৰীত শ্বহীদ দিৱস পালন কৰাৰ লগতে জিলা সমিতি আৰু আঞ্চলিক সমিতি সমূহে বিভিন্ন ঠাইত শ্বহীদ দিৱস পালন কৰে৷

বৰক্ষেত্ৰীৰ ঐতিহ্যমণ্ডিত মুণবড়িৰ ৰামপুৰত অগপৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত তথা বৰক্ষেত্ৰী আঞ্চলিক সমিতিৰ সহযোগত দলটোৱে কেন্দ্ৰীয় ভাৱে শ্বহীদ দিৱস পালন কৰি অসম আন্দোলনৰ শ্বহীদক স্মৰণ কৰে। আনহাতে কামৰূপ জিলাতো দলটোৱে শ্বহীদ দিৱস পালন কৰে৷

পশ্চিম গুৱাহাটী সমষ্টিৰ কাঁহিকুছি শ্যামভূমি হাইস্কুল খেলপথাৰত অগপৰ পশ্চিম গুৱাহাটী সমষ্টি সমিতিৰ উদ্যোগত শ্বহীদ দিৱস পালন কৰা হয়। কেইবাশতাধিক ৰাইজৰ উপস্থিতিত পুৱাই শ্বহীদ বেদীত মাল্যৰ্পণ, পুষ্পাঞ্জলি অৰ্পণ কৰি শ্বহীদক শ্ৰদ্ধা যাচে৷

পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়কৰমেন্দ্ৰ নাৰায়ণ কলিতাই কাৰ্সূচীত উপস্থিত থাকি অসমৰ স্বাৰ্থ ৰক্ষাৰ্থে প্ৰাণ বলি দিয়া তেজাল ডেকাক শ্ৰদ্ধা নিবেদন কৰি শ্বহীদৰ ত্যাগ অথলে যাব নিদি জাতিক সংকট কালৰ পৰা উদ্ধাৰ কৰিবলৈ সাজু হৈ থাকিবলৈ আহ্বান জনায়৷ শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত গঠন হোৱা অগপৰ সকলো নেতা-কৰ্মীক অসম আৰু অসমীয়াৰ স্বাৰ্থত কাম কৰিব যাবলৈ আহ্বান জনায় বিধায়ক কলিতাই৷