লক্ষ্নৌঃ উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰে এখনৰ পাছত আনখন চহৰৰ নাম সলনি কৰি শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে। 

এলাহাবাদক প্ৰয়াগৰাজ আৰু ফাইজাবাদত অযোধ্যা কৰাৰ পাছত এইবাৰ আগ্ৰাৰ নাম সলনিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আগ্ৰাৰ নাম সলনি কৰি 'অগ্ৰৱান’ বা 'অগ্ৰৱাল’ ৰখাৰ দাবী উত্থাপন কৰে বি জে পিৰ জগন প্ৰসাদ গাৰ্গে। 

তেওঁৰ মতে, আগ্ৰা নামৰ কোনো অৰ্থ নাই, বনাঞ্চলীয় এলেকাত পূৰ্বতে বাস কৰিছিল অগ্ৰৱাল সম্প্ৰদায়ে। সেয়ে আগ্ৰাৰ নাম অগ্ৰৱাল বা আগ্ৰাৱান ৰখাতো উচত বুলি নেতাজনে মন্তব্য কৰে৷ আনহাতে আন এজন বি জে পিৰ নেতাই সাধাৰণ ৰাইজে মুজাফৰনগৰৰ নাম সলনি কৰি লক্ষ্মীনগৰ ৰাখিবলৈ ইচ্ছা প্ৰকাশ কৰিছে বুলি ব্যক্ত কৰে৷ 

মুছলমান মূলৰ নামৰ সলনি কৰি হিন্দু নাম ৰাখাৰ এক প্ৰৱণতাই সমগ্ৰ দেশতে গা কৰি উঠা দেখা গৈছে। এই সন্দৰ্ভত মতভেদৰ সৃষ্টি হৈছে দলসমূহৰ মাজত৷ চলিত বৰ্ষত আগ্ৰা, কানপুৰ আৰু বৰেলীৰ বিমান বন্দৰসমূহৰো নতুন নামাকৰণ কৰিবলৈ আবেদন জনাইছে একাংশই৷